হৰিনামৰ ধ্বনিৰে মুখৰিত কলিয়াবৰ
বিহুৰ হুঁচৰিয়ে আজিও প্ৰাধান্য পাই আহিছে গ্ৰামাঞ্চলত । গাঁৱৰ গৃহস্থৰ চোতালে-চোতালে বছৰটোৰ কুশলাৰ্থে আশীৰ্বাদ দিবলৈ উপস্থিত হয় হুঁচৰি দল । বাপতি সাহোন ৰঙালী বিহুত হুঁচৰি গোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গ’ল কলিয়াবৰত । পুৰুষ-মহিলা, ডেকা-গাভৰু মিলি গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ চোতালত হুঁচৰি গাই পৰম্পৰা অটুট ৰখা পৰিলক্ষিত হয় । কলিয়াবৰত ঢোলৰ বিপৰীতে সংগত কৰা হয় খোল, নাগাৰা, বৰতাল, পাতিতাল, কৰতাল-ৰেপনি আদি । এতিয়া হৰিনামৰ হুঁচৰিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ চৌপাশ । ব’হাগত গৃহস্থৰ চোতালত হুঁচৰি গাবলৈ অহা ৰাইজৰ পদধূলাই আশীষ ধন্য কৰি তুলিছে প্ৰতিঘৰ গৃহস্থক ।
ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
ৰাজ্যত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ লোকজনৰ নাম বাদল নাগ (৮০) বুলি জানিব পৰা হৈছে ৷ বাদল নাগৰ ঘৰ চাপৰৰ ৫ নং ৱাৰ্ডৰ নাগ পট্টিত ৷
কামপুৰত ড্ৰাগছসহ আটক দুই যুৱক
কামপুৰ আৰক্ষীৰ অভিযান ৷ কৰেক্স বটলৰ লগতে নিচাযুক্ত টেবলেটসহ আটক দুই যুৱক ৷
ভালুকপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় ৰিপন বসুমতাৰী নামৰ এজন যুৱক ৷
কলিয়াবৰত চিনাক্ত বহিঃৰাজ্যৰ ক’ভিড সংক্ৰমিত মহিলা
কলিয়াবৰৰ শিলঘাট ৰে'ল ষ্টেচনত এগৰাকী ক’ভিড সংক্ৰমিত মহিলা চিনাক্ত ৷ ২৬ বছৰীয়া মহিলাগৰাকীৰ ঘৰ ৰাজস্থানত বুলি জনাইছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগে আক্ৰান্তক ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷
কৰ্তব্যৰত আৰক্ষীক বিহুৰ শুভেচ্ছা মাৰোৱাৰী যুৱ মঞ্চৰ
বিহু বুলি ক'লেই অসমৰ মান, অসমীয়াৰ প্ৰাণ আৰু অসমবাসীৰ স্বাভিমান । ইয়াৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে চাবুৱা মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়াই । চাবুৱাত কৰ্তব্যৰত আৰক্ষীসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মাৰোৱাৰী যুৱ মঞ্চই ৷ চাবুৱাৰ বিভিন্ন স্থানত বিহু নাচি,বিহু গাই আৰক্ষীসকলক ফুলাম গামোচাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাই সংগঠনটোৰ বিষয়-ববীয়াসকলে । কৰ্তব্যৰ মাজতো এপাক বিহু নাচিলে এইসকল আৰক্ষীয়ে ।
হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কিহৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ ?
বৰঝাৰ বিমান বন্দৰৰ সমীপৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক । জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, শ্বেৰমান আলীকে ধৰি কংগ্ৰেছৰ কেইজনো শীৰ্ষ নেতৃত্ব এই বৈঠকত উপস্থিত আছে ৷ এই বৈঠকৰ প্ৰাক মূহুৰ্তত সাংবাদিকক সম্বোধন কৰি হৰ্ছট্ৰেডিং এক ভুৱা প্ৰচাৰ বুলি মন্তব্য প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে ৷ সমান্তৰালভাৱে নিৰ্বাচন আয়োগৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷
ৰূপহীহাটত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতত আহত 7
ৰূপহীহাটৰ গড়াজানত ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় হিংসাত্মক ঘটনা ৷ উক্ত হিংসাত্মক ঘটনাত দুয়ো ফৈদে পৰস্পৰে পৰস্পৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ যাৰ ফলত দুয়ো ফৈদৰ 7 গৰাকী লোক আহত হ’বলগীয়া হয় ৷
পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ
ৰঙিয়াত পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসে নীতি বৰ্হিভূতভাৱে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ ৷
বিহুৰ দিনা সলিল সমাধি ঘটা যুৱকৰ পৰিয়াললৈ সমবেদনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
বিশ্বনাথৰ ঘিলাধাৰী নৈত গৰু বিহুৰ দিনা চতীয়া পুৰণি গাঁৱৰ ভাৰ্গৱ মন্ত্ৰী আৰু অকন্যা মন্ত্ৰী নামৰ দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ৷ একেদিনাই ডিব্ৰুগড়ৰ লেজাই বাঁহবাৰীৰ দিহিং নদীত গা ধুবলৈ গৈ মৃত্যুক আকোঁৱালি লয় শিৰোমণি বৰা আৰু চানু খনিকৰ নামৰ আন দুজন যুৱকে ৷