মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান
বিগত দুটা সপ্তাহত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আপত্তিজনক নথি পত্ৰৰ লগতে বহু লাখ টকা ৷
মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী
দেওবাৰে নিশা জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা লগতে মৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।
ডিব্ৰুগড় আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ দেওবাৰেও ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে এখন মটৰ চাইকেল ৷
আংশিক লক্ ডাউনে সমস্যাত পেলাইছে হাঁহ-কুকুৰা পালকক
কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই আন আন ক্ষেত্ৰৰ দৰে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কৃষি খণ্ডৰ লগতে পশু পালকসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই হাঁহ-কুকুৰাপালক সকলো চিন্তিত হৈ পৰিছে পশুধনকলৈ ৷
ডিফু আৰু খটখটীত একেদিনাই দুগৰাকী অনাথ শিশু উদ্ধাৰ
কাৰ্বিআংলঙত উদ্ধাৰ দুটি অনাথ কন্যা শিশু ৷ শিশু দুটিৰ বয়স ক্ৰমে 10 আৰু 12 বছৰ ৷ দুয়োগৰাকী শিশুক বিভাগীয় যাৱতীয় কাম-কাজ কৰাৰ পাচত ধনশিৰি অনাথ গৃহত ৰখা হৈছে ৷
লক ডাউনে বিপৰ্যয় আনিছে কুটীৰ শিল্পলৈ
ক’ভিড মহামাৰীৰ ত্ৰাসৰ ফলত জাৰি কৰা লক ডাউনে অন্য ক্ষেত্ৰৰ লেখীয়াকৈ কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলৰ জীৱনলৈ নামি আহিছে আৰ্থিক দুৰ্যোগ ৷ টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পীগৰাকীৰ জীৱনলৈও বিপৰ্যয় নমাই আনিছে মহামাৰী ক’ভিডে ৷
বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে
বকোৰ এঘৰত আহি ভিৰ কৰিছে শ শ আলহী । আলহীয়ে আহিয়েই সাজি লৈছে ঘৰ-দুৱাৰ । ইয়াক লৈ কিন্তু তিলমানো আক্ষেপ নাই গৃহস্থৰ । বৰঞ্চ মাজে মাজে খোৱাৰহে যোগান ধৰি আহিছে পৰিয়ালটোৱে ।
ওদালগুৰিত ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্য সচিব জিষ্ণু বৰুৱাই
দেওবাৰে ওদালগুৰিৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ লগতে তেওঁ জিলাখনৰ বান পৰিস্থিতি তথা প্ৰস্তুতিৰ বিষয়ে জানিবলৈ জিলাখনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়
কাছাৰত ২৮০ গ্ৰাম ব্ৰাউন চুগাৰ সহ দুটা সৰবৰাহকাৰীক আটক
কাছাৰ আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ লগতে দুটাকৈ সৰবৰাহকাৰীক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷
বিচিপিএলৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এক কোটি টকা সাহাৰ্য প্ৰদান
পুনৰ এবাৰ বিপিচিএল আগবাঢ়ি আহিছে অসমৰ ৰাইজৰ বাবে । বিপিচিএলয়ে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে এক কোটি টকাৰ এক আৰ্থিক সাহাৰ্য । উক্ত ধন ৰাশি বিপিচিএলৰ হৈ অসম চৰকাৰলৈ আগবঢ়াই বিপিচিএলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই ।