ETV Bharat / state

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Mar 4, 2021, 3:08 PM IST

শুকুৰ আলী OUT জছিম খান IN

ৰাজ্যত নিৰ্বাচনীৰ গৰম বতাহ বলি থকাৰ মাজতে এইবাৰ চেঙা সমষ্টি উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল চমুকৈ VPI দল ৷ চাৰিবাৰৰ কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদক বাহিৰ কৰি VPI দলৰ যুৱনেতা জছিম খানক চেঙা সমষ্টিত অন্তৰ্ভূক্ত কৰিবলৈ মন মেলিছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল দলে ৷ যাৰ বাবে সঘনে এতিয়া চেঙা সমষ্টিৰ চুকে-কোণে দেখিবলৈ পোৱা গৈছে VPI দলৰ সাম্ভাব্য প্ৰাৰ্থী জছিম খানক ৷

অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযান

ছবি পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপস্বী পান্নুৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাই জব্দ কৰে কেবাখনো নথি-পত্ৰ । প্ৰায় ১১ ঘন্টাজোৰা চলা অভিযানত লেপটপ, ম'বাইল আৰু বেঙ্ক সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । মুম্বাইকে ধৰি পুনেৰ প্ৰায় ২২ টা স্থানত আয়কৰ বিভাগৰ অভিযান ।

দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ

দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশ্লেষকসকলক আকৌ এবাৰ ফলাফলসমূহ ফঁহিয়াই চাবলৈ বাধ্য কৰাইছে । অনুষ্ঠিত হোৱা পাঁচটা পৌৰসভা সমষ্টিৰ ভিতৰত চাৰিটাই আম আদমি পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হোৱাটোৱে ইয়াকে সূচায় যে, দলটোৱে দিল্লীত নিজৰ দখল সবল কৰি ৰাখিবলৈ সক্ষম হৈছে ।

নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বাধ্যতামূলক কোভিড প্ৰতিষেধক

শোণিতপুৰত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে ল’ব লাগিব কোভিড-19 ৰ প্ৰতিষেধক ৷ আগন্তুক নিৰ্বাচনত শোণিতপুৰত নিয়োজিত হ'ব মুঠ 9 হাজাৰ বিষয়া-কৰ্মচাৰী ৷ 7 মাৰ্চৰ ভিতৰত গ্ৰহণ কৰিব লাগিব এই প্ৰতিষেধক ৷

টিংখাঙত চিপিআইএমএলৰ মনোনয়ন পত্ৰ সংগ্ৰহ

চিপিআইএমএল দলে আজি ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ পৰা সংগ্ৰহ কৰিছে মনোনয়ন পত্র ৷ মহাজোঁটৰ সিদ্ধান্তত নিৰ্ভৰ কৰিব চিপিআইএমএল-ৰ ৰণকৌশল ৷

চাইনিজ পেন গান আৰু গুলীসহিতে ধৃত এক

কাছাৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ কাছাৰৰ লক্ষীপুৰত আৰক্ষীয়ে এটা চাইনিজ পেন গান আৰু ১০ জাই সজীৱ গুলীসহ আটক কৰে এজন লোকক l

দুৰ্গ অটুট থাকিবনে মহন্তৰ !

সলনি হোৱাৰ দিশে বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে সকলো ৰাজনৈতিক দলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে-কোণে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ৷ তদুপৰি বহুকেইজন অগপ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত ৷

নিৰ্বাচনী প্ৰচাৰৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী

বুধবাৰে ৰূপহীহাট সমষ্টিৰ সূঁতিৰপাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী । বিজেপি দলৰ পৰা টিকট লাভৰ সম্ভাৱনা চৌধুৰীৰ ৷

পাঁচ বছৰীয়া ভুলৰ ক্ষমা বিচাৰিলে নিজাম উদ্দিন চৌধুৰীয়ে

আবেগভৰা মন্তব্যৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিলে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷ বিগত পাঁচ বছৰৰ ভুলৰ ক্ষমা বিচাৰি আলগাপুৰ সমষ্টিত তেওঁক পুনৰ জয়ী কৰোৱাৰ আহ্বান চৌধুৰীৰ ৷

মাজুলীৰ বনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীৰ বনগাঁৱত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ফাৰ্মাচী আৰু হোটেলকে ধৰি কেইবাখনো বিপণী ৷ অগ্নিকাণ্ডৰ ফলত লাখৰো অধিক ক্ষতিসাধন হোৱাৰ সম্ভাৱনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.