ETV Bharat / state

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

TOP 10 AT 3PM
3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Nov 12, 2020, 3:00 PM IST

জেএনইউত বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

স্বামী বিবেকানন্দ এজন বৌদ্ধিক আৰু আধ্যাত্মিক নেতা ৷ তেওঁ ভাৰতত স্বাধীনতা,বিকাশ,সমন্বয় আৰু শান্তিৰ বাৰ্তাৰে যুৱ প্ৰজন্মক উদগনি দিছিল ।

সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ তথা বৰ্তমানৰ উপ-মুখ্য সেনাধ্যক্ষ মনােজ ৰাভা ওৰফে দৃষ্টি ৰাজখােৱাই ৷ দৃষ্টিৰ লগত আত্মসমৰ্পণ আন চাৰিজন কেডাৰৰ ৷ দৃষ্টি ৰাজখােৱাক বিচাৰি অসম তথা মেঘালয় আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)এ দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল যদিও চতুৰ নেতাগৰাকীক আটক কৰিবলৈ সক্ষম হােৱা নাছিল ।

হাতত উদ্যত অস্ত্ৰ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত আঠ গৰাকী বিশেষ মহিলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক লেখত ল’ব লগীয়া দিশ হৈছে বৰ্তমানৰ সুৰক্ষা ব্যৱস্থা । এই সুৰক্ষা ব্যৱস্থাৰ মূল কাৰণ হৈছে বৰ্তমান সংযুক্ত হোৱা নতুন সুৰক্ষা বাহিনী স্পেচিয়েল ৰাইনো প্ৰটেকশ্যন ফ’ৰ্চ । ৮ গৰাকী মহিলাই এই বাহিনীত আনিছে এক বিশেষ গুৰুত্ব ।

মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ প্ৰতিবাদত বহিল পুত্ৰ

মাতৃত ডি ভোটাৰ ঘোষণা ৷ মাতৃক ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ পুত্ৰৰ অভিনৱ প্ৰতিবাদ ৷ ভুৱা গোচৰত মাতৃক ডি ভোটাৰ সজোৱাৰ অভিযোগ পুত্ৰৰ ৷

মণিপুৰৰ থৌবাল জিলাত জব্দ 287 কোটি টকাৰ ব্ৰাউন চুগাৰ

মণিপুৰৰ থৌবাল জিলাৰ কামুৰ পৰা জব্দ কৰে 72 কিলোগ্ৰাম ব্ৰাউন চুগাৰ ৷ যাৰ বজাৰ মূল্য প্ৰায় 287 কোটি টকা ৷ দুৰ্গম আৰু অন্ধকাৰ অঞ্চলৰ এটা শৌচাগাৰৰ পৰা উদ্ধাৰ কৰে ব্ৰাউন চুগাৰ খিনি ৷

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ ঘোষণা

কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতি পুনৰোদ্ধাৰৰ বাবে ঘোষণা কৰিলে বৃহৎ অৰ্থনৈতিক পূঁজি 2.0 ৰ ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলযোগে এই পূঁজিৰ বিষয়ে ঘোষণা কৰে ৷ কোভিড-19 মহামাৰীৰ সময়তে কেন্দ্ৰীয় চৰকাৰে 20 বিলিয়ন ডলাৰৰ এক বৃহৎ অৰ্থনৈতিক পূঁজিৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াক পৰৱৰ্তী সময়ত তৰপে তৰপে মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷

শ্ৰীৰামপুৰত 20 লক্ষাধিক মূল্যৰ গাঞ্জা জব্দ

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা ৷ গাঞ্জাখিনি জব্দ কৰাৰ লগতে আটক তিনিগৰাকী ব্যক্তি ৷ জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা ৷

‘শেষ নিশ্বাস পৰ্যন্ত আছুৰ বাবেই কাম কৰি যাম’’- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিজৰ স্থিতিত অটল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ ওদালগুৰিত পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা জনে । ‘‘মই দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়া মানুহৰ হকে কাম যাম’’ বুলি মত প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ ৷ ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰা বিষয়টো প্ৰধান বিষয় হ'ব দুলীয়াজান অধিৱেশনৰ ৷ অসমত এখন পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ পোষকতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শান্তা কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰসংঘত তিব্বত প্ৰসংগ উত্থাপন কৰাৰ উপৰি তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰিছে ৷

নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"

ভাৰতীয় নৌ-সেনাত সংযোজন অত্যাধুনিক প্ৰযুক্তিসম্পন্ন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন ৷ মাজগাঁও ডকত নিৰ্মাণ কৰা ছাবমেৰিণখন নৌ-সেনাৰ প্ৰজেক্ট 75ৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক উদ্বোধন কৰে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.