ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Jan 9, 2021, 8:59 AM IST

9 বজাৰ শীৰ্ষ 10 বাতৰি...

Top 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 বাতৰি...

তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্ৰৰঞ্জন বসুমতাৰী

21’ ত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’ব আৰু হিমান্ত বিশ্ব শৰ্মা 3 বছৰৰ বাবে জেললৈ যাব ৷ বিজেপিক ৰাইজৰ দিব লগীয়া একো নাই, অহা নিৰ্বাচনত ৰাইজে উৎখাত কৰিব বিজেপিক ৷ গৃহভূমি জোনাইত উপস্থিত হৈ এই ঘোষণা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ৷

জুক’ভেলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ; অব্যাহত থাকিব অভিযান

বিগত 30 ডিচেম্বৰত নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী জুক’ভেলী বনজুইৰ কৰাল গ্ৰাসত পৰিছিল ৷ তেতিয়াৰে পৰা উপত্যকাটো জুইৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ নাগালেণ্ড চৰকাৰৰ লগতে ভাৰতীয় বায়ুসেনাই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ তাৰ বাবে ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰিছিল চাৰিখনকৈ এমআই-17 হেলিকপ্তাৰ ৷ ইয়াৰোপৰি এনডিআৰএফ, এছডিআৰএফ, হোমগাৰ্ড, আৰক্ষী আৰু দক্ষিণ অংগামী যুৱ সংগঠনৰ 300 কৰ্মী অহৰহভাৱে এই জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে ৷

মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড,10 টি নৱজাতকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ জিলা চিকিৎসালয়ত শুকুৰবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত হয় অগ্নিকাণ্ড ৷ চিকিৎসালয়খনৰ নৱজাতক ৰখা SNCUত হঠাৎ সূত্ৰপাত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডটোৰ ফলত 10 টি নৱজাতকৰ মৃত্যু হয় ৷ উল্লেখ্য যে, কৰ্তব্যৰত নাৰ্চ এগৰাকীয়ে SNCU টোৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে ৷ ততাতৈয়াকৈ নাৰ্চগৰাকীয়ে চিকিৎসক আৰু অন্যান্য কৰ্মচাৰী সকলক মাতি আনে ৷

ৰাইজৰ দলৰ নতুন কমিটি ঘোষণা

অৱশেষত নৱগঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ নতুন কমিটি ঘোষণা কৰা হৈছে ৷ সেই অনুসৰি দলটোৰ মুখ্য উপদেষ্টা পদত নিৰ্বাচিত কৰা হৈছে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোঁহাইক ৷

সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুওৱাৰ হুংকাৰ শৃংখল চলিহাৰ

আগন্তুক নিৰ্বাচনৰ পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক জেলত নভৰালে সৰ্বানন্দ সোণোৱালক জোলকা-জোলোকে পানী খুৱাব শৃংখল চলিহাই। ইটিভি ভাৰতৰ সন্মুখত এই বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ । শৃংখল চলিহাক চৰকাৰে পুনৰ গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই ।

গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটিলে নগদ ধনসহ আ-অলংকাৰ

শুকুৰবাৰে নিশা চাপৰৰ ভকতগাঁৱত চুৰিকাণ্ড ৷ ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ নগদ 2 লাখ 57 হাজাৰ টকা আৰু সোণৰ আ-অলংকাৰসহ মুঠ 8 লাখ টকাৰ সা-সামগ্ৰী লুটি নিয়ে চোৰে ৷

প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিজে কিতাপ ক্ৰয় কৰি কিতাপৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি হোৱাটো এক শুভ লক্ষণ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে ইতিমধ্যে প্ৰায় ছয় কোটি টকা গ্ৰন্থ বিক্ৰী হৈছে ৷

নলবাৰীত আয়কৰ বিভাগৰ অভিযান

নলবাৰী চহৰৰ মাজমজিয়াত থকা ডাঃ তপন ডেকাৰ গৃহ আৰু ডেকাৰ মালিকানাধীন নলবাৰী মেটাৰনিটি হাস্পতালত আয়কৰ বিভাগে চলাই এই অভিযান ।

ৰাইজৰ দলৰ অভিৱৰ্তনত ধৈৰ্য্য কোঁৱৰৰ উদাত্ত ভাষণ

মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানত উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰে।

আজি গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠক পশ্চিম বংগৰ ৰাজ্যপালৰ

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখাৰে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হ'ব ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যপালগৰাকীৰ এই আলোচনাই যথেষ্ট তাৎপৰ্য বহণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.