ETV Bharat / state

পুৱা 9 বজাৰ 10 টা ৰ্শীষ বাতৰি - TOP 10 @ 9AM

পুৱা 9 বজাৰ 10 টা ৰ্শীষ বাতৰি

TOP 10 @ 9AM
পুৱা 9 বজাৰ 10 টা ৰ্শীষ বাতৰি
author img

By

Published : Jul 28, 2020, 9:10 AM IST

ৰাজ্যত 33576 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1348 গৰাকী লোকক ক’ভিড পজিটিভ পোৱা যায় ৷ আক্ৰান্ত ৰোগীসকলৰ 155 গৰাকী গুৱাহাটী মহানগৰীৰ ৷ আনহাতে যোৱা 24 ঘণ্টাত মুঠ 21742 গৰাকী নাগৰকিৰ টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে এই তথ্য ৷

অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে সোমবাৰে অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদবদলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত ডঃ হীৰেণ গোহাঁইৰ প্ৰতিক্ৰিয়া

সোমবাৰে ৰাজ্যৰ বান সমস্যা,'কা' বিৰোধী আন্দোলনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে ।

লাওখোৱা বুঢ়াচাপৰিত বাঘৰ সফল প্ৰজনন

বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বাবে এক সুখবৰ ৷ বিশেষকৈ বন্যপ্ৰেমী সকলৰ বাবে এই ভাল লগা এই খবৰ ৷ অসমত সচৰাচৰ মানাহ অভয়াৰণ্য আৰু কাজিৰঙাৰ বাহিৰে অন্য অৰণ্য সমূহত পোৱা নাযায় বাঘ ৷ কিন্তু মধ্য অসমৰ লাওখোৱা অভয়াৰণ্যৰ ৰেঞ্জাৰসকলে প্ৰথমবাৰৰ বাবে অভয়াৰণ্য খনত প্ৰত্যক্ষ কৰিলে বাঘৰ সফল প্ৰজনন ৷

লক ডাউনঃ ৬০ কিঃমিঃ চাইকেই চলাই জীৱন দান

সমগ্ৰ দেশত লক ডাউন ৷ ৰোগীৰ সংখ্যাও অসংখ্য ৷ বহুতক প্ৰয়োজন তেজৰ ৷ চলা নাই বাহন ৷ লখিমপুৰৰ এগৰাকী ৰোগীক জীৱন দান কৰিবলৈ এইজন জোৱানে প্ৰায় ৬০ কিঃমিঃ চাইকেল চলাই

আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ' ৷ জানিব পৰা মতে সেই ভিডিঅ'টো ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিং দুৱাৰ আৰু নুনাই অঞ্চলৰ শুক্লাই নদীৰ পাৰৰ ৷ ভিডিঅ'টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত ৷ কিয়নো ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল নিজ সন্তানৰ প্ৰতি থকা মাতৃৰ মমতা ৷ সেইয়া লাগিলে কোনো বন্যপ্ৰাণীয়েই নহওঁক কিয় ৷

ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা যুদ্ধংদেহী পৰিৱেশৰ পিচতেই ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিবলগীয়া ৰাফেল যুদ্ধবিমানৰ এটা ফ্লীট আজি দেশখনৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে ৷

ঐতিহাসিক চতিয়া থানাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অৱশেষত সোমবাৰৰ পৰা সংৰক্ষিত হ’ল ঐতিহাসিক চতিয়া থানাখন ৷ সোমবাৰে সন্ধিয়া প্ৰায় 5.10 বজাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চতিয়াত উপস্থিত হৈ নৱনিৰ্মিত থানা গৃহটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগল

এক অস্বাভাৱিক ঘটনা,মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগলী ৷ উত্তৰ প্ৰদেশৰ কানপুৰত সোমবাৰে সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাটো সংঘটিত হয় কানপুৰৰ বেকনগঞ্জ এলেকাত ৷

অখিল গগৈৰ আশু আৰোগ্য কামনা : মৰিগাঁৱত ভাগৱত-কোৰাণ পাঠ

সোমবাৰে কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্য কামনাৰে একেখন মঞ্চতে ভাগৱত আৰু কোৰাণ পাঠ কৰা হয় । কাৰাবন্দী কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবী মৰিগাঁৱত একেলগে বহিল ভকত বৈষ্ণৱ আৰু মৌলানা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.