ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Sep 6, 2020, 9:24 AM IST

9 বজাৰ শীৰ্ষ দহটা খবৰ

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ দহটা খবৰ

জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই একাঠু বোকাত চাৰিচকীয়া বাহন

শনিবাৰে মহানগৰীৰ জালুকবাৰীত সংঘটিত হ'ল এক দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন চাৰিচকীয়া সৰু বাহন ৷ জানিব পৰা মতে, বাহনৰ গৰাকীয়ে সন্মূখৰে পাৰ হৈ যোৱা এখন মটৰ চাইকেলক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে গৈ বোকাময় এটা খাৱৈত ।

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা হোৱা নাই কোনো তান্ত্ৰিক । এই বিষয়ে স্পষ্ট কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ অইল ইণ্ডিয়াৰ বিভাগীয় ফেচবুক পেজযোগে এই বিষয়ে সদৰি কৰে কৰ্তৃপক্ষই ৷

লক্ডাউন প্ৰত্যাহাৰৰ প্ৰথম দিনটোতেই বিনা মাস্কেৰে বাহিৰলৈ ওলাল একাংশ মহানগৰবাসী

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল গুৱাহাটী মহানগৰী ৷ COVID-19 অতিমাৰীৰ প্ৰকোপত প্ৰায় পাঁচমাহে স্তব্ধ হৈ ৰোৱা মহানগৰবাসীয়ে শনিবাৰৰ দিনটোত ঘূৰাই পালে আগৰ স্বাভাৱিক অৱস্থা ৷ ৰাজ্য চৰকাৰে সাপ্তাহিক লক্ডাউন আৰু নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত সম্পূৰ্ণ শিথিলতা গ্ৰহণৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক জনসমাগম পৰিলক্ষিত হ’ল ৷

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলালে ছাত্ৰ মুক্তিয়ে

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাৰ বেলতলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে বিতৰণ কৰিলে প্ৰচাৰ পত্ৰিকা । বেলতলীৰ বিভিন্ন দোকান-পোহাৰ, বাইক আৰোহী মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবীৰে সৰ্বস্তৰৰ জনতাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জনালে আহ্বান ।

বিটিআৰ চুক্তিৰ আধাৰত মুকলি হ'ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়

নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শনিবাৰে বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়। এবছুৰ উপ সভাপতি জয়ন্ত বসুমতাৰীয়ে কয় যে, বিটিআৰ চুক্তিৰ প্ৰথম টো ৬.৪ নং দফাৰ বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় আজি মুকলি কৰাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ কৰাৰ লক্ষ্যৰে দৰঙত অজিত কুমাৰ ভূঞা

দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে শনিবাৰে জিলাখনৰ ছিপাঝাৰত সদল বলে উপস্থিত হয় প্ৰবীন সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা । জাতীয়তাবাদৰ অন্যতম বৰঘৰ সদৃশ ছিপাঝাৰত উপস্থিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই দুখনকৈ ক্ষুদ্র জনজাগৰণ সভাত মিলিত হয় ।

যুৱতীক ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ'ল ৰাজপথৰ কাষত

সভ্য সমাজক লজ্জানত কৰি সংঘটিত হোৱা ধৰ্ষণৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজি আছে হোজাইৰ এগৰাকী যুৱতীয়ে ৷ হোজাই জিলাৰ যমুনামুখৰ সৰুপথাৰত এই ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ খবৰ অনুসৰি 2 চেপ্তেম্বৰত ডবকাৰ ভেলৌগুৰীত যুৱতীগৰাকীক এটি নিৰ্জন ঘৰত হাত ভৰি বান্ধি ধৰ্ষণ কৰি নিৰ্মমভৱে প্ৰহাৰ কৰি মাজ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় ৷ দলবদ্ধ ধৰ্ষণৰ বলি হৈ বৰ্তমান মৃত্যুৰে যুঁজি আছে যুৱতী গৰাকীয়ে ৷

ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

ৰাজ্যত পুনৰ গঠন হ’বলৈ গৈ আছে আন এটা নতুন ৰাজনৈতিক দল । ইতিমধ্যে গ্ৰহণ কৰা হৈছে প্ৰস্তুতি ৷ কেৱল আহোম সকলক লৈ গঠন হ’ব এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো । শাসনাধিষ্ঠিত বিজেপি দলক আগন্তুক 2021 নিৰ্বাচনত উৎখাত কৰাৰ স্বাৰ্থত ৰাজ্যত বিকল্প নতুন ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ সময়তে কেৱল আহোম সকলক লৈ গঠন হ’ব এক সুকীয়া ৰাজনৈতিক দল ।

ৰাজ্যৰ পাঁচটা স্থানত স্থাপন কৰা হ’ব মিনি আৰু মেগা ফুড পাৰ্ক

উদ্যোগনগৰী পলাশবাৰীত উদ্যোগ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলীৰ । ভাৰত চৰকাৰৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী কৃষাণ সম্পদ যোজনাৰ অধীনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো এই যোজনাৰ অধীনত মেগা ফুড পাৰ্ক আৰু মিনি ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা হাতত লৈছে মন্ত্ৰালয়ৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

’21 ত কোনেও প্ৰতিহত কৰিব নোৱাৰে বিজেপিক : ৰামেশ্বৰ তেলী

নলবাৰী জিলাৰ কেন্দুকুছিৰ 'বালাজী ফুড প্ৰডাক্ট'ৰ উদ্যোগ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী ৰামেশ্বৰ তেলী । এই উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰী তেলীয়ে কয় যে, অহা বিধান সভা নিৰ্বাচনত অসমত বিজেপিয়ে পুনৰাই চৰকাৰ গঠন কৰিব । বিজেপিক কোনো দলেই প্ৰতিহত কৰিব নোৱাৰে ।

লগতে পঢ়ক : বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.