ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Nov 11, 2021, 7:08 PM IST

বৰঝাৰ বিমান বন্দৰ: শিৱসাগৰত আদানীৰ নিৰ্দেশনাক সমালোচনা

বৰঝাৰত আদানী গ্ৰুপৰ অধীনস্থ কোম্পানীয়ে জাৰি কৰা নিৰ্দেশনাৰ পাছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ দল সংগঠন । শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই 'প্ৰণাম' নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে বিমান বন্দৰত কৰ্মৰত মহিলা যুৱতী কৰ্মচাৰীৰ বাবে তালিবানী নিৰ্দেশ জাৰি কৰা হৈছে বুলি মন্তব্য কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

কংগ্ৰেছৰ শাসনকালত সুব্ৰমণিয়ম স্বামীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । পুৰণি গোচৰৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত স্বামীয়ে নিজেই তৰিছিল আন এক গোচৰ ।

সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও

আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্যত উন্মোচিত হ'ল চীনৰ আগ্ৰাসী মনোভাৱ ৷ চীনৰ PLA সৈন্য বাহিনীৰ পূৰ্বতকৈ অধিক তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তক লৈ তৎপৰ হৈছে নতুন দিল্লীও । এই সম্পৰ্কত চাওঁ আহক আমাৰ এক গ্ৰাউণ্ড জিৰ’ প্ৰতিবেদন ৷

নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে 11 নৱেম্বৰৰ দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক পাঠ কৰায় শপত বাক্য । পাঁচটা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে (বিজেপি) আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।

গুজৰাটৰ পৰা অসমলৈ অন‍া হ'ব ২০০০ গিৰ গাই

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে গুজৰাটত উপস্থিত বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত এটা প্ৰতিনিধি দল ৷ শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

NASA, স্পেচএক্সে ক্ৰু-৩ মিছনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনলৈ প্ৰেৰণ কৰিলে ৪ মহাকাশচাৰীক

অৱশেষত আন্তৰ্জাতিক মহাকাশ ষ্টেচনলৈ ৪ গৰাকী পেছাদাৰী মহাকাশচাৰীক প্ৰেৰণ কৰিলে NASA, স্পেচএক্সে । বুধবাৰে নিশা ৯.৩০ বজাত ফ্লৰিডাস্থিত NASAৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ফেলকন-৯ ৰকেটেৰে উৰা মাৰে মহাকাশচাৰী কেইজনে ।

শীঘ্ৰে মুকলি হ’ব RBI ৰ নতুন সেৱা

প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব RBI ৰ দুখনকৈ নতুন আঁচনিৰ ৷

কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে ?

অসমত বিজেপি চৰকাৰৰ ৰিজাল্ট ভাল বুলি মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীৰ্থ ৰকিবুল হুছেইনে কেতিয়া যোগদান কৰিব বিজেপিত সেয়াও নিজ মুখেৰে ক'লে ৰকিবুল হুছেইনে ।

পুনৰ কাৰ্যক্ষম কৰা হ’ব সোণাৰিৰ লংপতীয়াত বীজপাম

সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯৬৯ চনতে স্থাপন কৰা লংপতীয়াত বীজপামখন বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি মৃতপ্ৰায় অৱস্থাত পৰি ৰৈছিল ৷ দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ পাছত এতিয়া কৃষি বীজপামখন কাৰ্যক্ষম কৰাৰ বাবে চৰাইদেউ জিলা কৃষি বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

প্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

টী20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত বিজয়ী নিউজিলেণ্ড ৷ ইয়াৰ লগে লগে দলটোৱে পোনপ্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপত ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.