ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 24, 2021, 9:02 AM IST

চাহৰ বিশ্বলৈ ত্ৰিপুৰাৰ নতুন অৱদান বাঁহপাতৰ চাহ

বাঁহ পাতৰ চাহত এণ্টি অক্সিডেণ্ট আৰু এণ্টি বায়টিক গুণাগুণ আছে ৷ আনহাতে চাহপাতত বৃহৎ পৰিমাণৰ ছিলিকন থকাই চুলি, ছাল আৰু নখ সবল কৰি ৰখাত সহায় কৰে আৰু হাড় আৰু দাঁত শক্তিশালী কৰে ৷

দেৱাংগনা কলিতাক মুক্তিৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

দৰিয়াগঞ্জ সংঘৰ্ষত জড়িত অসম সন্তান তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতাক মুক্তিৰ দাবীত প্ৰতিক্ৰিয়া প্ৰকাশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ৷ ছাত্ৰী দেৱাংগনা কলিতাক গ্ৰেপ্তাৰৰ এবছৰ অতিক্ৰম কৰাৰ পাচতো চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাত ক্ষোভ প্ৰকাশ ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সম্পাদক হিমালয় বাৰিকে ৷

সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে 'ৰয়েল বেঙ্গল টাইগাৰ' অৰ্থাৎ ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা । "কেমেৰা টেপিং" প্ৰযুক্তিমূলক অনুসন্ধানৰ জৰিয়তে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যাৰ বিষয়ে চলোৱা এক অনুসন্ধানমূলক গণনা কাৰ্যত পোহৰলৈ আহিছে ৷

আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ

আলফাৰ লগত স্থায়ী শান্তি আলোচনাৰ ইতিবাচক উদ্যোগত নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ শিৱসাগৰ সমষ্টিৰ নতুন বিধায়ক অখিল গগৈলৈয়ো বিশেষভাৱে অভিনন্দন জ্ঞাপন নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাৰ ৷

কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান

কৰ’ণাৰ দ্বিতীয়টো লহৰৰ সৈতে চলি থকা যুদ্ধখনৰ সময়তে ৰাজ্যবাসীৰ সমুখত পুনৰ আন এক প্ৰত্যাহ্বান ৷ বাৰিষাৰ প্ৰথম যাক বৰষুণৰ পিছতেই ৰাজ্যবাসীৰ সমুখত প্ৰত্যাহ্বান হৈ দেখা দিছে বান সমস্যাই ৷

ত্ৰিপুৰাত টেংকী পৰিস্কাৰত নিয়োজিত দুই শ্ৰমিকৰ মৃত্যু

দেওবাৰে উদয়পুৰৰ সোণামুৰা চৌমুহানী নামে অঞ্চলত এটা ব্যক্তিগত টেংকী পৰিষ্কাৰ কৰি থকা অৱস্থাত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে দুজনকৈ শ্ৰমিকৰ ৷ শ্ৰমিক দুজন উদয়পুৰৰ বান্দুৰ অঞ্চলৰ বাসিন্দা আছিল ৷

মহানগৰীৰ ৰাজপথত এতিয়াৰে পৰা য’তে য’তে ৰখাব নোৱাৰিব বাহন

এতিয়াৰে পৰা যতে-ততে তথা যধে-মধে ৰাখি থ'ব নোৱাৰিব পৰিত্যক্ত তথা অব্যৱহৃত বাহন। ২৭ মে’ ৰ আগতে পৰিত্যক্ত বাহনসমূহ গৰাকীয়ে ৰাজপথৰ পৰা লৈ যাব লাগিব। ৪ মে’ৰ পৰা ২২ মে’লৈ যান বাহন আৰক্ষীয়ে সংগ্ৰহ কৰিছে ১৪,৮৪,৫০০ টকাৰ জৰিমনা।

একুৱা থেৰাপী : পূৰ্বে নজনা বহু কথা

ইটিভি ভাৰত সুখীভৱই এ এছ পি এ আৰ চি ( স্প’ৰ্টছ ফিজিঅ’থেৰাপী একুৱা ৰিহেবিলিটেশ্বন কেন্দ্ৰ )ৰ মুখ্য পৰামৰ্শদাতা আৰু গোৱা ক্ৰিকেট সন্থাৰ ফিজিঅ’থেৰাপী বিভাগৰ চিকিৎসা সচিব ডাঃ কেটন ভাটিকাৰৰ সৈতে এই সম্পৰ্কত কথোপকথনত মিলিত হয় ৷

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

ৰাজ্যখনত এতিয়ালৈকে ১,০০,৮৯,৭১৪ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰাৰ বিপৰীতে মুঠ ৩,৬৫,৬২০ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ৩,০৭,৫৪৮ গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫,৯৮০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭৯ গৰাকী ৰোগীৰ। আক্ৰান্তৰ হাৰ ৫.৫৭ শতাংশলৈ হ্ৰাস পাইছে।

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা প্ৰদান কৰিব অসম টে'ট শিক্ষক যৌথ মঞ্চই ৷ দেওবাৰে, এই কথা ঘোষণা কৰিলে মঞ্চৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.