ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি

TOP 10 @ 9AM
পুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি
author img

By

Published : Jul 13, 2020, 9:09 AM IST

বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ

শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে ৷

ছেইফি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বদৰুদ্দিন আজমল

মুম্বাইৰ ছেইফি হাস্পতালৰ আই চি ইউত ভৰ্তি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে সাংসদগৰাকীয়ে ৷ দেওবাৰে দ্বিতীয়বাৰ স্বাৱ পৰীক্ষা কৰোৱাত ক'ভিড-19 ধৰা পৰে তেওঁৰ দেহত ৷

ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19

ৰাজ্যত পুনৰ 735গৰাকী আক্ৰান্ত হয় কোভিড-19ত ৷ ইয়াৰে,400গৰাকীয়ে গুৱাহাটী মহানগৰীৰ বুলি আক্ৰান্ত হৈ আছে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে ৷

বিগত এমাহে বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

বৰপেটাৰ বৰডাঙ্গা আৰু কামাৰপাৰা অঞ্চলৰ বানপীড়িত লোকসকলৰ ওচৰত উপস্থিত হোৱা নাই বৰপেটা জিলা প্ৰশাসন ৷ বেঁকী নৈৰ বাঢ়নি পানীয়ে ভাবুকি কঢ়িয়াই অনা বৰডাঙ্গা মথাউৰী মেৰামতিৰ ক্ষেত্ৰতো জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব ৷

কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে!

আজি অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে৷ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে এই কথা উল্লেখ কৰি কয় যে,'' ত্ৰিশৰো অধিক কংগ্ৰেছৰ স্বতন্ত্ৰ বিধায়কৰ লগতে অশোক গহলোট চৰকাৰে মোক পূৰ্ণৰূপত সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে''৷

কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ

কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ ৷ বিগত সপ্তাহত নেতাগৰাকীৰ দেহত কোভিড 19ৰ উপস্থিতি ধৰা পৰিছিল ৷

কেৰালাৰ সোণ কেলেংকাৰীঃ ফোনযোগে ডুবাইস্থিত অভিযু্ক্তৰ মতামত গ্ৰহণ সীমা শুল্ক বিষয়াৰ

দেওবাৰে কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত কোচিৰ সীমা শুল্ক বিষয়াই ফোনযোগে মতামত গ্ৰহণ কৰে ঘটনাৰ লগত জড়িত তৃতীয় গৰাকী অভিযুক্ত ফাজিল ফৰিদৰ ৷ অভিযুক্ত ফৰিদ ডুবাইত থকাৰ বাবেই ফোনযোগে মতামত গ্ৰহণ কৰে সীমা শুল্ক বিষয়াই ৷

নয়নতৰা বৰুৱাৰ হত্যাৰ আঁৰত আছে নেকি গোপন ৰহস্য

কলাইগাঁৱৰ শিক্ষয়িত্ৰী নয়নতৰা বৰুৱাৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । আৰক্ষীয়ে আটক কৰিছে শিক্ষয়িত্ৰী গৰাকীৰ স্বামী, পুত্ৰকে ধৰি চাৰিজনক । ঘটনাৰ প্ৰকৃত তথ্যৰ সন্ধানত আটাইকে আৰক্ষীয়ে চলাইছে জেৰা । সোমবাৰে এখন সংবাদ মেলৰ জড়িয়তে আৰক্ষীয়ে জনাব সবিশেষ ।

শাৰীৰিক অসুস্থতাক লৈ প্ৰচাৰ হোৱা ভুৱা বাতৰি সম্পৰ্কে প্ৰতিক্ৰিয়া হেমা মালিনীৰ

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা ভুৱা প্ৰচাৰক লৈ বলিউডৰ অভিনেত্ৰী হেমা মালিনীয়ে কয় যে, তেওঁ ভগৱানৰ কৃপাত সম্পূৰ্ণ সুস্থ হৈ আছে ৷

কৰ'ণাত আক্ৰান্ত অভিনেত্ৰী ৰাছেল হোৱাইট

মডেলৰ পৰা অভিনয় জগতত ভৰি থোৱা ৰাছেল হোৱাইটো আক্ৰান্ত মহামাৰী কৰ'ণাত । শনিবাৰে অভিনেত্ৰী গৰাকীয়ে টুইটযোগে সদৰি কৰে এই কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.