বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান
বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামে আজি চেন্নাইৰ এমজিএম হেল্থকেয়াৰত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে, 74 বৰ্ষীয় সংগীত শিল্পীগৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱা বাবে 5 আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে অধিক গুৰুতৰ হৈ পৰিছিল সুব্ৰমনিয়ামৰ স্বাস্থ্য ৷
অসম সংগ্ৰামী মঞ্চ এৰিলে অদীপ কুমাৰ ফুকনে
অসম সংগ্ৰামী মঞ্চৰ দুগৰাকীকৈ সাধাৰণ সম্পাদক আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকীও নেতাসহ দল ত্যাগ অদীপ ফুকনৰ ৷
লক্ষ্য নিৰ্বাচন : পুনৰ চাৰিখন নতুন আঁচনি ঘোষণা হিমন্তৰ
সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে ন ন আঁচনি ঘোষণা কৰিব ধৰিছে শাসকীয় দলৰ চৰকাৰে ৷ ৰাজ্য চৰকাৰে পূৰ্বৰ তিনিখন আঁচনিৰ পিছতে পুনৰাই চাৰিখন নতুন আঁচনি ঘোষণা কৰে ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই চাৰি আঁচনি ৷
মাঞ্জা আৰক্ষীৰ জালত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছসহ তিনি যুৱক
বিশেষ তথ্যৰ ভিত্তিত শুকুৰবাৰে পুৱা ডিমাপুৰ-মাঞ্জা পথত আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
বিটিএডিৰ নতুন নাম বিটিআৰ : হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ অনুমোদনৰ পাচতে বিটিএডি ক বিটিআৰ হিচাপে নামাকৰণ কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
থোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা
বিশিষ্ট সংগীত শিল্পী এচ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান ৷ চেন্নাইত মৃত্যুক আঁকোৱালি লয় বৰ্ষীয়ান সংগীত শিল্পীগৰাকীয়ে ৷ ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ৷ তেখেতৰ মৃত্যু ভাৰতৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ থোৰতে এচ পি বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা...
গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা
ৰহস্যজনকভাৱে আত্মহত্যা কৰে গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে ৷ গোৱালাপাৰাস্থিত চৰকাৰী বাসভৱনত আত্মহত্যা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ ৷
নগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ
নগাঁৱত উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ ৷ হয়বৰগাঁও হাইস্কুলৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ বৰ্তমানলৈকে মৃতদেহটোৰ কোনো পৰিচয় বাহিৰ হোৱা নাই ৷
জন্মদিনত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন উপলক্ষে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ মহানগৰীত ধাৰাপুৰ আৰু আজাৰাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আৰক্ষী বিভাগৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ চৰকাৰে উচিত বিচাৰ কৰিব আৰু মিত্ৰ দলৰ সৈতে মিলি আগন্তুক নিৰ্বাচনত 100 আসন লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ অভিযোগত 7 জন লোকক গ্ৰেপ্তাৰ
বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ক্ৰমে দুটাকৈ পৃখত গোচৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে 7 লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে থকাৰ অভিযোগ উত্থাপন হৈছে ৷