ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 23, 2021, 11:02 AM IST

11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 11 PM
11 বজাৰ দহটা শীৰ্ষ বাতৰি

ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

দেওবাৰে পুৱতি নিশা ধনশিৰিত সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিহত 6 জন অচিনাক্ত তথা সন্দেহজনক ডিএনএলএ সদস্য ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী ৷

বন্দীত্বৰ সময়ছোৱাত ৰিতুল শইকীয়াক কি ক’লে পৰেশ বৰুৱাই ?

শনিবাৰে ৰিতুল শইকীয়াৰ মুক্তিৰ পাচতে তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ লগতে আত্মীয় সকলৰ মুখত বিৰিঙিছে হাঁহি ৷ শনিবাৰে ৰিতুল শইকীয়া বাসগৃহত আহি উপস্থিত হোৱাৰ পাছতে বৈছে আনন্দৰ বন্যা ৷ শনিবাৰে সন্ধিয়া নিজৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি ব্যক্ত কৰিলে অপহৃত হিচাপে কটোৱা দিনৰ অভিজ্ঞতা ৷

কৰ’ণাৰ সৈতে যুঁজিবলৈ মুখ্যমন্ত্রীয়ে নিজৰ পুঁজিৰ পৰা দিলে ৩ লাখ টকা

কৰ’ণা মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজ খনলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ জমা পুঁজিৰ পৰা ৩ লাখ টকা আগবঢ়াইছে । এই ধন কৰ’ণা ভেকচিন ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ’ব ।

ক’ভিড আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণক এএমচিলৈ প্ৰেৰণ

ক'ভিডত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণক শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্ত্তি কৰোৱা হৈছে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত ১৮ মে'ত তেওঁকে ধৰি ৫২ জন কয়দীৰ সৈতে আলফা নেতা গৰাকীৰ দেহত পোৱা গৈছিল ক’ভিডৰ অৱস্থিতি ৷

টাউটেৰ পিছত এইবাৰ আহিছে ঘূৰ্ণী বতাহ য়াছ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শনিবাৰে পূৱ-মধ্য বংগোপ সাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় ৷ ঘূৰ্ণী বতাহ য়াছৰ সাম্ভাব্য তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ মাছমৰীয়াসকলক ২৩ মে'ৰ সন্ধিয়াৰ পৰা সাগৰলৈ নাযাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷

সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুণাসূঁতিলৈ

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি লখিমপুৰৰ ঘুণাসূঁতিত সোৱণশিৰি নৈৰ খহনীয়া। ঘাগৰ আৰু সোৱণশিৰি নৈ একলগ হৈ ঘুণাসূঁতিক এফালৰ পৰা খহাই গৈছে । যাৰ ফলত এক প্ৰকাৰ অঘৰী হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল ৷

ক’ভিডৰ দ্বিতীয় ঢৌত অধিক আক্ৰান্ত হৈছে নৱ প্ৰজন্ম

ক’ভিড 19 ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে, 30-39 আৰু 40-49 বছৰ বয়সৰ লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি আৰু 60 বছৰৰ ঊৰ্ধৰ লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস হৈছে ৷ ইয়াৰ দ্বাৰা এইটোৱে প্ৰতীয়মান হৈছে যে, ক’ভিড 19 ৰ দ্বিতীয় ঢৌৱে প্ৰাপ্তবয়স্ক লোকক সংক্ৰমণ কৰাতকৈ নৱ প্ৰজন্মক বেছি সংক্ৰমিত কৰিছে ৷

নিৰ্মাণৰ পাচতে বহি গ'ল ঐতিহাসিক বৰফুকন আলিৰ কালভাৰ্ট

খোৱাঙত নিৰ্মাণৰ পিছতে বহি গ'ল ঐতিহাসিক বৰফুকন আলিৰ কালভাৰ্ট ৷ কোটিটকীয়া পথত দুৰ্ঘটনাৰ আশংকা স্থানীয় ৰাইজে ৷

প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল মাজুলীৰ পঞ্চায়ত প্ৰতিনিধি

ক'ভিড প্ৰট'কল মানি মাজুলীৰ ৰাওনা পাৰত জিলাখনৰ 20 খন গাঁও পঞ্চায়তৰ সদস্যৰ প্ৰতিবাদ ৷ জিলাখনৰ গাঁও পঞ্চায়তৰ সদস্য সকলে চৰকাৰী সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

মল্লযোদ্ধা সুশীল কুমাৰক দিল্লীত গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ মল্লযোদ্ধা সুশীল কুমাৰ ৷ পঞ্জাৱ আৰু ৰাজধানী চহৰ নতুন দিল্লীৰ ভিন্ন এলেকাত মল্লযোদ্ধাজনক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.