আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে
দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা সংবিজিতৰ অস্ত্ৰ সম্বৰণ ৷ টেলিভিজনৰ পৰ্দাত পোন প্ৰথমবাৰৰ বাবে আহিব সংবিজিত ৷ মঙলবাৰে মুখ্যমন্ত্ৰীৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিব সংবিজিতে ৷ সম্প্ৰতি পিডিচিকে‘ৰ অধ্যক্ষ সংবিজিত কাথাৰ ৷ গুৱাহাটীৰ কলাক্ষেত্ৰত সংবিজিতে কৰিব আত্মসমৰ্পণ ৷
আলফাৰ সংবাদমেল: গুৱাহাটী প্ৰেছ ক্লাবৰ বিৰুদ্ধে গোচৰ
ভাৰতীয় আইন অনুসৰি কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ বক্তব্য কোনো সংবাদ মাধ্যমে গ্ৰহণ কৰাটো আইনমতে দণ্ডনীয় ৷ তেনেস্থলত গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াই বিগত 21 ফেব্ৰুৱাৰীত আলফা(স্বা) ৰ হৈ সংবাদমেল অনুষ্ঠিত কৰাৰ বিষয় সন্দৰ্ভত আইনৰ কাষ চাপিছে বিশ্বজিত নাথ নামৰ এজন ব্যক্তি ৷
মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক নাকী লগাবলৈ সাজু চৰকাৰ: হিমন্ত বিশ্ব শৰ্মা
সোমবাৰে চিলাপথাৰত আয়োজিত প্ৰধানমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত পোনে পোনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহে নাহৰকটীয়াৰ চাচনীলৈ ৷ চাচনীৰ টিকিৰাবালিত ২৭ কোটি টকা ব্যয় সাপেক্ষে বুঢ়ীদিহিঙৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া এখন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে মন্ত্ৰী শৰ্মাই অংশগ্ৰহণ কৰে মেৰবিল খেলপথাৰত আয়োজিত এখন সভাত ৷
চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্ম বিৰতি
ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি সৰ্বাত্মক কৰ্ম বিৰতিৰ কাৰ্যসূচী পালন কৰিছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ।
গুৱাহাটীৰ ৰাজপথত দপদপকৈ জ্বলিল এম্বুলেঞ্চ
গুৱাহাটীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ । অগ্নিকাণ্ডৰ সময়ত এম্বুলেঞ্চৰ ভিতৰত আছিল ৰোগী ।
বাংলাদেশত উপস্থিত ভাৰতীয় বায়ুসেনা প্ৰধান
চাৰিদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশত উপস্থিত হৈছে ভাৰতীয় বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল আৰ কে এছ ভাদুৰিয়া ৷
চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ !
চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টজনৰ লগত সু-সম্পৰ্ক নথকাত ৰোগী আৰু অভিভাৱকে প্ৰায়েই সমস্যাৰ সন্মুখীন হয় । ফাৰ্মাচিষ্টজনৰো অভব্য আচৰণৰ অভিযোগ বহু পুৰণি । ফলত দীৰ্ঘদিন ধৰি স্থানীয় ৰোগীয়ে সমস্যা ভোগ কৰি আহিছে ।
কৰ'ণাসৃষ্ট সংকটৰে মোকাবিলা কৰাত স্বাস্থ্যখণ্ড সফল হৈছে: প্ৰধানমন্ত্ৰী
চলিত বৰ্ষৰ স্বাস্থ্যখণ্ডৰ বাজেটক অসাধাৰণ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । মঙলবাৰে তেওঁ কয় যে, বিগত বৰ্ষত COVID-১৯ মহামাৰী দেশৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বান আছিল । কিন্তু দেশে সফলতাৰে এই সংকট বহুখিনি দূৰ কৰিবলৈ সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভূক্ত নগাঁৱৰ যুৱকৰ
নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত কঠালগুৰি-চাৰমুং গাঁৱৰ অম্লানজ্যোতি জি ম'মিনে ইণ্ডো-নেপাল গেমছ ২০২১ ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্বাচিত হৈছে ৷ অম্লানৰ এই সফলতাত আনন্দিত অঞ্চলবাসী ৷
হায়দৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ
বিশ্বৰ আটাইতকৈ গতিশীল চহৰ হিচাপে পৰিচিত হ’ব বিচৰা হায়দৰাবাদৰ শিৰস্তানত খোদিত কৰা হৈছে এটি দুৰ্লভ মুকুতা ৷ সেউজ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চলাই থকা প্ৰচেষ্টাৰ পুৰস্কাৰ হিচাপে ৰাষ্ট্ৰসংঘৰ সন্থা এফ এ অ’ৰ সৈতে কাম কৰা ‘আৰ্ব’ৰ ডে’ ফাউণ্ডেছনে’ হায়দৰাবাদক ২০২০ বৰ্ষৰ ‘ট্ৰী চিটি’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৷