ধুমুহাৰ কৱলত সত্ৰভূমি মাজুলী: সা-সম্পত্তি আৰু পশুধনৰ ক্ষতি
বৃহস্পতিবাৰে মাজুলীত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰে । শতাধিক লোকৰ ঘৰ, গোহালি আদি ভাগি চূৰ্ণ বিচূৰ্ণ হয় । ধুমুহাৰ ফলত পশুধনৰো বিস্তৰ ক্ষতিসাধন হয় ।
সাংবাদিকৰ নাম লৈ সোনাপুৰৰ হোটেলত লুটপাট
সংবাদ মাধ্যমৰ লোক বুলি পৰিচয় দি দোকানত লুটপাট চলালে 6 জনীয়া এটা যুৱকৰ দলে । মাতৃ-কন্যাৰ পৰা পৃথকে পৃথকে লুটি নিলে পোন্ধৰ হাজাৰ টকা । সোনাপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
শংকৰ আজানৰ নীতি অক্ষুন্ন ৰখাৰ প্ৰচেষ্টা নাহৰ সমন্নয় গোষ্ঠীৰ
বিভিন্ন জনগোষ্ঠীয় লোকৰে সমন্নয়ৰ ভেটি সুদৃঢ় কৰাৰ চেষ্টাত নাহৰ সমন্নয় গোষ্ঠীৰ প্ৰশংসনীয় পদক্ষেপ । হোজাই জিলাত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ লক্ষ্যৰে উঠি পৰি লগা পৰিলক্ষিত হৈছে হোজাইৰ লংকাৰ নাহৰ সমন্নয় গোষ্ঠীক । নাহৰ সমন্নয় গোষ্ঠীৰ উদ্যোগত বিশেষকৈ হোজাই জিলাৰ পিছপৰা জাতি জনগোষ্ঠীক একেখন মঞ্চতেই জাতি-বৰ্ণ নিৰ্বিশেষে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে লংকাৰ নাহৰ সমন্নয় গোষ্ঠীয়ে ।
পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিয়ে বিধি পথালি দিছে কৃষি কৰ্মত
পেট্ৰ’ল-ডিজেলৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাজ্যৰ খেতিয়ক সকলক ৷ এতিয়া টেক্টৰে খেতিৰ মাটি চহাবলৈ হ'লে খচৰ হয় প্ৰায় 600 টকাৰ পৰা 800 টকা ৷
কাকপথাৰত খয়েৰ ভৰ্তি ট্ৰাক জব্দ
কাকপথাৰত আৰক্ষীয়ে (Kakopothar Police) জব্দ (Seized) কৰে এখন খয়েৰ ভৰ্তি ট্ৰাক ৷ খয়েৰ খিনি অৰুণাচল প্ৰদেশৰ চৌখামৰ পৰা আনিছিল বুলি চালকজনে সদৰি কৰে ৷
দিছপুৰ থানাত মন্ত্রী অতুল বৰাৰ বিৰুদ্ধে গোচৰ
প্ৰধান মন্ত্রী কিষাণ সন্মান নিধি কেলেংকাৰী সন্দৰ্ভত মন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল সুব্ৰত তালুকদাৰ নামৰ এজন যুৱকৰ । পি এম কিষান( P M Kisan) আঁচনিৰ অধীনত অসমত প্ৰায় ৮ লাখ ভুৱা হিতাধিকাৰীৰ জৰিয়তে প্ৰায় ৫৫৪ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ।
নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে
চাহপাতৰ মূল্য প্ৰতি কেজিত ২০ টকাৰো অধিক হ্ৰাস হোৱাত মুৰে কপালে হাত দিব লগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । কেঁচা চাহপাতৰ নিম্নগামী মূল্যৰ বাবে এতিয়া বিপাঙত পৰিছে নগাঁৱৰ চাপানালাৰ ডেৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়ক । ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনা সমস্যাই নাই বুলি মন্তব্য প্ৰকাশ কৰা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক উভতি ধৰিছে ৰাজ্যৰ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে ।
কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?
কৰ'ণাৰ সংহাৰ আৰু শিশুৰ সুৰক্ষা সন্দৰ্ভত কি কয় বিশেষজ্ঞ চিকিৎসকে ? ইটিভি ভাৰতৰে (Etv Bharat) হোৱা আছুতীয়া সাক্ষাৎকাৰত শিশু বিশেষজ্ঞ ডাঃ য়াচিন আলীয়ে দিলে বহুকেইটা পৰামৰ্শ।
ঠিকাদাৰৰ হেমাহিৰ বাবে জলা-কলা ৰাইজৰ
কলিয়াবৰত ঠিকাদাৰৰ হেমাহিৰ বিগত আঠ মাহৰ পাছতো নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল দলঙৰ ৷ যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সোণাজুৰিকে ধৰি বিস্তৃত অঞ্চলৰ ৰাইজে ৷
ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী
বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিত ইউপিপিএল(UPPL)ৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজিত হৈছিল বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী । সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰীৰ বাবে বিপদ নামি আহিছিল ৷ সম্প্ৰতি, আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।