ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : May 4, 2021, 11:02 AM IST

কোভিড-19: দিল্লীত বিগত 24 ঘণ্টাত 2.15 লাখৰো অধিক লোকক টীকাকৰণ

সামগ্ৰিকভাৱে, দেশৰ ভিতৰত গুজৰাটতে সৰ্বাধিক 18 ৰ পৰা 44 বছৰ বয়সৰ লোকক 1,08,188 টা কৰ'ণা ভেকচিন প্ৰদান কৰা হৈছে ৷ তাৰ পিছতে ৰাজস্থানে 75,817 গৰাকী লোকক আৰু মহাৰাষ্ট্ৰত 73,455 গৰাকী লোকক টীকাকৰণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

ভাৰ্চুৱেল সন্মিলনত অংশ ল'ব নৰেন্দ্ৰ মোডী-বৰিছ জনছনে

পৰস্পৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ ১০ বছৰীয়া কৌশলগত পৰিকল্পনা যুগুত কৰিবলৈ সাজু ভাৰত আৰু ইংলেণ্ড । মঙলবাৰে এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ।

বায়ুসেনাৰ C-17এ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ আনিলে ক্ৰায়’জেনিক অক্সিজেন কন্টেইনাৰ

ভাৰতীয় বায়ু সেনাৰ (আইএএফ) চি-17 বিমানখনে সোমবাৰে জাৰ্মানীৰ ফ্ৰাংকফুর্টৰ পৰা হিন্দনলৈ চাৰিটা খালী ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ লৈ উভতি আহে ৷ ভাৰতীয় বায়ু সেনা বিভাগে জনোৱা মতে, আমেৰিকাৰ ব্ৰিজ নৰ্টনৰ পৰা চেন্নাইলৈ মুঠ 900 টা অক্সিজেন চিলিণ্ডাৰ অনাৰ বাবে ইতিমধ্যে সকলো কাম সম্পন্ন কৰা হৈছে ৷

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল

আগৰতলা চাৰ্কিত হাউচৰ সমীপত থকা গান্ধী মূৰ্তিৰ ওচৰত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি মঙলবাৰে পুনৰ ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল যদিও প্ৰশাসনে ক'ভিড প্ৰট'কল ভংগৰ দোহাই দি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা শিক্ষক সকলক উভটাই পঠিয়াবলৈ চেষ্টা কৰাত শিক্ষকসকলেও সেই স্থানৰ পৰা আঁতৰি যায় ৷

টিএমচি কৰ্মীৰ হিংসাৰ বিৰুদ্ধে দেশজুৰি ধৰ্ণা ঘোষণা বিজেপিৰ

শাসকীয় তৃণমূল কংগ্ৰেছৰ পৃষ্ঠ পোষকতাত সংঘটিত হিংসাত্মক ঘটনাৰ বুজ ল'বলৈ বিজেপি সভাপতি জে পি নাড্ডা ৪ মে'ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম বংগত উপস্থিত থাকিব ৷

ত্ৰিপুৰাত ঘৰুৱা হিংসাৰ পৰিণতিত আহত 4জন ব্যক্তি

ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ অন্তৰ্গত কালাম চৌৰাৰ সীমাৰ অধীনত আশাকোৰী গ্ৰাম পঞ্চায়তৰ দুপুৰীবান্দাত, পাৰিবাৰিক কন্দলৰ পৰিণতিত বিল্লাল মিঞা নামৰ ব্যক্তি গৰাকীৰ ঘৰত কিছু ঘৰুৱা কণ্ডলৰ সৃষ্টি হয় ৷ যাৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় চাৰি জনকৈ লোক ৷ তাৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

মৰাণত চাঞ্চল্যকৰ হত্যাকাণ্ড: 3জনক আটক আৰক্ষীৰ

মৰাণৰ ৰংৰঙীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পৰকীয়া প্ৰেমৰ পৰিণতিত পত্নীয়ে স্বামীক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰিছে আৰক্ষীয়ে ৷

গোলাঘাটত অগ্নিকাণ্ডত জাহ গ'ল 6 খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত গোলাঘাটত সোমবাৰে নিশা সংঘটিত হয় এটা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত 6 খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়

কমনৱেল্থ গেমছ ভিলেজৰ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

দেশৰ ডাঙৰ ডাঙৰ মহানগৰ সমূহতো কৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ গুজৰাট, মুম্বাই আৰু দিল্লীত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা ৷ শেহতীয়াভাৱে ক'ভিড-19 ৰোগী ব্যাপক হাৰত বৃদ্ধিৰ পোৱাত সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱ পৰিলক্ষিত হৈছে ৷

কৰিমগঞ্জত ৮০ কিল'গ্ৰাম ওজনৰ মাছক লৈ বজাৰত ভিৰ

বৰাক নদীত সোমবাৰে 80 কিল'গ্ৰাম ওজনৰ এটা প্ৰকাণ্ড মাছ ধৰিবলৈ সক্ষম হয় কেইজনমান মাছমৰীয়াই ৷ প্ৰকাণ্ড মাছটো প্ৰত্যক্ষ কৰিবলৈ হেতওপৰা লাগে ৰাইজৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.