ETV Bharat / state

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Mar 5, 2021, 3:02 PM IST

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1.ৰূপহীহাটৰ জুৰীয়াত কংগ্ৰেছ দলৰ ডিজিটেল প্ৰচাৰ অভিযান

বিধান সভা নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ৰূপহীহাটত কংগ্ৰেছৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৷ বিধানসভা নিৰ্বাচনৰ বাবে ৰূপহীহাটত কংগ্ৰেছে চলাইছে ডিজিটেল প্ৰচাৰ ৷ ৰূপহীহাট সমষ্টিৰ জুৰীয়াস্থিত জুৰীয়া দ্বি-সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে কংগ্ৰেছে‌ চলায় এই ডিজিটেল প্ৰচাৰ ।

2.বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচি (Autonomous State Demand Committee) ৰ এক সংবাদমেল ৷ ভাৰতীয় জনতা দলক প্ৰতিহত কৰাৰ লক্ষৰে সকলো দল এক হোৱাৰ বাবে যো-যা চলাইছে ৰাজ্যৰ ৰাজনৈতিক দল তথা ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সংগঠন সমূহে ৷

3.ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়

পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ তালিক প্ৰায় প্ৰস্তুত কৰি তুলিছে বিজেপিয়ে ৷ ভৱানীপুৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক থিয় কৰোৱাৰ সম্ভাৱনা ৷ নন্দীগ্ৰামৰ পৰা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ালে তেওঁৰ বিৰুদ্ধে থাকিব বিজেপিৰ সুভেন্দু অধিকাৰী ৷

4.আয়ুৰ্বেদে দূৰ কৰিব পাৰে ভ্ৰমণ ক্লান্তি, অৱসাদ

ৰাজহুৱা পৰিবহণ ব্যবস্থাৰ উন্নয়ন হোৱাৰ আগলৈকে আমি ভ্ৰমণ কৰিছিলোঁ মাথোঁ ঘোঁৰাৰ গতিৰে । এতিয়া আমি ঘণ্টাত ১০০কি:মি: গতিৰে উৰিব পাৰো আৰু বিভিন্ন টাইম জ'ন পৰিভ্ৰমণ কৰিব পাৰোঁ । যেতিয়া আমি বিভিন্ন টাইম জ'ন অৰ্থাৎ সময় ক্ষেত্ৰ পৰিভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ অৱসাদ আহে, টোপনিত ব্যাঘাট হয় আৰু সময়ৰ খেলি মেলিৰ বাবে আমাৰ টোপনিৰ সময় সলনি হয় । যেতিয়া আমি পূৱ অথবা পশ্চিমৰ ফালে যাওঁ, তেতিয়া আমি বেছিকৈ ক্লান্ত অনুভৱ কৰোঁ ।

5.ছয়গাঁৱত চোৰাং গৰু সহ এজনক আটক

কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাঁৱত আৰক্ষীয়ে অভিযান চলাই ৮ টা গৰুসহ চোৰাং সৰৱৰাহত ব্যৱহৃত এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত বাহন খনৰ চালককো আটক কৰে ছয়গাঁও আৰক্ষীয়ে ।

6.ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম

উত্তৰ গুৱাহাটী ফুলুঙত বৃহস্পতিবাৰে যুৱতীসহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক ৷ আটকাধীন দুই যুৱকৰ নাম ৰোহিত বড়ো আৰু নয়নজ্যোতি ভূঞা ৷

7.বিহালীত মহাজোঁটৰ প্ৰাৰ্থী চিপিআই (এম এল) নেতা বিবেক দাস

বিহালীত মহাজোঁটৰ প্ৰাৰ্থী চিপিআই (এম এল) নেতা বিবেক দাস ৷ উৎফুল্লিত চিপিআই (এম এল) কৰ্মীৰ ঘৰে ঘৰে ঝুমুৰ নাচ ৷ গুৱাহাটীত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল তথা 'কা' বিৰোধী একাংশ দলৰ মাজত হোৱা বৈঠকৰ অন্ত পৰাৰ পাছতে দাসক বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় ৷

8.জম্মু আৰু কাশ্মীৰত গ্ৰেনেড উদ্ধাৰ

জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল সুৰক্ষা কৰ্মী ৷ শুকুৰবাৰে ৰাতিপুৱা কোনো সন্দেহজনক সন্ত্ৰাসবাদীয়ে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷

7.গোলাঘাটত দিনদুপৰতে চিলনী চোৰৰ ত্ৰাস

গোলাঘাটত দিনদুপৰতে চিলনী চোৰৰ ত্ৰাস । গোলাঘাটৰ হাস্পতাল ৰোডৰ এছবিআই জীৱন বীমাৰ গ্ৰাহকৰ পৰা ডেৰ লাখ টকা লৈ উধাও হ‘ল দুই হেলমেট পৰিহিত চিলনী চোৰ ।

8.ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ পথ অৱৰোধ

ৰঙিয়াৰ তুলসীবাৰীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এপ'ল মিলৰ কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজে । আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কনভয়ৰ লগতে শ-শ যান বাহন উক্ত স্থানত আৱদ্ধ হৈ পৰিছে ।

9.নিৰ্বাচনলৈ সাজু ধুবুৰী জিলা প্ৰশাসন

অসম বিধান সভা নিৰ্বাচনলৈ সাজু হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ ধুবুৰী জিলাৰ মুঠ ভোটাৰ 9 লাখ 51 হেজাৰ 543 জন। জিলাখনত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 1422 টা ৷ 1422 টা ভোটকেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা 128 টা ৷

10.মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰ পৰা অহা নৈশ বাছৰ সৈতে মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা বলেৰ' পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোৰ ফলত বলেৰ' পিকআপ ভানখন বিধস্ত হৈ পৰাৰ ফলত ভানখনৰ ভিতৰত থকা শ্ৰমিক কেইজন আবদ্ধ হৈ পৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.