বিধানসভাৰ তোৰণত জিলিকিল বড়ো ভাষাৰ ফলক
পূৰ্বতে অসমীয়া আৰু ইংৰাজী ভাষাৰ যিখন ফলক বিধানসভা সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰৰ তোৰণত আছিল, সেইখন ফলকত ইতিমধ্যে বড়ো ভাষাও (BODO LANGUAGE)সংলগ্ন কৰা হৈছে ।
নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে
কাৰ্বি আংলঙৰ বোকাজানৰ দুৰ্গম অঞ্চল খেঙপিবুং অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমান বোকাজান সমূহীয়া চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ডিফুলৈ প্ৰেৰণ কৰিছে ৷
মহানগৰীত জোঁৱায়েকৰ কামনাৰ বলি হ'ল শাহুৱেক
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত এক জঘন্য ধৰ্ষণৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শাহুৱেকক ধৰ্ষণ কৰিলে জোঁৱায়েকে ৷ অভিযুক্তৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু ৷
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ চি পি আই এমৰ
বিধায়ক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma)ই কৰা মন্তব্যৰ বিৰুদ্ধে দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদী (Protest) কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এম (CPIM) দলে ৷ কলগাছিয়া চাৰিআলি চ'কতো চিপিআইএম দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
পেট্ৰ’ল-ডিজেলৰ পৰা মোডী চৰকাৰে 7 বছৰত 25 লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে
খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য সৰ্বাধিক। পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে বিগত সাত বছৰত ২৫ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে । ক'ভিডৰ এই ভয়াৱহ সংকটৰ সময়ত চৰকাৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰে মাধমাৰ শোধাইছে ।
12 বছৰৰ মূৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ নেটান্যাহুৰ
12 বছৰৰ মূৰত অৱশেষত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰিলে ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে (Benjamin Netanyahu) ৷ স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, নিজ পৰিয়ালসহ নেটান্যাহুৱে 12 বছৰৰ মূৰত বেলফোৰ ষ্ট্ৰীটত থকা ঘৰটো খালী কৰি জেৰুজালেমস্থিত প্ৰধানমন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে ৷
খাবলু ঘাটত ফেৰী সেৱাৰ নামত লুন্ঠনৰাজৰ অভিযোগ
সোৱণশিৰি নদীয়ে লখিমপুৰ জিলাৰ তেলাহী অঞ্চলটো খণ্ড-বিখণ্ড কৰাৰ বাবে বিভিন্ন অঞ্চল সমুহলৈ যাবৰ বাবে ফেৰী সেৱাই হৈছে একমাত্ৰ বিকল্প ৷ এই ক্ষেত্ৰত খাবলু ঘাটে পালন কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভুমিকা ৷ কিন্তু ঘাটটোত শেহতীয়াকৈ ভাড়াৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে সাধাৰণ যাত্ৰীয়ে ৷
শিল্প কৰ্মত ব্যস্ত এটি বিশেষ পৰিয়াল
এটি বিশেষ পৰিয়াল ৷ আংকক্ষিক লকডাউনৰ সময়ত এই পৰিয়ালটোৱে সময় অতিবাহিত কৰিবলৈ বাচি লৈছে এক বিশেষ পন্থা ৷ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে কাঠৰ বিভিন্ন সামগ্ৰী ৷ কিন্তু ক’ত আছে এই বিশেষ পৰিয়ালটো ?
ধুবুৰী আৰক্ষীৰ জালত ২.২০ লাখ টকাসহ ড্ৰাগছ সৰবৰাহকাৰী
ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ডত আৰক্ষী আৰু চি আৰ পি এফ (CRPF)ৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ (Drugs) সহ ২ লাখ ২০ হাজাৰ টকা জব্দ কৰে । ৰফিকুল ইছলাম নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে আৰক্ষীয়ে ৷
আজি নিশা ইউৰো কাপৰ ফাইনেল
২-১ গ’লত ডেনমাৰ্কৰ আশাত চেঁচা পানী ঢালি ইংলেণ্ডে প্ৰৱেশ কৰে ইউৰো কাপৰ ফাইনেলত । আজি নিশা ইউৰো কাপৰ ফাইনেলত মুখামুখি হ'ব ইংলেণ্ড-ইটালী ।