ETV Bharat / state

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ..... - চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....
চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....
author img

By

Published : Jun 2, 2020, 4:03 PM IST

হাজোত নাঁও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা পাঁচগৰাকী মাছমৰীয়াৰ

হাজোৰ একাদিৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিয়ে এখন নাঁও ৷ দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে পাঁচগৰাকীকৈ মাছমৰীয়াৰ ৷

হাইলাকান্দিত ভয়াৱহ ভূমিস্খলনঃ নিহত 7, আহত ৫

মঙলবাৰে পুৱা হাইলাকান্দিৰ ভটৰবজাৰ আৰু মোহনপুৰত ভয়াৱহ ভূমিস্খলনৰ ফলত 7 জনকৈ লোক নিহত হোৱাৰ লগতে একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ মৃত্যু হয় । মৃত সকলৰ ভিতৰত ৪ টা শিশু থকা বুলি জানিব পৰা গৈছে । ভূমিস্খলনত আহত হৈছে ৫ জন ব্যক্তি।

তামুলপুৰত যুৱকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া

কৰ'ণা আতংকৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁওত কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ এজন যুৱকৰ ৷ এজন কোভিড-১৯ ৰোগীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতেই এইদৰে আৰক্ষী বিষয়াৰ ওপৰত জঁপিয়াই পৰে এজন যুৱক ৷

বেজেৰাত কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ

পি এম কিষাণ নিধিৰ পিছতে ৰাজ্যত কৃষি বান্ধ নিৰ্মাণৰ নামত উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত ৰাম ঠগন কৃষকক ৷ অভিযোগ অনুসৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডত কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷

শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা

উত্তৰ পূবৰ দুৱাৰমুখ তথা আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ পৰীক্ষণ চকীত নাই মানুহৰ দীঘলীয়া শাৰী। দুদিন পূৰ্বে অজস্ৰ লোকৰ কোলাহল হৈ থকা শ্ৰীৰামপুৰ পৰীক্ষণ চকীত আজি কৰ্মচাৰীৰ ব্যস্ততাও কমি আহিছে ৷

বৰপেটাৰ বনিয়াকুছিত ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ

বৰপেটা জিলাৰ বনিয়াকুছিত সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ । লক ডাউনৰ ফলত আৰ্থিক সংকটত পৰাৰ বাবে চৰকাৰৰ পৰা বিভিন্ন সহায়ৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজে ৷

যোৰহাটত প্ৰতিবাদত নামিল শৰীৰ চৰ্চা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু প্ৰশিক্ষক

মাৰ্চৰ 15 তাৰিখৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ আছে শৰীৰ চৰ্চা কেন্দ্ৰসমূহ ৷ পঞ্চমটো লক ডাউনত জ'ন সাপেক্ষে বহুখিনি ক্ষেত্ৰত শিঠিলতা কৰা হৈছে কিন্তু এইবাৰো শৰীৰ চৰ্চা কেন্দ্ৰসমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে ৷ ফলত যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হৈ যোৰহাটত প্ৰতিবাদত নামিছে শৰীৰ চৰ্চাবিদ আৰু প্ৰশিক্ষক সন্থাই ৷

উত্তৰ গুৱাহাটীত ৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ

আটাইকেইজন গৌৰীপুৰৰ ব্ৰহ্মপুত্ৰ ইনডাচট্ৰি পাৰ্কৰ মুকুণ্ড পলি প্ৰদাক্ট কোম্পানীৰ শ্ৰমিক। আক্ৰান্ত আটাইকেইজনক বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে ৰোগী চাৰিজনৰ সৈতে একেলগে থকা পদুম বড়োক কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে ।

কাছাৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 গৰাকীয়ে

ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা ৷ প্ৰায় 20 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ কাছাৰতো 7 জন লোকৰ মৃত্যু ৷

বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহি আছে ছিংগাপুৰৰ বিশেষজ্ঞৰ দ'ল

তিনিচুকীয়াৰ বাঘজানৰ ঘটনাৰ সম্পকে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰিৰ সৈতে বাৰ্তালাপ ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱাল । পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণ হোৱাৰ আশা প্ৰকাশ ৰাইজৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.