ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি... - top 10 at 11 am

11 বজাৰ শীৰ্ষ 10 বাতৰি...

11 বজাৰ শীৰ্ষ 10 বাতৰি...
11 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Nov 10, 2021, 11:14 AM IST

IIT গুৱাহাটীত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি

মঙলবাৰে গুৱাহাটী আই আই টিত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি কৰা হয় ৷ কেন্দ্ৰকেইটা উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত জিলিকিল জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা

বিশ্বৰ অন্যতম পুৰণি ফটোগ্ৰাফীৰ সংগঠন 'FIAP' ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইটালীৰ 'Foto Arte' য়ে আয়োজন কৰা ফটোগ্ৰাফী প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

ভাৰতীয় টি-20 দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা

বিৰাট কোহলীৰ পিছত ভাৰতীয় টি-20 দলটোৰ অধিনায়কৰ দায়িত্ব ল’বলৈ সাজু ৰোহিত শৰ্মা ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টি-20 শৃংখলাত দলটোক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই ৷

কমলপুৰত ৰাজপথত দাউ-দাউকৈ জ্বলিল চাৰিচকীয়া বাহন

বাইহাটাৰ কমলপুৰৰ দলমাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা দাউ-দাউকৈ জ্বলিল টয়’টা বাহন । লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ ঘটনাৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপিত কৰিলে জুই । কোনো ধৰণৰ আৰোহী নথকা বাহনখনত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।

যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰে’ল ষ্টেচনত বোমাতংক

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মীৰাটত উপস্থিত হোৱাৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । ইয়াৰ মাজতে মীৰাট ৰে'ল ষ্টেচনত বোমা বিস্ফোৰণৰ ভাবুকি । কোনে আৰু কেনেকৈ দিলে এই ভাবুকি ?

অবৈধ সম্পৰ্কৰ প্ৰস্তাৱ নাকচ; কামনাৰ বলি বিবাহিতা মহিলা !

প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ধৰ্ষণ(Rape)ৰ অভিযোগ ৷ ভোগদহৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে এগৰাকী বিবাহিতা মহিলাক অবৈধ সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়াৰ পাচত সেই প্ৰস্তাৱ নাকচ কৰিছিল মহিলাগৰাকীয়ে ৷ যাৰ পৰিণতিত আতাউৰে মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰাজহুৱা স্থানত অবৈধভাৱে পোষ্টাৰ লগোৱা লোকৰ প্ৰমাণ দিলে GMC য়ে দিব ১০০০ টকাৰ পুৰস্কাৰ

এতিয়া পৰা গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত লগোৱা পোষ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নিগমে ৷ থু-খেকাৰ, পিক পোলৱা সম্পৰ্কতো মন্তব্য পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাৰ ৷ জানো আহক উৰণীয়া সেঁতুত সোমবাৰে নিশা জন্মদিন আয়োজন কৰা মহিলা সম্পৰ্কত কি ক’লে দেৱাশীষ শৰ্মাই ৷

২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন : প্ৰৱেশ হ’ব দুজনকৈ নতুন বিধায়কৰ

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ সময় ঘোষণা ৷ এইবাৰৰ শীতকালীন অধিৱেশনত বিধান সভাত দেখা যাব দুখনকৈ নতুন মুখ ৷

বৰুৱা দম্পতীৰ হত্যাকাণ্ড : ৰহস্যজনকভাৱে সলনি হৈছে আৰক্ষী-অভিযুক্তৰ ভাষ্য

প্ৰতিদিনে বেলতলাৰ বৃদ্ধ দম্পতী হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ ৷ আৰক্ষীৰ প্ৰথম ভাষ্য আছিল এই হত্যাকাণ্ডটো সম্পত্তিকেন্দ্ৰিক ৷ কিন্তু সেই ভাষ্য পৰৱৰ্তী সময়ত সলনি হৈছে ৷ একে সময়তে সলনি হৈছে অভিযুক্তৰ ভাষ্যও ৷

হোজাইৰ বেদখলৰ আঁৰত জড়িত ছিণ্ডিকেট চক্ৰ : শিলাদিত্য দেৱ

কোনো বিক্ষিপ্ত ঘটনা অবিহনে সমাপ্ত হ’ল হোজাইৰ উচ্ছেদ অভিযান ৷ বিশ্বনাথ, গৰুখুঁটিৰ পিছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুদিনীয়াকৈ হোজাইত চলিছিল এই উচ্ছেদ অভিযান ৷ উচ্ছেদকাৰ্যত প্ৰশাসনক সহায় আগবঢ়াইছিল বেদখলকাৰীসকলে ৷ তেওঁলোকে অস্থায়ী শিবিৰত বাহৰ পাতিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.