- গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ
- আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী ৷ জাতিৰ পিতাৰ জন্ম জয়ন্তী উপলক্ষে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আমি গান্ধীজীৰ পৰা শিকিবলগীয়া বহুখিনি আছে ৷ তেখেতৰ চিন্তা ধাৰাই সমৃদ্ধ আৰু উদাৰ ভাৰত গঢ়াত সহায়ক হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, কংগ্ৰেছ নেতা গুলাম নবী আজাদ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সিখাৱটেও শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে জাতিৰ পিতাক ৷
- পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক
- পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ'ল ডাইনীৰ সন্দেহত সাধাৰণ ৰাইজৰ নৃশংস কাণ্ড ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে ৷ ইমানতে শান্ত নাথাকি মৃতদেহ জ্বলাই দিয়াৰ তথ্যও পোহৰলৈ আহিছে।
- জালুকবাৰী আৰক্ষীৰ জালত আৰু তিনি ড্ৰাগছ সৰবৰাহকাৰী
- আৰক্ষীয়ে গুৱাহাটী মহানগৰীত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে মালিগাঁৱৰ বিভিন্ন এলেকাত জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলাই । অভিযানকালত তিনিটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে অৰুণ পানৱাৰ,জয় দাস,শান্তনু দে।
- বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ
- "বিটিচি হোৱাৰ পাছতহে বাগানপাৰা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমুহত দলং, কালভাৰ্ট, পকী ৰাস্তা হ'ল ৷ ভাৰত স্বাধীন হোৱা 74 বছৰ হ'ল ৷ কিন্তু আজিলৈকে বাগানপাৰা সমষ্টিত কোনে কিমান উন্নয়ন কৰিছে ৰাইজে দেখিছে"৷ বুধবাৰে বাগানপাৰা সমষ্টিত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ৷
- ৰাহুল গান্ধীক অপমানঃ বৰপেটা ৰোডত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
- কংগ্ৰেছ নেতা ৰাহুল গান্ধীক যোগী চৰকাৰৰ আৰক্ষীয়ে কৰা অপমান আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা ৰোডত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
- কটামনিত শক্তি বিভাগৰ উপ কাৰ্যালয় নিৰ্মানৰ দাবী
- পাথাৰকান্দি সমষ্টিৰ কটামনিত দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যা সমাধানৰ উদ্দেশ্যে অঞ্চনটোত শক্তি বিভাগৰ এটা উপ কাৰ্যালয় নিৰ্মানৰ দাবী উত্থাপন কৰে আমছুৱে ৷
- সূদীৰ্ঘ সাত মাহৰ অন্তত চলিল কামাখ্যা-মূৰ্কংচেলেক যাত্ৰীবাহী ৰেল
- ক’ৰণা মহামাৰীৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল দেশৰ সকলো ৰেলসেৱা ৷ চৰকাৰে লক ডাউন শিথিল কৰাৰ পিছতে দেশৰ আন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো পুনৰ আৰম্ভ হৈছে ৰেল সেৱা ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল কামাখ্যা-মুৰ্কংচেলেকৰ মাজত বন্ধ হৈ থকা যাত্ৰীবাহী ৰেল সেৱাও ৷
- বিভিন্ন দাবীৰে নগাঁৱত আছাৰ উত্তাল প্ৰতিবাদ
- বাগিছাৰ কৰ্মচাৰী সকলৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য বহু কেইটা দাবীৰে নগাঁও জিলাৰ আছা কমিটিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ নিৰ্বাচনৰ পূৰ্বে এই দাবী সমুহ পুৰণ নকৰিলে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰত্যেক চাহবাগিছা অঞ্চলত বিজেপি বৰ্জন কৰা হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
- আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া
- "তৃণমূল কৰ্মীয়ে বিচাৰিলেই নহয়, দলৰ কেন্দ্ৰীয় নেতৃত্বইহে সিদ্ধান্ত লব আমগুৰিত মিত্ৰজোট থাকিবনে নাই"৷ আমগুৰি সমষ্টিৰ ঐতিহাসিক গজলা সত্ৰৰ আধাৰশিলা অনুষ্ঠান উপস্থিত থাকি এই মন্তব্য বিজেপিৰ জেষ্ঠ নেতা তথা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ ৷
- বিটিচি পৰিষদীয় নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ
- বিটিচি পৰিষদীয় নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত আৰু বিটিআৰ চুক্তিৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে ৷ ইয়াৰ উপৰিও বিপিএফ দলৰ উদ্যোগতো উলিওৱা হয় বিশাল বাইক ৰেলী ৷
1 বজাৰ শীৰ্ষ 10 টা খবৰ