নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী
মহানগৰ আৰক্ষীৰ অভিযানত নুনমাটি নিজৰাপাৰৰ পৰা আটক দুই ড্ৰাগছ সৰবৰাহকাৰী । সৰবৰাহকাৰী কেইজনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে ।
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি
বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ মাইবঙত সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা । আৰক্ষীৰ জালত সন্দেহযুক্ত ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ সদস্য । বুধবাৰে নিশা ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচনত ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়লৈ লক্ষ্য কৰি গুলীচালনা কৰে অজ্ঞাত দুৰ্বৃত্তই ।
টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান
ক'ভিড মহামাৰীয়ে অসমীয়া ছবি উদ্যোগটোক স্থবিৰ কৰি ৰখা সময়তে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছে অসমীয়া অভিনেত্ৰী আইমী বৰুৱা ৷ উক্ত চলচ্চিত্ৰ মহোৎসৱত অভিনেত্ৰী গৰাকীলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷
বজৰংগ দলৰ নেতাৰ ৰহস্যজনক মৃত্যুকলৈ উত্তপ্ত তেজপুৰ
বজৰংগ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ধ্ৰুৱ মহন্তৰ ৰহস্যজনক মৃত্যু ৷ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেজপুৰত ৷
কৃষকৰ সমস্যা সমাধানৰ দাবীত বিলাসীপাৰাত AJPৰ প্ৰতিবাদ
ধুবুৰীৰ বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে (AJP) দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত শস্য সামগ্ৰী খাদ্য নিগমে উচিত মূল্যত ক্ৰয় কৰাৰ দাবীত এই ধৰ্মঘট পালন কৰে দলটোৱে ।
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে
যোৰহাট কেন্দ্ৰীয় কাৰগাৰতে এতিয়াও সংৰক্ষণ হৈ আছে স্বাধীনতাৰ মুক্তি সেনানী পিয়লি ফুকন, মনিৰাম দেৱানৰ স্মৃতি ৷ এই সমূহ স্মৃতি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা ৷
ডবকাত হাতীৰ গচকত প্ৰাণ হেৰুৱালে এজন লোকে
বৃহস্পতিবাৰে হোজাই(HOJAI)ৰ ডবকাত এক শোকাৱহ ঘটনা সংঘটিত হয় । বন্যহস্তীৰ আক্ৰমণ(Elephant attack)ত প্ৰাণ গ'ল এজন লোকৰ । ডবকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে লোকজনক ।
চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া
ৰাজ্যৰ ১০০ খন বিদেশী ন্যায়াধিকৰণ(Foreigners tribunal)ৰ সদস্যৰ কাৰ্যকাল বিগত ২৩ মে'ত উকলি যোৱাৰ পাছতো এই পৰ্যন্ত সদস্যসকলৰ কাৰ্যকাল বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা নাই। পুৰণি সদস্যসকলৰ কাৰ্যকাল বৃদ্ধি নোহোৱাটোৱে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে নৱনিযুক্ত ২০০ গৰাকী সদস্যই চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
কচুৱা আৰক্ষীৰ অভিযান জব্দ বহু পৰিমাণৰ সুৰা: এজন আটক
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অসম আৰক্ষীয়ে সুৰা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ ধাৰাবাহিক ভাৱে চলোৱা অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ এই অভিযানত আৰক্ষীৰ জালত পৰিছে কেইবাটাও সৰবৰাহকাৰী ৷
দেৰগাঁৱত আছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী
বুধবাৰৰ পৰা দেৰগাঁও আঞ্চলিক ছাত্র সন্থাই ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । দেৰগাঁও ৰাজহ চক্ৰক মহকুমা হিচাপে ঘোষণা কৰা আৰু দেৰগাঁৱৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে ।