ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি... - news@11

11 বজাৰ শীৰ্ষ 10 বাতৰি...

Top 10 @ 11 PM
11 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Jan 9, 2021, 11:02 AM IST

বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট

কৃষকৰ বিক্ষোভ সম্পূৰ্ণ ৰাজনৈতিক আৰু চৰকাৰে এই সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ বহুকেইটা বিচ্ছিন্নতাবাদী সংগঠনে কৃষকৰ আন্দোলনক উদ্গনি যোগাইছে আৰু সেয়ে এই আন্দোলন সম্পূৰ্ণৰূপে ৰাজনৈতিক হৈ পৰিছে ৷ পোখৰাণত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ ৷

টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পৰ একাউন্ট

"@realDonaldTrumpৰ টুইটসমূহ আৰু ইয়াৰ বিষয়বস্তুৰ সুক্ষ্ম নিৰীক্ষণৰ পাছত এই পোষ্টসমূহে টুইটাৰৰ ভিতৰত আৰু বাহিৰত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰিয়েই ভৱিষ্যতে কেপিট’লৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ একাউন্টটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷"-এক বিবৃতিত এনেদৰে কয় টুইটাৰে ৷

আন্তৰাষ্ট্ৰীয় বিমান সেৱাৰ পুনৰ বুকিং আৰম্ভ কৰিছে কান্টাছে

অষ্ট্ৰেলিয়াৰ উপ প্ৰধান মন্ত্ৰী মাইকেল মেককৰ্মাকে কান্টাছৰ পৰিকল্পনা স্বত্বেও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে আন্তৰাষ্ট্ৰীয় সীমা পুনৰ খোলা নহ'ব বুলি জানিবলৈ দিয়ে । অৱশ্যে অষ্ট্ৰেলিয়াৰ চৰকাৰে নিউজিলেণ্ডৰ দৰে ক’ৰণাৰ সংক্ৰমণ কম হোৱা দেশবোৰৰ সৈতে যাতায়ত ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে ।

31 মাৰ্চলৈকে ভাড়া অপৰিৱৰ্তিত ঘৰুৱা বিমান সেৱাৰ

দেশৰ অসামৰিক বিমান প্ৰাধিকৰণ মন্ত্ৰালয়ে শুকুৰবাৰে সদৰী কৰিছে যে, ঘৰুৱা বিমানৰ উৰণৰ ক্ষেত্ৰত 31 মাৰ্চলৈকে ভাড়া অপৰিৱৰ্তিত থাকিব ৷ এয়াৰ লাইনছসমূহে প্ৰতিখন বিমানৰ ক্ষেত্ৰত সৰ্বনিম্ন 20 শতাংশ আসন বিক্ৰী কৰাটো প্ৰয়োজনীয় বুলি প্ৰকাশ কৰে ৷

জম্মু কাশ্মীৰত হাই স্পীড ইণ্টাৰনেট সেৱা ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত হাই-স্পীড ইণ্টাৰনেট সেৱা ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ জম্মু-কাশ্মীৰ প্ৰশাসনে ২২ জানুৱাৰী পৰ্যন্ত বাহাল থকাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৷

এখন শক্তিশালী ভাৰতৰ ভব্য প্ৰতীক

মোদী চৰকাৰে 75 সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসলৈ নতুন সংসদ ভৱন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিগত বৰ্ষৰ 10 ডিচেম্বৰত নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ৷

সন্মুখত ভোগালী:পূৰ্ণ প্ৰস্তুতি ৰূপহীহাটত

সন্মুখত ভোগৰ উৎসৱ ভোগালী ৷ ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে নগাঁৱৰ ৰূপহীহাট বাসীয়ে ৷

শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

শদিয়াৰ মেগেলা গাঁৱত সংঘটিত পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ ফলত আহত হৈছে 16 গৰাকীকৈ লোক ৷ আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চপাখোৱা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড,10 টি নৱজাতকৰ মৃত্যু

মহাৰাষ্ট্ৰত চিকিৎসালয়ত অগ্নিকাণ্ড ৷ 10 টি নৱজাতকৰ মৃত্যু, 17 টি নৱজাতকক উদ্ধাৰ ৷

চাকৰি নিযুক্তি কেলেংকাৰীক লৈ তোলপাৰ নলবাৰী

নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ত সংঘটিত হৈছে নিযুক্তি কেলেংকাৰী ৷ কেলেংকাৰীত সাঙুৰ খাই পৰিছে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ নাম ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নলবাৰীত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.