ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 28, 2020, 3:06 PM IST

পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

চলিত শিক্ষা বৰ্ষত পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ৩০% পাঠ্যক্ৰম কৰ্তনেৰে অনুষ্ঠিত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰণ কৰা ।

উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3

শেহতীয়াকৈ স্থলসেনাধ্যক্ষ আৰু বৈদেশিক সচিবে ভ্ৰমণ কৰিছিল ম্যানমাৰ ৷ দুয়োগৰাকী শীৰ্ষ বিষয়াৰ ভ্ৰমণৰ পিচতেই ম্যানমাৰ সেনাই আৰম্ভ কৰিছে অপাৰেশ্বন ছানৰাইজ-3 ৷

Covid 19: ভাৰতৰ আক্ৰান্ত ৰাজ্যসমূহৰ শেহতীয়া তথ্য

মহাৰাষ্ট্ৰত 16,54,028 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,463 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,32,069 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,78,496 গৰাকী ব্যক্তিয়ে ৷

মাংগালুৰু বিমান বন্দৰত ৩২.৯৩ লাখ টকা মূল্য সোণ জব্দ

কৰ্ণাটকৰ মাংগালুৰু বিমান বন্দৰত অবৈধভাৱে সৰবৰাহ কৰা সোণ জব্দ । সীমা শুল্ক বিভাগৰ অভিযানত ৩২.৯৩ লাখ টকা মূল্য সোণ জব্দ । ডুবাইৰ পৰা অহা এগৰাকী যাত্ৰীৰ পৰা জব্দ কৰে সোণখিনি ।

শ্ৰীনগৰত NIAৰ অভিযানক লৈ মেহবুবা মুফটিৰ কটাক্ষ

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক বি জে পিৰ 'পালিত সংস্থা' আখ্যা দিলে পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰধান মেহবুবা মুফটিয়ে। বুধবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আকস্মিকভাৱে অভিযান চলোৱাক লৈ মুফটিয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ সাব্যস্ত ৷ বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ বিভাগটোৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে একাধিক দাবীৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

এই 337 এপৰ ওপৰত সাৱধান, চুৰি কৰিব আপোনাৰ ব্যক্তিগত তথ্য

স্মাৰ্টফোনৰ সহায়ত তথ্য চুৰি কৰিবলৈ হেকাৰে বাচি লৈছে নতুন পদ্ধতি ৷ হেকাৰে এক নতুন মালৱেৰ প্ৰস্তুত কৰিছে যাৰ সহায়ত এবাৰতেই বহুতো গোপনীয় তথ্য চুৰি কৰিব পাৰি ৷ এই মালৱেৰৰ নাম হৈছে ব্লেকৰক, যাৰ বিষয়ে চলিত বৰ্ষৰ মে' মাহত তথ্য লাভ কৰা গৈছিল ৷ প্ৰতিবেদন অনুসৰি, হেকাৰে 337টা এনড্ৰ'ইড এপৰ জৰিয়তে ব্যৱহাৰকাৰীক নিজৰ চিকাৰ বনায় ৷

নিৰ্বাচনী কুচ-কাৱাজত নামি পৰিছে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাস

মঙলবাৰে লখিমপুৰৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বুধবাৰে পুৱাৰ ভাগত ৰাজপথত দলীয় সদস্যৰ সৈতে মৰ্ণিং ৱাক কৰা দেখা গ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসক ৷ নৱেম্বৰ মাহটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ মাহ হিচাপে বিবেচিত হোৱা বুলি উল্লেখ কৰি সদস্য অভিযান তীব্ৰ কৰি তোলাৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰে সভাপতি গৰাকীয়ে ৷

কাশ্মীৰ সঠিক পথেৰে আগবাঢ়িছে : 15 ক'ৰৰ জিঅ'চি বিএছ ৰাজু

জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শ্ৰীনগৰস্থিত স্থলসেনাৰ 15 ক'ৰৰ ক'ৰ কামাণ্ডাৰ জিঅ'চি লেফ. জেন. বি এছ ৰাজুৱে ৷

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত। সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এ কে ৫৬, ৩টা মেগজিন, এযোৰ দূৰবীণ, এটা ৰেডিঅ' ছেট, পাকিস্তানত তৈয়াৰী পিষ্টল, এটা পিষ্টল মেগজিন, চ'লাৰ চাৰ্জাৰ, এ কে ৰাউণ্ড-৭৯৩ আৰু এটা সৰু বেগ জব্দ কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.