ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - news update

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 7 PM
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 21, 2021, 7:01 PM IST

ক'ভিডৰ বাবে স্থগিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা

অৱশেষত পিছুৱাই দিয়া হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত পৰীক্ষা । শিক্ষাৰ্থীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কৰ্তৃপক্ষই বুধবাৰে এক জাননীযোগে পৰীক্ষা বাতিলৰ ঘোষণা কৰে ।

ভিটালী দাসৰ স্বাস্থ্যৰ শেহতীয়া তথ্য

কালাপাহাৰস্থিত ক’ভিড হাস্পতালত বৰ্তমানেও চিকিৎসাধীন জনপ্ৰিয় গায়িকা ভিটালী দাস ৷ কৰ’ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে শিল্পীগৰাকী ৷ বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় শিল্পী গৰাকী ৷ সামাজিক মাধ্যম আনকি একাংশ সংবাদ মাধ্যমতো বুধবাৰে ভিটালী দাসৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল ৷

হোটেল-ৰেষ্টুৰেণ্ট সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা

সন্ধিয়া ৬ বজালৈকে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিত বহি গ্ৰাহকে আহাৰ গ্ৰহণ কৰিব পাৰিব । লগতে ৬ বজাৰ পাছতো স্থানীয় প্ৰশাসনৰ নিৰ্দেশনামৰ্মে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিয়ে হোম ডেলিভাৰী কৰিব পাৰিব ।

২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা

কৰ'ণা সংকটৰ মাজতে ২৪ এপ্ৰিলৰ পৰা ৰাজ্যৰ বিভিন্ন সমষ্টিত বিধানসভা নিৰ্বাচনৰ পৰ্যালোচনা চলাব বিজেপিয়ে । সপ্তাহজোৰা কাৰ্যসূচীৰে হাতত লৈছে গেৰুৱা দলটোৱে । ৩০ এপ্ৰিললৈ চলিব এই পৰ্যালোচনা বৈঠকসমূহ ।

বিমানবন্দৰত উপস্থিত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

ডিব্ৰুগড় উপায়ুক্তই মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ যাত্ৰীৰ ক'ভিড পৰীক্ষাৰ লগতে অন্যান্য ক’ভিড সম্বন্ধীয় দিশসমূহ পৰ্যবেক্ষণ কৰে ৷ উপায়ুক্ত গৰাকীয়ে বিমানবন্দৰত উপস্থিত টেক্সি চালকসকলক পৰামৰ্শ দিয়ে যাতে তেওঁলোকে যাত্ৰী কঢ়িয়াই নিয়াৰ সময়ত ক’ভিড সম্বন্ধীয় দিশসমূহ কঠোৰভাৱে পালন কৰে ।

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰে অনুৰাগ গোৱেলৰ বৈঠক

গুৱাহাটী মহানগৰীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি মঙলবাৰে মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত প্ৰধান সচিব গৰাকীয়ে ক'ভিডত আক্ৰান্ত হ’লে ৰোগীয়ে যাতে চিকিৎসালয়ৰ বিচনাৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নহয় তাৰবাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক সমীপৰ হোটেলসমূহৰ লগত চুক্তিবদ্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

ভূমি বিবাদক কেন্দ্র কৰি ভয়ংকৰ সংঘৰ্ষ

ভূমি বিবাদক কেন্দ্র কৰি কলগাছিয়াৰ তিতাপানীত দুটা ফৈদৰ মাজত ভয়ানক সংঘৰ্ষ । প্ৰতিপক্ষৰ আক্ৰমণত আহত তিনিজন । আহত লোকসকলক বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

নীলবাগানত জব্দ আগৰ ভৰ্তি ট্ৰাক

হোজাই জিলা বন সুৰক্ষা বাহিনীৰ অভিযানত জব্দ হয় আগৰ ভৰ্তি ট্ৰাক । জব্দ কৃত ট্ৰাকখনৰ নম্বৰ AS-03 AC-8453 । আগৰখিনিৰ বজাৰ মূল্য কেইবালক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷

ৰাঙলুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু বজাৰ অঞ্চলৰ পৰা মঙলবাৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক হয় দুই সৰবৰাহকাৰী ৷ গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী দুজনক ৷

জ্যেষ্ঠ সাংবাদিক তথা লেখক যদু চুতীয়াৰ মৃত্যু

মৰাণ অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক যুদ চুতীয়াই ৪৯ বছৰ বয়সত বুধবাৰে দিনৰ প্ৰায় ২ বাজি ৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে । লেখক, সাংবাদিক তথা মৰাণহাট প্ৰেছ ক্লাবৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা যদু চুতীয়াই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.