ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 7 PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 8, 2021, 6:58 PM IST

অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা

পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে যদিও ভয়ৰ কোনো কাৰণ নাই । বিহু নিৰাপদে পালন কৰিব পাৰিব । বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ সাধাৰণ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব । বিগত বৰ্ষৰ পৰিৱেশ আৰু বৰ্ত্তমানৰ পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে । চিকিৎসক-নাৰ্চকে ধৰি চিকিৎসা খণ্ডৰ সকলো লোকেই ভেকচিন লৈছে ।

কৰ’ণা ভাইৰাছত আক্ৰান্ত আইআইটি ৰুড়কীৰ 88 গৰাকী শিক্ষাৰ্থী

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰীও হৈছে আক্ৰান্ত ৷ শেহতীয়াকৈ, উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আইআইটি ৰুড়কীৰ প্ৰায় 88 গৰাকী শিক্ষাৰ্থী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷

বৰপেটা আৰু চিৰাং জিলাত পুনৰ কৰ'ণাত আক্ৰান্ত দুজনকৈ লোক

বৰপেটা আৰু চিৰাং জিলাত কৰ'ণাত আক্ৰান্ত হৈছে দুজনকৈ লোক ৷ কৰ'ণাত আক্ৰান্ত লোক দুজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড আইছ'লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ৷ মাস্ক পৰিধানকে ধৰি নিজৰ সুৰক্ষাৰ বাবে ক'ভিড প্ৰ'ট'কল মানি চলিবলৈ ৰাইজলৈ আহ্বান বৰপেটা মেডিকেল কলেজ হস্পাতালৰ অধীক্ষকৰ ৷

মৰিগাঁৱত প্ৰদৰ্শন কণ্ঠকৰামৰ সাধু

বুধবাৰে মৰিগাঁৱত প্ৰদৰ্শন কৰা হয় কণ্ঠকৰামৰ সাধু শীৰ্ষক এখন নাটক ৷ মৰিগাঁৱৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা এই নাটকখন পৰিচালনা কৰে এনএছডিয়ান জ্যোতি নাৰায়ণ নাথে ৷

মধ্য প্ৰদেশৰ ছিন্দৱাৰাত লক ডাউন

দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা পৰৱৰ্তী সাতদিনৰ বাবে সমগ্ৰ ছিন্দৱাৰা জিলাত লক ডাউন ঘোষণা কৰে । ৮ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ সকলো নগৰাঞ্চলত নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথাও ঘোষণা কৰে । লগতে পৰৱৰ্তী তিনি মাহৰ বাবে উইকেণ্ড লক ডাউন ঘোষণা কৰে ।

জীৱনশৈলী সলনি কৰিব পাৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰিব মেদবহুলতা : বিশেষজ্ঞ

মেদবহুলতা আৰু এলাৰ্জি নিয়ন্ত্ৰণ কৰিবলৈ হ’লে জীৱন ধাৰণৰ পদ্ধতি সলনি কৰাটো অতিশয় প্ৰয়োজনীয় বুলি মত পোষণ কৰিছে আই এ এন এছ আয়ুৰ্ৱেদ, ইউনানি আৰু আধুনিক চিকিৎসাৰ বিশেষজ্ঞই ৷ মেদবহুলতা নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধৰ ভূমিকা সম্পৰ্কত অধ্যাপক জনাহ এছে সু-স্বাস্থ্য ৰক্ষাৰ্থে জীৱন যাপনৰ শৈলীৰ পৰিৱৰ্তন কৰাৰ লগতে দৈনিক উপযুক্ত আহাৰ গ্রহণ কৰিবলৈ তথা ঔষধ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ৷

দক্ষিণ অসম আৰু মেঘালয়ৰ বিচ্ছিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

8 এপ্ৰিলত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন বিচ্ছিন্ন অঞ্চলত বিজুলী আৰু বজ্ৰপাতৰ সম্ভাৱনা ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ National Weather Forecasting কেন্দ্ৰই এই সম্ভাৱনা ব্যক্ত কৰিছে ৷

হাফলং সমষ্টিত পুনৰ ভোট গ্ৰহণৰ সম্ভাৱনা

ডিমা হাছাও জিলাৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ 107(এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে । 2য় পৰ্যায়ত হোৱা 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ 107 (এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত মুঠ ভোটাৰৰ সংখ্যা আছিল 90 গৰাকী; কিন্তু এই ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান হ’ল 181 টা ৷

কৰ্ণাটকত যোগ্যসকলক কৰ্মস্থলীতে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্মক্ষেত্ৰত টীকাকৰণৰ অনুমতি প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিদাৰ, চিক্কামাগালুৰু, চিত্ৰদুৰ্গা, দক্ষিণ কানাড়া, হাছান, কালাবুৰাগী, মাণ্ডিয়া, মাইচুৰু, তুমাকুৰ আৰু উদুপি জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হৈছিল । এই বৈঠকতে যোগ্যসকলক কৰ্মস্থলীতে প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

COVID-১৯ৰ ভয়াৱহতাঃ পুনৰ ঘৰলৈ উভতিছে প্ৰব্ৰজনকাৰী শ্ৰমিক

বিগত বৰ্ষত COVID-১৯ মহামাৰীৰ বাবে লকডাউন ঘোষণা কৰা সময়ৰ ভয়াৱহ অভিজ্ঞতাৰ কথা এতিয়াও পাহৰিব পৰা নাই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে । দেশত COVID-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি হোৱাৰ লগে লগে বিগত বৰ্ষৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ আংশকাত আতংকিত হৈ পৰিছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল । সেয়ে, পৰিস্থিতি ভয়াৱহ হোৱাৰ পূৰ্বেই মুম্বাইত কাম কৰি থকা হাজাৰ হাজাৰ শ্ৰমিকে টালি-টোপোলা বান্ধি আপোন ঘৰখনলৈ ঢাপলি মেলিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.