ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা খবৰ

1 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 1PM
1 বজাৰ শীৰ্ষ 10 টা খবৰ
author img

By

Published : Oct 4, 2020, 12:59 PM IST

আজি বিশ্ব খোজকঢ়া দিৱস । যান্ত্ৰিকতাৰ মাজত মানৱ জীৱন একাকাৰ হৈ যোৱাৰ লগে লগে শাৰিৰীক পৰিশ্ৰম কমি আহিবলৈ ধৰিলে‌ । ফলত মানুহৰ মাজত বৃদ্ধি পাব ধৰিছে বিভিন্ন ৰোগৰ । এনে সময়ত শাৰিৰীক পৰিশ্ৰমৰ অন্য এক উপায় খোজকঢ়া সমগ্ৰ বিশ্বত স্বাস্থ্য সচেতন সকলৰ মাজত জনপ্ৰিয় হৈ উঠাৰ লগতে এনে শাৰিৰীক ব্যায়ামৰ প্ৰসাৰ আৰম্ভ হৈছে। সুস্বাস্থ্যৰ বাবে খোজকঢ়াটো এক মহৌষধ ৰূপে পৰিগণিত হৈছে। সমগ্র বিশ্বতে খোজকঢ়াটোক এক শ্ৰেষ্ঠ শৰীৰ চৰ্চা বুলি কোৱা হয়।

বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্বেইখ মজিবুৰ ৰহমানৰ 100 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লক্ষ্যৰে ভাৰতীয় নৌ-সেনা আৰু বাংলাদেশ নৌ-সেনাৰ মাজত আৰম্ভ হৈছে দুয়োখন দেশৰ নৌ-সামৰিক অনুশীলন বংগোসাগৰৰ দ্বিতীয় সংস্কৰণ ৷

শনিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী খোৰাঘাট বনাঞ্চলৰ অন্তৰ্গত বৈষ্ঠমঝোৰাত বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ ৷

যোৱা প্ৰায় তিনি মাহ ধৰি জলমগ্ন হৈ আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ । গড়কাপ্তানী পথটোৰ ধেপাৰগাঁও অঞ্চলত বৰ্তমানেও আছে এককাল পানী । ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণ ব্যাহত হৈ আছে অঞ্চলটোত ।

এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত কোটিটকীয়া অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগ । প্ৰাককলন অনুসৰি নিৰ্মাণ নকৰিলে বাউণ্ডেৰীৰ পকী দেৱাল ৷ শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ অনিয়মে পোহৰলৈ আনিছে বহু ভয়াৱহ তথ্য । ২০১৮-১৯ বৰ্ষত বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণৰ বাবে ১ কোটি, ২৪ লাখ ৮০ হাজাৰ টকা আবন্টন হৈছিল । বৰ্তমান ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

মৰিগাঁৱত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠন। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত চলিছে ঠিকাদাৰৰ এই লুন্ঠন। বছৰ বছৰ ধৰি আধৰুৱা হৈ পৰি ৰ’ল বহু হিতাধিকাৰীৰ আৱাস গৃহ নিৰ্মাণৰ কাম। নিৰৱ ভূমিকাত লাহৰীঘাটৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি জিলা প্ৰশাসন।

শনিবাৰে জাননী বিহীনভাৱে প্ৰত্যাহাৰ কৰা হয় এনডিএফবি(ছ)ৰ প্ৰাক্তন সভাপতি বি ছাউৰাইগ্ৰাৰ দেহৰক্ষী ৷ আনহাতে, উপিপিএল দলৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী বি আৰ ফেৰেঙ্গা ওৰফে ৰঞ্জিত বসুমতাৰীৰো ব্যাক্তিগত দেহৰক্ষী শনিবাৰে নিশাই প্ৰত্যাহাৰ কৰা হয় ৷

ৰাজ্যত গঠিত আঞ্চলিক দলসমূহক ৰাজনৈতিক দল বুলি ক'লে ভুল হ'ব,চেমনীয়াৰ দল বুলি ক'লেহে ভাল হ'ব ৷ শনিবাৰে বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় মুকলি কৰি এইদৰে নতুন ৰাজনৈতিক দলসমূহক কটাক্ষ কৰে মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি নিৰ্বাচনত নাম ল'বলৈ সুবিধা হ'বৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো আঞ্চলিক দলকে একলগ হ'বলৈ আহ্বান জনায় ৷

তামিলনাডুৰ পাল্লাদামত ধৰ্ষণৰ বলি হ'ল 22 বৰ্ষীয় অসমীয়া যুৱতী ৷ যুৱতীগৰাকী অসমৰ দৰং জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চাকৰিৰ সন্ধানত পাল্লাদামৰ কাল্লিমেডুত উপস্থিত হোৱা যুৱতীগৰাকীক ছয়জনীয়া এটা দলে ধৰ্ষণ কৰে

টীয়কত উপস্থিত 'ৰাইজৰ দল'ৰ আহ্বায়কৰ এটা দল ৷ নৱ গঠিত দলটোৰ আহ্বায়ক মণ্ডলিক দুই শতাধিক জনালে জনালে উষ্ম আদৰণি ৷ কৃষক নেতা অখিল গগৈক প্ৰাৰ্থীত্ব প্ৰদানৰ আহ্বান জনালে উপস্থিত স্থানীয় ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.