অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে ক'ভিড সম্পৰ্কীয় কেতবোৰ নতুন নিৰ্দেশনা জাৰি
ক'ভিড-১৯ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও সাৱধনতামূলক ব্যৱস্থা হিচাপে অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা লোকৰ বাবে আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক নহয় ।
বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী
মৃত্যুৰ দিশে গতি কৰিছে অসমৰ ঐতিহ্য বহনকাৰী ধুবুৰীস্থিত জুইশলা কাৰখানা(Fire Dealer Factory)টো ৷ ব্ৰিটিছৰ শাসনকালতে নিৰ্মাণ কৰা জুইশলা কাৰখানাটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে চৰকাৰলৈ একাধিক স্মাৰক পত্ৰ প্ৰেৰণ সচেতন মহলৰ ৷
আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ
ব্ৰিটিছৰ দিনতে চাহ বাগিচাত নিৰ্মাণ কৰা হৈছিল ৭০ শতাংশ শ্ৰমিকৰ বাস গৃহ । ৰাজ্যৰ ৮ শতাধিক বাগিচাত আছে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা আৰু বৰ্তমান উঁৱলি জৰাজীৰ্ণ ৰূপ লোৱা হাজাৰ হাজাৰ শ্ৰমিকৰ বাস গৃহ ।
পথাৰত দাৱনীৰ ঠাই ল’লে অত্যাধুনিক ৰেপাৰে
আমগুৰিৰ দিখৌমুখ পথাৰত এতিয়া ৰেপাৰ যন্ত্ৰৰ সহায়ত ধান কটাত ব্যস্ত কৃষক । কম খৰচ, কম সময় আৰু অত্যাধিক শ্ৰম লাঘৱ কৰি পথাৰত ব্যৱহাৰ হোৱা পৰিলক্ষিত হ’ল ৰেপাৰ যন্ত্ৰ । এদিনত প্ৰায় ১০/১২ বিঘা ধান কাটিব পৰা এই যন্ত্ৰৰ সহায়ত কৃষকে আৰ্থিক ক্ষেত্ৰত সকাহ লাভ কৰিব ।
লামডিং বনাঞ্চলত উচ্ছেদ অভিযান; কি হ’ব গৃহহাৰাৰ ?
দৰঙৰ ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযান, বিশ্বনাথৰ উচ্ছেদ অভিযানৰ দৃশ্যসমূহ এতিয়া নিশ্চয় সজীৱ হৈ আছে আপোনাৰ স্মৃতিত ৷ তেনে এক অভিযান এইবাৰ চলিল হোজাই জিলাত ৷ লামডিং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান ৷
নাগালেণ্ডত উদ্ধাৰ সন্দেহজনক নগা দুৰ্বৃত্তই লুটি নিয়া অসমৰ ম’হ
চৰাইদেউ আৰক্ষী(Charaideo Police)ৰ বৃহৎ সাফল্য ৷ অসমৰ পৰা সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ই লুটি নিয়া ম’হ(Buffalo) উদ্ধাৰ হৈছে নাগালেণ্ডত ৷
ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত
পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি আৰু চিপিআই(এম) দলৰ সংঘাত বৃদ্ধি পাইছে । বিজেপিৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ অভিযোগ তুলিছে চিপিআই(এম) দলে ।
বিমুদ্ৰাকৰণৰ পাঁচবছৰ সম্পূৰ্ণ : বৃদ্ধি পাইছে নোটৰ ব্যৱহাৰ
বিমুদ্ৰাকৰণ ঘোষণাৰ পাঁচ বছৰ সম্পূৰ্ণ ৷ ডিজিটেল লেনদেন বৃদ্ধি হোৱা স্বত্বেও প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।
End Of An Era : শাস্ত্ৰী কোহলীৰ অংশীদাৰিত্বৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত
সোমবাৰে টী-20 বিশ্বকাপ(T20 Worldcup)ত নামিবিয়াৰ বিৰুদ্ধে খেলা খেলখন আছিল মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী(Ravi Shastri) আৰু বিৰাট কোহলী(Virat Kohli)ৰ অন্তিমখন অংশীদাৰিত্বৰ খেল ৷ নামিবিয়াৰ বিৰুদ্ধে কৰা জয় লাভেৰে সমাপ্তি ঘটে শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰ ৷
টী20 বিশ্বকাপ : নামিবিয়াৰ বিৰুদ্ধে সহজ জয়ৰে বিদায় ল’লে ভাৰতে
টী 20 বিশ্বকাপৰ চুপাৰ ১২ পৰ্যায়ৰ অন্তিমখন মেচত নামিবিয়াই ভাৰতৰ সন্মুখত 133 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতে 15.2 অভাৰত এই লক্ষ্যত উপনীত হয় ৷ ক্ৰিজত অপৰিৱৰ্তিত হৈ ৰয় কে এল ৰাহুল(54) ৷