বি পি এফ আৰু ইউ পি পি এলৰ বাবেও কংগ্ৰেছত বিকল্প আছে: ৰিপুন বৰা
বিটিচিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোটে 20 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তাৰ ভিতৰত মিত্ৰজোটৰ দলটোৱে 13 ৰ পৰা 15 খন আসন লাভ কৰিব ৷ তেওঁলোকক বাদ দি বি পি এফেই হওক বা ইউ পি পি এলেই হওক কোনোৱে পৰিষদ গঠন কৰিব নোৱাৰে ৷ বুধবাৰে এক সাক্ষাৎকাৰত এই মন্তব্য কৰে ৰিপুন বৰাই ৷
ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস: হিমন্ত বিশ্ব শৰ্মা
কৰ’ণা মহামাৰীৰ সংকটকালত ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস । এই আৰ্থিক ক্ষতি বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰি-মাসিকত জোৰা-টাপলি মৰাৰ পৰিকল্পনা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । বিধানসভাৰ অধিৱেশনত বুধবাৰে এই ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।
বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম
বুধবাৰে সদনৰ বাহিৰত সংবাদ মাধ্যমযোগে "বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই" বুলি মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে কলিয়াবৰত বন্তি প্ৰজ্বলন
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি কলিয়াবৰত শুভকাংক্ষীৰ বন্তি প্ৰজ্বলন ৷ অনতিপলমে, নেতা গৰাকী সুস্থ হৈ পুনৰ ৰাজনীতিৰ পথাৰলৈ উভতি অহাৰ কামনা কৰিছে বিভিন্ন দল সংগঠনে ৷
ইতিবাচক দিশেৰে আগুৱাইছে মহাজোট গঠন প্ৰক্ৰিয়াঃ ৰিপুণ বৰা
ৰাজ্যত মহাজোট গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰাৰ ৷ কংগ্ৰেছৰ নেতৃত্বত শীঘ্ৰে মহাজোট গঠন প্ৰক্ৰিয়া ইতিবাচক দিশত আগবাঢ়িছে বুলি মত প্ৰকাশ কৰে ৰিপুণ বৰাই ৷
প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন । শীৰ্ষ কৰ্প'ৰেট নেতা, চৰকাৰী বিষয়া আৰু নেতাই অংশগ্ৰহণ কৰিব সন্মিলনত।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিজুলীৰ পোহৰ পৰিল জাঁজীমুখৰ ফুকনবাৰীত
বিগত বহু বছৰৰ পৰাই বিজুলীৰ পোহৰৰ পৰা বঞ্চিত হৈ আছিল জাঁজীমুখৰ গড়খাৱৈৰ ফুকনবাৰীবাসী ৷ এই সন্দৰ্ভত 30 আগষ্টত ইটিভি ভাৰতযোগে প্ৰচাৰ হোৱা এক বাতৰিৰ পাচতে সম্ভৱ হৈ উঠে এই কাম ৷
''তেলচুৰা''ৰ পৰিচালক জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ দেহৱসান
জনপ্ৰিয় ইউটিউবাৰ "তেলচুৰাৰ" পৰিচালক জীতেন মাষ্টৰ দেহৱসান ৷ গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে ৷ ৰাজবংশীৰ মৃত্যুত শোকস্তব্ধ অজস্ৰ গুণমুগ্ধ ৷
বিটিচিৰ উন্নয়নৰ ধনেৰে বৈধ-অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰা হৈছিলঃ নৱ কুমাৰ শৰণীয়া
বিটিচিৰ নিৰ্বাচন লৈ ঠায়ে ঠায়ে গণ সুৰক্ষা পাৰ্টী বা অন্য লোকৰ ওপৰত হৈ থকা আক্ৰমণ সন্দৰ্ভত নৱ শৰণীয়াই কয় যে, এয়া কোনো পধ্যেই সহ্য কৰিবলগীয়া কথা নহয়, এয়া অতিকে দুৰ্ভাগ্যজনক। প্ৰশাসনক নিৰপেক্ষ ভাৱে এনে অপশক্তি সমূহক দমন কৰিবলৈ দাবী জনায় সাংসদগৰাকীয়ে ।
বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ
বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত চৰকাৰৰ বিভিন্ন কাম কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল কংগ্ৰেছ । কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক দূৰ্গা ভূমিজৰ তীব্ৰ কটাক্ষ শাসনাধীষ্ঠ বিজেপি চৰকাৰক ৷