ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 16, 2021, 11:03 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

চোৰাং সোণ বিচাৰি আৰক্ষীৰ ঘৰত আৰক্ষীৰ অভিযান

ৰাজ্যত গোপনে অব্যাহত আছে চোৰাং সোণৰ বেহা । চোৰাং সোণৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত নগাঁৱত ৰে’ল আৰক্ষীৰ ঘৰত আৰক্ষীয়ে চলালে অভিযান । নগাঁৱৰ পৰা আটক বিকানীৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পুত্ৰ ।

আমগুৰিত আবকাৰী বিভাগৰ অভিযানত নষ্ট ৩০০০ লিটাৰ চুলাই

আমগুৰি আবকাৰী বিভাগ(Amguri Excise Department)ৰ চুলাই বিৰোধী অভিযান ৷ দেওৰজা মানটনীয়াত আবকাৰী বিভাগে(Amguri Excise Department) নষ্ট কৰে ৩০০০ লিটাৰ চুলাই ৷

মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

চাবুৱাৰ হাতীআলি চাহ বাগিচাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৷ মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত আৰক্ষীৰ জালত ধৰা পৰিল পুনৰ এগৰাকী ভুৱা চিকিৎসক ৷ চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ইয়াকুব আলী আহমেদৰ নথি জালিয়াতিৰে চাবুৱাত দীৰ্ঘদিনে কৰ্মৰত হৈ আছিল লোকজন ৷

নলবাৰীত পথ দুৰ্ঘটনাত আৰক্ষী নিহত

নলবাৰীৰ জয়মঙলাত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত ৷ সনাতন বৰ্মন নামৰ কনিষ্টবলগৰাকী শোলমাৰা আৰক্ষী চকীত কৰ্মৰত আছিল ৷

অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা মিথানল উৎপাদনকাৰী প্ৰতিষ্ঠান অসম পেট্ৰ’ কেমিকেল লিমিটেডে(Assam Petro chemicals Ltd) পঞ্চাশটা গৌৰৱোজ্বল বৰ্ষ পাৰ কৰিলে ৷ ক’ভিড মহামাৰীৰ পৰিৱেশৰ বাবে উদ্যোগ কৰ্তৃপক্ষই সোণালী জয়ন্তী বৰ্ষ(Golden Jubilee Year) ক’ভিড নিয়মাৱলী(Covid Protocol) মানি উদযাপন কৰে ৷

ডিমা হাছাওৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ডিমা হাছাও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে হাফলঙত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ হাফলং অসামৰিক চিকিৎসালয়ত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আইচিইউৰ নিৰ্মাণৰ কামৰ বুজ লয় ।

কলগাছিয়াৰ গুনীয়ালগুৰিত পথ দুৰ্ঘটনা

কলগাছিয়াৰ গুনীয়ালগুৰিত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ পথেৰে গৈ থকা অৱস্থাত এখন গ্লেমাৰ বাইকে এগৰাকী মহিলা আৰু এটি শিশুক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

যোৰহাট আৰক্ষীৰ জালত অক্সিজেন চিলিণ্ডাৰ চোৰ

অক্সিজেন চিলিণ্ডাৰ চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল যোৰহাটৰ দুই চোৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(JORHAT MEDICAL COLLEGE HOSPITAL)ৰ এটা ৱাৰ্ডৰ পৰা চোৰ দুটাই অক্সিজেনৰ চিলিণ্ডাৰ(OXYGEN CYLINDER) চুৰ কৰিছিল । চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চিচি টিভিত চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় ৷ চিচি টিভি ফুটেজৰ ভিত্তিতে চিকিৎসা মহাবিদ্যালয় আৰক্ষী চকীৰ আৰক্ষীয়ে চুৰ দুটাক কৰায়ত্ত কৰে । ধৃত চোৰ দুটা মনজিৎ ঘাটোৱাৰ আৰু সঞ্জয় চাওতাল । ঘটনা সন্দৰ্ভত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে ।

কোকৰাঝাৰ হত্যাকাণ্ড সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে?

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত সংবাদমেল সম্বোধন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Bhaskarjyoti Mahanta)ৰ । সংবাদমেলত হত্যাকাণ্ডৰ বিৱৰণ দাঙি ধৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

মন্ত্ৰী বিমল বৰাৰ সৈতে ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ গুৰুত্বপূৰ্ণ বৈঠক

আলোচনাকালত মন্ত্ৰী বিমল বৰাই ৰাজ্যখনৰ দুয়োটা খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়া আৰু সংস্কৃতিৰ সকলো অংশীদাৰৰ বাবে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ কৰে । সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে এনে আলোচনাত মিলিত হোৱাৰ লগতে সমাধান বিচাৰিবলৈ চেষ্টা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.