ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Oct 9, 2021, 6:57 PM IST

উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

উপ-নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলাবৰ বাবে শনিবাৰে কংগ্ৰেছে ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰিছে । ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াকে ধৰি ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ নেতা ।

গুৰুজনাৰ ধ্বনিৰে মুখৰিত হোজাইৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হোজাই জিলা সেৱাবাহিনীৰ আতিথ্যত কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত 8 অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে কেন্দ্ৰীয় সেৱাবাহিনীৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উৎসৱ ৷ ৰাজ্যৰ 54 খন জিলাৰ বিভিন্ন প্ৰান্তৰ সেৱক-সেৱিকা, আই-মাতৃ, বাপ-বান্ধৱৰ উপস্থিতিত শুকুৰবাৰৰে পৰা ডেকাগিৰি সমন্বয় ক্ষেত্ৰ গুৰুজনাৰ ধ্বনিৰে মুখৰিত হৈ আছে ৷

গাঞ্জা সহ সৰবৰাহকাৰীক আটক সাতগাওঁ আৰক্ষীৰ

এইবাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান মহানগৰ আৰক্ষীৰ । সাতগাঁও আৰক্ষীয়ে পাথৰকুঁৱৰীত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

মধ্যপ্ৰদেশ আৰক্ষীৰ জালত এজন বিশেষ অপৰাধী । এজনী দুজনী নহয় ৭৫ গৰাকী যুৱতীক বিয়া পাতিছে অপৰাধী মুনিৰ ওৰফে মুনিৰুলে । পিছে ইমান গৰাকী যুৱতীক বিয়া পতাৰ উদ্দেশ্য কি আছিল মুনিৰৰ ?

ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা ৰাজনাথ সিঙৰ

বিশেষ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বাহিনীৰ সাহস আৰু বীৰত্বক সন্মান জনাই তিনিটা ৰাষ্ট্ৰপতি পদক, ৮ টা বীৰত্ব আৰু মেধাৱী সেৱাৰ বাবে ১০ টা পদক প্ৰদান কৰা হয় ।

হাৰ্দিক আৰু বৰুণক লৈ সমস্যাত ভাৰতীয় দল:সকলোৰে দৃষ্টি ধোনীৰ ওপৰত

টি-২০ বিশ্বকাপৰ ১১ জনীয়া দলটোত কোনে পাব স্থান ? হাৰ্দিক নে বৰুণ চক্ৰৱৰ্তী ? দুয়োগৰাকীক লৈ দল এতিয়া বিবুদ্ধিত পৰিছে । অৱশ্যে প্ৰাক্তন অধিনায়ক তথা বিশ্বকাপৰ ভাৰতীয় দলটোৰ পৰামৰ্শদাতা ধোনীৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ।

লখিমপুৰ খেৰীঃ আমৰণ অনশন ভংগ কৰিলে নৱজ্যোত সিং সিদ্ধুৱে

শনিবাৰে আমৰণ অনশন ভংগ কৰিলে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু(Navjot Singh Sidhu)ৱে । লখিমপুৰ খেৰী ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনী(Ajay Mishra Teni)ৰ পুত্ৰ আশিস মিশ্ৰ(Ashish Mishra) আৰক্ষীৰ অপৰাধ শাখাৰ ওচৰত হাজিৰ হোৱাৰ পাচত নৱজ্যোত সিং সিদ্ধুৱে অনশন ভংগ কৰে । লখিমপুৰ খেৰীত মৃত্যু হোৱা সাংবাদিক ৰমন কাশ্যপৰ বাসগৃহত সিদ্ধুৱে শুকুৰবাৰে আমৰণ অনশনত বহিছিল ।

বিলাসীপাৰা চহৰৰ পূজা মণ্ডপসমূহ পৰিদৰ্শন ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ

বিলাসীপাৰা চহৰৰ পূজা মণ্ডপসমূহ পৰিদৰ্শন কৰিলে ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷ ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাক লৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ধুবুৰী জিলাৰ বিলাসীপাৰাও । উখল-মাখল পৰিৱেশৰ সমান্তৰালকৈ পূজাত সময়চোৱাত থাকিব লগা নিৰাপত্তা ব্যৱস্থাক লৈও তৎপৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷

তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

সৰ্বত্ৰ চৰ্চা চলিছে যে সুশান্ত বৰগোহাঁই বা ৰূপজ্যোতি কুৰ্মীৰ দৰে ভাস্কৰ বৰুৱায়ো বিজেপিৰ বৰঘৰত প্ৰবেশ কৰাৰ যো-জা চলাইছে । বিধায়ক গৰাকীৰ কেতবোৰ কামকাজেও এই সন্দেহ অধিক ঘনীভূত কৰিছে । বিৰোধী দল বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত ভাস্কৰ বৰুৱাই সাক্ষাৎ কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ।

সমাজৰ বিশিষ্ট ব্যক্তিৰে ভৰিছে কাৰাগাৰ-লকআপ

বিগত তিনি-চাৰি মাহত সমাজৰ একাংশ বিশিষ্ট ব্যক্তিৰে ভৰি পৰিছে কাৰাগাৰ আৰু থানা সমূহৰ লকআপ ৷ অতিৰিক্ত উপায়ুক্ত, আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি, কৰ্মৰত ডি আই জি, আৰক্ষী অধীক্ষক, বিধায়ক, মডেল সকলো অন্তৰ্ভুক্ত হৈ আছে এইসকলৰ মাজত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.