ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - গো-সুৰক্ষা বিধেয়ক

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 13, 2021, 10:59 AM IST

২৩ কোটিৰ কৰ ফাঁকি : এছ কে চেইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

অসমত জিএছটি আইনৰ আওতাত গ্ৰেপ্তাৰ কৰাৰ এয়া প্ৰথম ঘটনা । ২০১৯- ২০২১ চনত প্ৰায় ২৩ কোটি টকাৰ কৰ ফাঁকি দিছিল ব্যৱসায়ীজনে । জিএছটি (GST) ৰ পাছত এইটো অসমত সৰ্ববৃহৎ কৰ ফাঁকিৰ ঘটনা ৷

কি আছে গো-সুৰক্ষা বিধেয়ক 2021 ত ?

বহু বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক (cattle preservation bill) সোমবাৰে বিধান সভাত উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গৰুৰ চোৰাং ব্যৱসায় ৰোধ (control over illegal cattle trading) কৰাৰ লগতে গো-মাংস বিক্ৰী (selling of beef)ৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হৈছে বিধেয়ক খনত ।

চৰকাৰৰ বিফলতাৰ বাবে কিডনী বিক্ৰী কৰিব লগীয়া হৈছে : ৰাছেল হুছেইন

চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি সোমবাৰে ৰাইজৰ দলে এখন সংবাদ মেল (Press Meet)সম্বোধন কৰে ৷ গুৱাহাটী (Guwahati)মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে এই সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

"শক্তি"ক লৈ বিধানসভাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন(Budget Session)ৰ প্ৰথম দিনটোতে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ শক্তি বিভাগৰ কেতবোৰ কামকাজক লৈ বিধানসভাৰ মজিয়াত সৰব হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

শক্তিমন্ত্ৰী বিমল বৰাৰ কথাৰ বিপৰীতে কাম কৰিলে খোদ বিদ্যুৎ বিভাগে

শেহতীয়াকৈ ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই কাঠ-বাঁহৰ খুটা আৰু মকৰাৰ জাল সদৃশ বিদ্যুৎ পৰিবাহী তাঁৰ সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ মন্তব্য কৰিছিল ৷ এনে সময়তে পোহৰলৈ আহিছে, ৰঙিয়াৰ এটা অঞ্চলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বাঁহৰ খুটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ ব্যৱহাৰ কৰিব লগীয়া হোৱা ঘটনা ।

সত্ৰনগৰী মাজুলীত পুনৰ কৰ'ণাৰ গণসংক্ৰমণ

মাজুলীত পুনৰ কৰ'ণাৰ গণসংক্ৰমণৰ ঘটনা ৷ ডিব্ৰুগড়ৰ পৰা অহা দম্পতীৰ দেহত ক’ভিডৰ অৱস্থিতি । উক্ত দম্পতীৰ পৰাই গণসংক্ৰমণৰ অভিযোগ ৷ জিলাখনত এই পৰ্যন্ত 165 গৰাকী লোক কৰ'ণাত আক্ৰান্ত ৷

মঙলবাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

এতিয়াও ক’ভিড 19 (COVID-19) ৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই । মঙলবাৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে । ৰাজ্যৰ কেইখনৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আফগানিস্তানত অষ্ট্ৰেলিয়াৰ 20 বছৰীয়া উপস্থিতিৰ অৱসান

আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ পাচতে অষ্ট্ৰেলিয়াইও ল'লে অনুৰূপ সিদ্ধান্ত ৷ সুদীৰ্ঘ 20 বছৰীয়া উপস্থিতিৰ অৱসান ঘটাই নিজৰ সমৰ্থক বাহিনী ওভতাই নিয়াৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই ৷ 2013 চনত আফগানিস্তান এৰিছিল অষ্ট্ৰেলিয়াৰ বিমান বাহিনীয়ে ৷

ইউৰো 2020ৰ সৰ্বাধিক গ’লদাতা ক্ৰিষ্টিয়ানো ৰোনাল্ড’

ইউৰোপিয়াৰ চেম্পিয়নশ্বীপত (Europian Championship) 5 টা গ’ল দি সৰ্বাধিক গ’ল দিয়া খেলুৱৈৰ খিতাপ লাভ কৰিলে পৰ্টুগালৰ ফৰৱাৰ্ড খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৱে (Cristiano ronaldo) ৷

সুনীল ছেট্টীৰ এপাৰ্টমেন্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা

বলিউদৰ অভিনেতা সুনীল ছেট্টী(Suniel Shetty) বাস কৰা 'পৃথ্বী এপাৰ্টমেণ্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা ৷ শনিবাৰে বৃহানমুম্বাই পৌৰ নিগম(Brihanmumbai Municipal Corporation)এ অভিনেতাiৰাকীয়ে বাস কৰা এপাৰ্টমেণ্টটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.