ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...
5 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 15, 2021, 5:01 PM IST

বামুণী পাহৰত হাতীৰ মৃত্যু:এয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰিণতি নে অন্য কোনো ৰহস্য !

নগাঁৱৰ বামুণী পাহাৰত উদ্ধাৰ হোৱা মৃত হাতী কেইটাৰ ফৰেনচিক অনুসন্ধানৰ বাবে মৃতদেহকেইটাৰ নাড়ী-ভুড়ি আৰু অন্যান্য নমুনা সংগ্ৰহ কৰা হয় ৷ খানাপাৰাৰ, পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু বিশেষজ্ঞৰ দল, NER DDL,পশুধন আৰু পশুপালন বিভাগ, জিলা পশু বিষয়া, CWRC-ৰ এটি দল, গোলাঘাটৰ FVO ৰ বিশেষজ্ঞৰ দল, অসম ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসক আৰু বিশেষজ্ঞৰ দল আৰু WWF ভাৰতৰ বিশেষজ্ঞৰ দলে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত হাতী কেইটাৰ নমুনা সংগ্ৰহ কৰে ৷

ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা

হাতীকেম্প নামৰ ঠাইত দুই অচিনাক্ত দুৰ্বৃত্তই আগভেটি ধৰে ব্যৱসায়ী জনক ৷ কিছু সময় তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছতেই নিচেই কাষৰ পৰা তিনিটাকৈ গুলী মাৰি হত্যা কৰে ব্যৱসায়ী জনক ৷

ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰীত্ব লাভ কৰাৰ পাচতে প্ৰথমবাৰৰ বাবে নিজ সমষ্টি পাটাছাৰকুছিত উপস্থিত হৈ কৰ’ণাত মৃত্যু হোৱা ছয় গৰাকী দুৰ্ভগীয়া পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

দিহিং পাটকাইৰ কথাৰে...

দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য। ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, আপাৰ দিহিং আৰু ডিৰাকক সামৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃত লাভ কৰে । শেহতীয়াকৈ ২০২০ বৰ্ষত চৰকাৰে অসমৰ মানচিত্ৰত এই অভয়াৰণ্যক ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ।

মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক

মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক । ৪৩ গৰাকীক ক'ভিড এন্টিজেন পৰীক্ষা । ইয়াৰে এগৰাকী মহিলা আৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দেহত ক'ভিড পজিটিভ ।

কোচিত আজি 'টাউক্তে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা

শনিবাৰে কোচিৰ সমীপত 'টাউক্তে' ঘূৰ্ণীবতাহ ধুমুহা পৰিণত হোৱাৰ সম্ভাৱনা আছে । শুকুৰবাৰে কেৰালাৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হৈছিল আৰু সাগৰত প্ৰচণ্ড ঢৌ দেখা গৈছিল । বিপদৰ আশংকা কৰি, ৰাজ্যখনৰ দক্ষিণ দিশত সাগৰৰ পাৰৰ অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছিল ।

হাজোৰ ঐতিহাসিক গণেশ মন্দিৰত চোৰৰ হাত চাফাই অভিয়ান

শুকুৰবাৰে নিশা হাজোৰ অভয়পুৰৰ শিলাদ্বাৰ পাহাৰত অৱস্থিত গণেশ মন্দিৰত সংঘটিত হৈছে এক চুৰিকাণ্ড ৷ ঐতিহাসিক গণেশ মন্দিৰৰ প্ৰণামী বাকচ ভাঙি চোৰে লুটি নিলে নগদ ধনৰ লগতে বাকচৰ ভিতৰত থকা সোণ-ৰূপৰ আ-অলংকাৰো ৷ চুৰিকাণ্ডক লৈ চিন্তিত এতিয়া সৰ্ব-সাধাৰণ ৰাইজ ।

আৰ্তজনৰ কাষত অভিনেতা চনু চুড

কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত দৰিদ্ৰ লোকৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপ লৈছে বলীউডৰ অভিনেতা চনু চুডে । শুকুৰবাৰে মুম্বাইস্থিত বাসগৃহৰ সন্মুখত সহায় বিচাৰি অহা লোকক সাক্ষাৎ কৰে অভিনেতাজনে । লগতে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিয়ে ।

নিৰ্বাচনোত্তৰ হিংসা: নন্দীগ্ৰাম পৰিদৰ্শন কৰিলে জগদীপ ধনখড়ে

শনিবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখড়ে নিৰ্বাচনোত্তৰ হিংসাৰ দ্বাৰা প্ৰভাৱিত নন্দীগ্ৰামৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আহ্বান ৰাজ্যপাল ধনখড়ৰ ৷ বিভেদকামী শক্তিক নিয়ন্ত্ৰণ কৰা উচিত বুলি মন্তব্য ৰাজ্যপাল গৰাকীৰ ৷

কৰ'ণাই প্ৰাণ কাঢ়িলে মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃ অসীম বেনাৰ্জীয়ে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.