ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 @ 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : May 8, 2021, 11:01 AM IST

চাৰ্টাৰ্ড বিমানযোগে পুৱাতেই দিল্লীলৈ ৰাওনা সৰ্বা-হিমন্ত

পুৱাই চাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওনা হয় সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ’ব সোণোৱাল আৰু ডঃ শৰ্মা ৷

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় প্ৰশাসন । এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰসভাই চহৰখনৰ নিউ মাৰ্কেট, কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিভিন্ন স্থানত কৰে চেনিটাইজেছনৰ ব্যৱস্থা ।

মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা

জন সাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত মৰিগাঁৱত তিনিটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা ৷ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি নিজৰাপাৰ, চৰাইবাহী আৰু কিশোৰ ক্লাবক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷

লখিমপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৯৩০ জনলৈ বৃদ্ধি

লখিমপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । জিলাখনত বৰ্তমানলৈকে ৯৩০ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত জিলাখনত কৰ'ণাত আক্ৰান্ত হৈছে ১১৭ জন ।

নৈশ বাছৰ খুন্দাত বিশ্বনাথত থিতাতে নিহত এজন ব্যক্তি

বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা । নৈশ বাছৰ খুন্দাত থিতাতে নিহত চিকিৎসালয়ৰ কৰ্মচাৰী ৷

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা

দেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশিক্ষণৰত এগৰাকী আৰক্ষী বিষয়াৰ ৷ শুকুৰবাৰে মহিমা চাহ বাগিচাৰ এজন কৰ্মচাৰীও কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল ৷

টিংখাঙত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা অভিযান

ক'ভিড-১৯ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদে সজাগতা অভিযান আৰম্ভ কৰিছে । শুকুৰবাৰে এই অভিযানৰ শুভাৰম্ভণি কৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰীয়ে । সোণোৱাল কছাৰী জাতীয় পৰিষদৰ তৰফৰ পৰা মাস্ক, হেণ্ডৱাচ, ছেনিটাইজাৰ বিতৰণ কৰা হয় ।

ধুবুৰীত ১৮ ৰ ঊৰ্ধৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান

শুকুৰবাৰৰ পৰা ধুবুৰীত ১৮-৪৪ বছৰৰ ভিতৰৰ লোকৰ ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । জিলাখনৰ সাতটা টীকাকৰণ কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

ধেমাজীত ড্ৰাগছৰ ঘাটি উৎখাত আৰক্ষীৰ

ধেমাজিত ড্ৰাগছৰ ঘাটি উৎখাত, এজন ড্ৰাগছ সৰবৰাহকাৰী আটক আৰক্ষীৰ ৷ উল্লেখ্য যে, বৰ্তমানেও জিলাখনৰ চিলাপথাৰত আছে কেবাটাও ড্ৰাগছ সৰবৰাহৰ বৃহৎ ঘাটি ৷

তেজপুৰত লক ডাউন ঘোষণাৰ সম্ভাৱনা

তেজপুৰৰ চ'ক বজাৰত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ ইংগিত জিলা প্ৰশাসনৰ । ক'ভিডৰ সকলো নীতি-নিয়ম ধূলিসাৎ কৰাৰ বাবে শোণিতপুৰ জিলা উপায়ুক্তই তেজপুৰ চ'ক বজাৰত লক ডাউন কৰিবলৈ বাধ্য হ'ব বুলি ঘোষণা কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.