হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?
বিগত নিৰ্বাচনৰ সময়ত বি পি এফৰ বিৰুদ্ধে সীমা চেৰাই যোৱাকৈ নিৰ্বাচনী সভাসমূহত ভাষণ দিছিল মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাত হাগ্ৰামা বি পি এফৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰা নাছিল ৷ মহাজোঁটৰ ফলাফল যদিহে আশানুৰূপ নহয় আৰু বিজেপিত মুখ্যমন্ত্ৰী পদক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে হাগ্ৰামা মহিলাৰী আৰু বি পি এফৰ বিধায়কবৰ্গই মহাজোঁট এৰি সোণোৱালৰ পক্ষত থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷
আই পি এল: ৱাংখেৰেত চেন্নাইৰ মূখামূখি হ’ব পাঞ্জাৱ
শুকুৰবাৰে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত আই পিএলৰ অষ্টমখন মেচ চেন্নাই চুপাৰ কিংছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ‘ব ৷ প্ৰথম মেচত ৰাজস্থান ৰয়েলচৰ বিৰুদ্ধে জয়লাভ কৰি থকা প্ৰৱল আত্মবিশ্বাসী পাঞ্জাৱ কিংছ দলে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ৷
ক'ভিড সমীক্ষাঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বৈঠক
দেশৰ ভিতৰতে আটাইতকৈ বেছি ক'ভিড-১৯ সংক্ৰমণ হোৱা ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে শনিবাৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে । মহামাৰীৰ সময়ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সুবিধাসমূহ বৃদ্ধি কৰা সন্দৰ্ভত সোমবাৰে দেশৰ ভিন্ন প্ৰান্তত থকা AIIMS হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
বিমান বন্দৰত উপস্থিত এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী
ৰাজস্থানৰ জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলৰ পৰা শুকুৰবাৰে অসমত আহি উপস্থিত হ’ল এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ মুঠ 8 দিন ধৰি বিলাসী হোটেলখনত থাকি বৈঠকত ভাগ লোৱাৰ পাচত জয়পুৰৰ পৰা বিদায় লৈছে দলটোৰ প্ৰাৰ্থীসকলে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা বিমানযোগে আহি অসমত উপস্থিত হ’ল এআইইউডিএফ প্ৰাৰ্থীসকল ৷ উল্লেখ্য যে, চলিত মাহৰ 9 তাৰিখে জয়পুৰৰ বিলাসী হোটেল ফেয়াৰম’ণ্টত উপস্থিত হৈছিল এইবেলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷
শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু
শিলচৰত এটা বাসগৃহত অগ্নিসংযোগ কৰি এটা পৰিয়ালক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ ভূ-মাফিয়াৰ দ্বাৰা অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন
গোসাঁই বিহুৰ দিনাই ২নং ছাটাবাৰী বাঘৰদিয়া গাঁৱত সুঁৱৰি উৎসৱ আৰু ব’হাগ বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন । এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে স্থানীয় ৰাইজে উলিয়াই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ।
কাকপথাৰত অপহৰণক লৈ উত্তাল প্ৰতিবাদ
কাকপথাৰ ন-মাইঠঙৰ কিশোৰীক অপহৰণ কৰা ঘটনাক লৈ উত্তপ্ত কাকপথাৰ থানা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ প্ৰশাসনক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰৰ দাবী প্ৰতিবাদকাৰীৰ ৷
কৰ'ণাৰ কালৰূপৰ মাজতে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ শ্বাহ-নাড্ডাৰ
কৰ'ণাৰ কালৰূপৰ মাজতে শুকুৰবাৰে পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । অমিত শ্বাহে দুখন ৰাজহুৱা সভা আৰু ৰোড শ্ব' আনহাতে জে পি নাড্ডাই তিনিখন ৰাজহুৱা সভা আৰু দুখন ৰোড শ্ব' সম্বোধন কৰিব ।
হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন
মুম্বাইস্থিত হাফকিন বায়' ফাৰ্মাচিউটিকেলক ভাৰত বায়'টেকৰ কৰ'ণা প্ৰতিষেধক কোভাক্সিন প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰে । দেশত কৰ'ণা প্ৰতিষেধকৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে হাফকিন প্ৰতিষ্ঠানকো কৰ'ণা প্ৰতিষেধকৰ প্ৰস্তুতৰ অনুমোদন জনাবলৈ আহ্বান জনাইছিল ।
চিবিআইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিন্হাৰ পৰলোকপ্ৰাপ্তি
চিবিআইৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিনহাৰ শুকুৰবাৰে পুৱতি নিশা তেওঁৰ বাসগৃহত মৃত্যু হয় । ২০১২ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে চিবিআইৰ সঞ্চালক আছিল ৰঞ্জিত সিনহা ।