ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 7 PM

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : May 5, 2021, 7:01 PM IST

এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ

ডিব্ৰুগড়ৰ এখন চিকিৎসালয় ৷ পাৰ্কৰ দৰেই দেখিবলৈ এই চিকিৎসালয়খনত ক’ভিড ভেকচিনৰ বাবে ৰাইজৰ সুবিধাৰ্থে কৰি কিছুমান প্ৰশান্তি লাভৰ সুব্যৱস্থা কৰা হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !

ৱেটিং লিষ্টত ৰাখিবলগীয়া হৈছে মৃতদেহ । গুৱাহাটীৰ ভূতনাথ আৰু উলুবাৰী শ্মশানত মৃতদেহৰ লানি লাগিছে । নিশা ১২ বজালৈ জ্বলিছে চিতা। দৈনিক ১৫ৰ পৰা ২০ টালৈ মৃতদেহ সৎকাৰ ।

অব্যাহত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক শীতল যুঁজখন

ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক । নিৰ্বাচনী ফলাফল ঘোষণাৰ তিনিদিন উকলি যোৱাৰ পাচতো ঘোষণা কৰা হোৱা নাই বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ নাম ৷ একাংশই মুখ্যমন্ত্ৰী পদত পুনৰ সৰ্বানন্দ সোণোৱালক বিচৰাৰ বিপৰীতে আন একাংশই বিচাৰে প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

বিধানসভালৈ ৪৬ খন নতুন মুখ: ১৮ জনেই বিজেপিৰ

অসম বিধানসভালৈ এইবাৰ আগমন ঘটিছে ৪৬ খন নতুন মুখৰ । প্ৰথমবাৰলৈ বিধায়ক হিচাপে জয়ী হৈ অহা নৱনিৰ্বাচিত এই ৪৬ গৰাকী বিধায়কৰ ১৮ গৰাকীয়েই হৈছে বিজেপিৰ । কংগ্ৰেছৰ পৰা বিজয়ী হৈ আহিছে ১১ গৰাকী নতুন মুখৰ বিধায়ক । নিৰ্বাচিত হৈ আহিছে অগপৰ দুগৰাকী নতুন মুখৰ বিধায়ক । ৰাইজৰ দল আৰু চি পি এমৰ এগৰাকীকৈ বিধায়ক এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে । ইউ পি পি এলৰ ছয়গৰাকী জনপ্ৰতিনিধি আৰু এ আই ইউ ডি এফৰ পৰা আহিছে ৭ গৰাকী নতুন মুখৰ বিধায়ক ।

গুৱাহাটীত ৰেল’ৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ

ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ক'ভিডত প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে । ভয়াৱহ ক’ভিড পৰিস্থিতিৰ পৰ্তি লক্ষ্য ৰাখি ৰেল ষ্টেচনত ক’ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷

বিগত 24 ঘন্টাত ভাৰতত কৰ'ণাত মৃত্যু ৩,৭৮০ গৰাকীৰ

ভাৰতত নিতৌ বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । মাত্ৰ এটা দিনত মহামাৰীত আক্ৰান্ত হৈছে ৩,৮২,৩১৫ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰি মৃত্যু হৈছে ৩,৭৮০ জন ৰোগীৰ । আনহাতে, আৰোগ্য হৈ উঠিছে ৩,৩৮,৪৩৯ গৰাকী ব্যক্তি ।

ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চা ভংগ

ভংগ কৰি দিয়া হ'ল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহ । এই সন্দৰ্ভত বুধবাৰে এখন জাননী জাৰি কৰে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰায়ে । সংখ্যালঘু এলেকাত বিজেপিয়ে কম ভোট লাভ কৰাৰ বাবেই সংখ্যালঘু মৰ্চা ভংগ কৰি দিয়া হৈছে বুলি কাৰণ দৰ্শোৱা হৈছে জাননীখনত ।

দিনৰ 2 বজাতে জনশূন্য হৈ পৰিল বৰপেটাৰ ৰাজপথ

বৰপেটাত পৰিলক্ষিত হৈছে চৰকাৰে জাৰি কৰা নতুন SOP-ৰ প্ৰভাৱ । ২ বজাৰ পূৰ্বে বন্ধ কৰা হৈছে বৰপেটা চহৰৰ সকলো দোকান-পোহাৰ ৷

মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব ভি কল্যাণমৰ পৰলোকপ্ৰাপ্তি

মহাত্মা গান্ধীৰ ঘনিষ্ঠ সচিব ভি কল্যাণমে মঙলবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ ৷ বুধবাৰে দিনৰ প্ৰায় ১.৩০ বজাত বেসন্ত নগৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । ভি. কল্যাণমে মহাৰাষ্ট্ৰৰ সেৱাগ্ৰাম আশ্ৰমত মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ গান্ধীলৈ বহু ভাষাত চিঠিসমূহ প্ৰেৰণ কৰিছিল ।

পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা

পুৰণিগুদামত সৰ্বমুঠ ৫৩ জনলৈ বৃদ্ধি পালে ক'ভিড ৰোগীৰ সংখ্যা । শেহতীয়াকৈ পুৰণিগুদামত সৰ্বাধিক ১৬ জনৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.