ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 AT 3PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 3PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 30, 2020, 3:02 PM IST

শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত 2020 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ লগতে বহু কেইগৰাকী মন্ত্ৰী, বিষয়ববীয়া আৰু বিধায়ক অনুষ্ঠানটোত উপস্থিত থাকে ৷ চলিত বৰ্ষত এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ 34 কোটি টকা ৷

SI কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ SI কেলেংকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্য লগতে যোৰহাটতো তীব্ৰ প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ । উল্লেখযোগ্য যে, অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা আৰু চুতীয়া জনগোষ্ঠীক "পূৰ্ণ স্বায়ত্ব শাসিত পৰিষদ" প্ৰদানৰ দাবীত বুধবাৰে যোৰহাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

এখন দলীয় সভাত সমাগত নিৰ্বাচনৰ বিষয়ে কেতবোৰ মন্তব্য আগবঢ়ায় 81 নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামে ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত এক ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হ'ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

তামুলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

তামুলপুৰৰ কুমাৰীকাটা-নাগ্ৰিজুলী সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

আহিনৰ বানে বিধস্ত কৰিছে ধেমাজি জিলাৰ বহুকেইখন গাঁও

মুষলধাৰ বৰষুণৰ ফলত চিয়াং নৈৰ বাঢ়নী পানীয়ে জোনাই মহকুমাৰ অন্তৰ্গত পাৱ মুখ, ভেড়া মিলন, জলডুবি,লোহিতপুৰ দেউৰীগাঁও,হৰিপুৰ দেউৰী গাঁৱকে আদি কৰি ক্ষতিগ্ৰস্ত হৈছে ৩০ খনতকৈ অধিক গাঁওৰ সহস্ৰাধিক লোক ।

বানৰ প্ৰৱল সোঁতত উটি গ’ল বাইকসহ যুৱক

গোৱালপাৰাৰ জলেশ্বৰত চকুৰ সন্মুখতে দেখা যায় এক ভয়ংকৰ দৃশ্য ৷ বানত উটি গৈছে বাইকসহ এজন যুৱক ৷ সৌভাগ্যক্ৰমে যুৱকৰ লগতে উটি যোৱা বাইকখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ ৷ জিলাখনত আহিনমহীয়া ব্ৰহ্মপুত্ৰৰ পানী দীৰ্ঘদিনে উন্মুক্ত হৈ থকা চিলাৰভিটা মথাউৰিৰে সোমাই প্লাৱিত কৰে এক বিস্তীৰ্ণ অঞ্চল ৷ উল্লেখ্য যে,বছৰটোৰ দ্বিতীয়টো বানত ছিঙি গৈছিল চিলাৰভিটা মথাউৰি ।

বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত

বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত কৰিলে লক্ষ্ণৌৰ এক বিশেষ আদালতে ৷ 1992 চনৰ 6 ডিচেম্বৰত অযোধ্যাত মছজিদ ধংসৰ সৈতে জড়িত এই গোচৰ ৷

ভাৰতত 62 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণাৰ সংক্ৰমণে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি,ভাৰতত সোমবাৰলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 62,25,763 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্য়া 97,497 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷

৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান

৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান ৷ পূৰ্বে বুধবাৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে টিয়কৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ চূড়ান্ত ৰায় প্ৰদানৰ ঘোষণা কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.