ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 20, 2020, 7:03 PM IST

77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

সৰুৰে পৰাই সংগীতৰ প্ৰতি ৰাপ থকা জয়ন্ত হাজৰিকাই মাত্ৰ ৯ বছৰ বয়সতেই সংগীতৰ সুৰ দিছিল। আৰু সেয়াই আছিল আৰম্ভণি। ১৯৬০ চনত অসমীয়া সংগীত জগতত খোজ পেলোৱা জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়লৈকে ৰচি গৈছিল এটাৰ পিছত আনটো কালজয়ী গীত ৷

পত্নী হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি..

কাকী কাছধৰা গাঁৱত নিজ পত্নীক নৃশংসভাৱে হত্যা কৰা মণ্টু দাস অৱশেষত আৰক্ষীৰ জালত ৷ নিজ পত্নীক বাহেঁৰে মৰিয়াই-মৰিয়াই হত্যা কৰিছিল লোকজনে ৷

প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে DCP ৰ প্ৰতিক্ৰিয়া

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷ তেওঁ জনোৱা অনুসৰি, পৰবৰ্তী সময়ত পুনৰ প্ৰাৰ্থী সকলে সুকলমে পৰীক্ষা দিব পাৰিব বুলি মন্তব্য কৰে ৷ পুনৰ এই পৰীক্ষা অনুষ্ঠিত হলে কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন কৃষক বিৰোধী: ভাস্কো ডি শইকীয়া

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনখন কৃষক বিৰোধী আখ্যা দিয়াৰ লগতে প্ৰৱৰ্তন কৰা উক্ত অধ‍্যাদেশ তিনিখন বাতিল কৰাৰ দাবী জনায় । সংগঠনটোৱে অধ‍্যাদেশ কেইখন সম্পৰ্কে ইতিমধ্যে সমগ্র দেশত গঢ়ি উঠা কৃষক বিদ্ৰোহৰ সমৰ্থন জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক কৃষি বিৰোধী নীতি পৰিহাৰ কৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰে ৷‌

অসম আৰক্ষীলৈ চেলেঞ্জ বিধায়ক আজিজ আহমেদ খানৰ

নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰি বিধায়ক আজিজৰ অসম আৰক্ষীলৈ চেলেঞ্জ ৷ '' আমি মাস্ক পৰিধান কৰা নাই , অসম আৰক্ষীৰ ক্ষমতা থাকিলে আমাক জৰিমনা বা গ্ৰেপ্তাৰ কৰক ৷ ''

অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

এবিধ অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে কমাৰগাঁৱৰ বৰপাকৰ কৃষক সকলৰ খেতিৰ ফচল ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ মাজত ৷

গহপুৰত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী উদযাপন

আজি 20 ছেপ্তেম্বৰ ৷ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী ৷ দুয়োগৰাকী স্বাধীনতা সংগ্ৰামীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে গহপুৰ বঙাবাৰীস্থিত তেঁওলোকৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক উৎপল বৰাই ৷

ভাস্কৰ্য শিল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা মৰাণৰ এগৰাকী শিল্পী

মৰাণৰ সমীপৰ খোৱাং মণিপথাৰৰ উদীয়মান ভাস্কৰ্য শিল্পী চন্দন গগৈয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, হাৰিয়ানাতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে চন্দন গগৈয়ে ।

আনুষ্ঠানিক ভাৱে মুকলি হ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়

দেওবাৰে আনুষ্ঠানিক ভাৱে মুকলি হ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়। মহানগৰীৰ আমবাৰীৰ লেম্বৰোডত মুকলি কৰা হ'ল অসম জাতীয় পৰিষদৰ কাৰ্যালয় । দলটোৰ ৰাজ‍্যিক সমন্বয়ক জগদীশ ভূঞা আৰু আহ্বায়ক বসন্ত ডেকাৰ লগতে ভালেকেইজন দলটোৰ কৰ্মকৰ্তা উপস্থিত থাকে উক্ত অনুষ্ঠানত । ইপিনে দেওবাৰে দলটোৰ কাৰ্যালয় মুকলি অনুষ্ঠানত অসম গণ পৰিষদৰ ভ্ৰাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰায় শতাধিক কৰ্মীয়ে দলটোত যোগদান কৰে ।

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে পথচাৰীক

বিশ্বনাথৰ বৰগাঙৰ পৰা গহপুৰলৈ যোৱা প্ৰায় 60 কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা এজাক বৰষুণতে পৰিৱৰ্তিত হয় পুখুৰীলৈ ৷ পথটোৰ অধিকাংশ স্থানতে দেখা গৈছে এনে পুখুৰী সদৃশ পৰিৱেশ ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.