ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি - Top 10 at 3 pm

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Top 10 at 3 pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Dec 9, 2022, 5:02 PM IST

Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল সম্বোধন । বিজেপি আৰু আপৰ গোপন বুজাবুজিৰ বাবে গুজৰাটত কংগ্ৰেছে বিপৰ্যয়ৰ সন্মূখীন হ'বলগীয়া হ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন । হিন্দুত্বৰ কথা কোৱা বিজেপি শোচনীয় পৰাজয়ৰ সন্মূখীন হ'ল হিমাচলত(Himachal pradesh election 2022)।

APCC Expells ZPC member Shahjahan Ali: আজমলৰ চুমাৰ বাবেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হ'ল এজন নেতা

বদৰুদ্দিন আজমলৰ চুম্বনেই কাল হ’ল এগৰাকী কংগ্ৰেছ নেতাৰ(Expelled from party’s primary membership ) ৷ জনসমাৱেশত অংশগ্ৰহণৰ বাবে যোৱা আজমলে সোণতলীস্থিত শ্বাহজাহান আলীৰ ঘৰত উপস্থিত হৈ আলীৰ কপালত মৰমতে খাইছিল চুমা ৷ এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত ।

Ashok Borsaikia funeral: শেষকৃত্য সম্পন্ন হ’ল ফিল’বাৰীৰ আছু নেতা অশোক বৰশইকীয়াৰ

শেষকৃত্য সম্পন্ন কৰা হ’ল ফিল’বাৰীৰ আছু নেতা অশোক বৰশইকীয়াৰ(AASU Leader Ashok Borsaikia) ৷ আজি পুৱা ছাত্ৰ নেতাগৰাকীৰ নশ্বৰদেহ নিজ বাসগৃহলৈ অনাৰ পিছতেই শতাধিক ৰাইজৰ উপস্থিতিত সম্পন্ন হয় শেষকৃত্য ৷ উল্লেখ্য যে, ডিমা হাচাও জিলাৰ দৈয়াংমুখৰ পানীমুখস্থিত এটা ফেক্টৰীত কৰ্মৰত হৈ থকা অৱস্থাতে ফেক্টৰীত সুমাই অকাল মৃত্যু হয় ছাত্ৰ নেতাগৰাকীৰ ৷

Cyclone Mandus: দক্ষিণৰ উপকূলত ঘূৰ্ণী বতাহ মাণ্ডুছৰ প্ৰাদুৰ্ভৱ

বংগোপ সাগৰৰ দক্ষিণ-পূব উপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ মাণ্ডুছ দক্ষিণ উপকূলীয় অন্ধ্ৰ আৰু তামিলনাডুৰ উপকূলৰ কাষ চাপিছে (Cyclone Mandus news)। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, ই ঘণ্টাত ৬ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে ।

Helath condition of Shivnath Barman : গুৰুতৰভাবে অসুস্থ বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বর্মন

যোৱা ৩ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বৰ্মন । বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁৰ চিকিৎসা চলাই থকা হৈছে (Helath condition of Shivnath Barman)। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

Pranjal Pratim Tamuli won silver: ৰাষ্ট্ৰীয় চাব জুনিয়ৰ কাৰাটেত প্ৰাঞ্জল প্ৰতিমৰ ৰূপৰ পদক অৰ্জন

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম সন্তানৰ সফলতা ৷ ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত (National sub junior Karate championship)ৰহাৰ প্ৰাঞ্জল প্ৰতিম তামুলীয়ে ৰূপৰ পদক অৰ্জন কৰে (Pranjal Pratim Tamuli won silver)৷ যোৱা ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ দিল্লীৰ টালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি ৪৫ কেজি কুমিটে শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় প্ৰাঞ্জলে ৷ নগাঁও জিলাৰ ৰহাৰ ৰহা কাৰাটে ক্লাবৰ ছাত্ৰ ১১ বছৰীয়া প্ৰাঞ্জল ৷ প্ৰাঞ্জলৰ এই সাফল্যত গৌৰৱান্বিত তেওঁৰ প্ৰশিক্ষক ৷

Literary Pension 2022 : সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মীৰ কথাৰে...

ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন (Literary pension for the year 2022 announced)৷ ৰাজ্যৰ মুঠ ২৩ গৰাকী বিশিষ্ট অসমীয়াক প্ৰদান কৰা হৈছে এই পেঞ্চন (Literary Pension 2022) ৷ এই পেঞ্চনাৰসকলৰ ভিতৰত আছে শোণিতপুৰৰ মনোমতী কুৰ্মীৰ নাম ৷ মনোমতী কুৰ্মী হৈছে চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৷ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন গ্ৰহণ কৰা কুৰ্মীৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Fatty liver: ফেটি লিভাৰ ৰোগ বিপজ্জনক ! ফেটি লিভাৰ নহ'বলৈ কি খোৱা উচিত

নন-এলকহলিক ফেটি লিভাৰ ডিজিজ কিয় হয়? এই ৰোগ নিৰাময়ৰ উপায় কি ? ইয়াৰ বিষয়ে সবিশেষ জানো আহক...

Spice Jet flight delayed by 12 hours : ১২ ঘণ্টা পলমকৈ উৰিল বিমান, বিমানবন্দৰত যাত্ৰীৰ প্ৰতিবাদ

একাংশ যাত্ৰীৰ প্ৰতিবাদত উত্তাল হ'ল বাৰাণসী বিমানবন্দৰ (Passengers protest at Varanasi airport)। মুম্বাই অভিমুখী স্পাইচ জেট বিমানৰ যাত্ৰা ১২ ঘণ্টা পলম হোৱাৰ বাবেই ক্ষোভিত যাত্ৰী । পুৱা ১০:৩০ বজাত যাবলগীয়া বিমান অৱশেষত উৰা মাৰিলে নিশা ১০.৩০ বজাত ।

Mushroom production from paddy straw: শুকান ধানখেৰৰ পৰা কাঠফুলা উৎপাদন টিংখাঙৰ উদ্যমী যুৱকৰ

শুকান ধানখেৰক লৈ টিংখাঙৰ এজন উদ্যমী যুৱকে কঢ়িয়াই আনিছে নতুন সম্ভাৱনা । কাঠফুলাৰ টোপোলাৰ উদ্যোগেৰে স্বাৱলম্বী হৈ উঠিছে যুৱকজন । টিংখাঙৰ কেন্দুগুৰি চুৰাটনিবাম গাঁৱৰ অচিন্ত মেচ নামৰ উদ্যমী যুৱকজনে বিগত প্ৰায় ৭ বছৰে চলাই আহিছে কাঠফুলাৰ ব্যৱসায়(Mushroom cylinder industry at Tingkhong) ।

Man arrested with pistol : মহানগৰীত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী যুৱক

শুকুৰবাৰে হঠাৎ বশিষ্ঠত সৃষ্টি হয় এক হুস্থূলীয়া পৰিৱেশৰ ৷ বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত বশিষ্ঠৰ দেহাল পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিবেকানন্দ টাইড নামৰ অস্ত্ৰধাৰী এজন যুৱকক (Man arrested with pistol at Dehal path) ৷ বিবেকানন্দৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ পিষ্টল ৷ ইয়াৰে এটা ছিংগুল বেৰেল আৰু এটা পইণ্ট এয়াৰ বন্দুক বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.