ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 @ 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : Apr 29, 2021, 11:01 AM IST

আৰক্ষী গুলীত নিহত আলফা(স্বা)ৰ এগৰাকী শীৰ্ষ নেতা

বৃহস্পতিবাৰে পুৱা প্ৰায় 5 বজাত মাণিকপুৰত আলফা(স্বা) আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় আলফা(স্বা)ৰ নেতা দ্বীপেন সাউদ ৷

প্ৰৱল অনাবৃষ্টিৰ ফলত দিশহাৰা কৃষক ৰাইজ

চলিত বৰ্ষত এপ্ৰিল মাহ পর্যন্ত বৰষুণ নোহোৱাত দুৰাৱস্থা নামি আহিছে মৰাণৰ চাহ কৃষকসকলৰ মাজত ৷ কিয়নো এইবেলি একাংশ বাগিচাত এবাৰো কেঁচাপাত চিঙিব পৰা নাই খেতিয়কসকলে ৷

পশ্চিমবংগৰ নিৰ্বাচন: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি পশ্চিমবংগত অনুষ্ঠিত হৈছে অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যখনৰ মুঠ 8 টা পৰ্যায়ত 294 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত 35 টা বিধানসভা সমষ্টিত 8,493,255 গৰাকী ভোটাৰে মুঠ 283 গৰাকী প্ৰাৰ্থীৰ পৰা ভাগ্য নিৰ্ণয় কৰিব ৷ মুঠ 35 টা সমষ্টিৰ ভিতৰত 11 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু বীৰভূম, 7 টা কলকাতা আৰু মালদাত 6 টা সমষ্টি আছে ৷

মৰিগাঁৱত 28 এপ্ৰিললৈ ক’ভিড সংক্ৰমণৰ হাৰ 1.4 শতাংশ

পহিলা এপ্ৰিলৰ পৰা মৰিগাঁও জিলাত মুঠ 31,813 গৰাকী লোকক ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন ৷ ইয়াৰে 448 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । বুধবাৰৰ দিনটোত ক’ভিড সংক্ৰমণৰ হাৰ 1.9 শতাংশ ৷

ৰাজধানী এক্সপ্ৰেছৰ আগত পৰি যুৱকৰ মৃত্যু

নগাঁৱৰ কদমতলত ৰে’লৰ আগত পৰি যুৱকৰ মৃত্যু । কেৰেলা যাবলৈ মাকে ধন নিদিয়াৰ বাবেই ৰে’লৰ আগত পৰি যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

চিমলাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মহিলা

বুধবাৰে হিমাচল প্ৰদেশৰ চিমলাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত বিমলা দেৱী নামৰ এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে 6 টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ চিমলাৰ কোটখাই অঞ্চলৰ ফানেল গাঁৱত সংঘটিত এই অগ্নিকাণ্ডৰ পাচতে অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰবীৰ ঠাকুৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই, যদিও তদন্ত অব্যাহত ৰাখিছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

বঙাইগাঁৱৰ গোলাপাৰাত জব্দ কাঠফলা মিল

বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত বন বিভাগৰ গোপন অভিযানত জব্দ এটা কাঠফলা মিল ৷ দীৰ্ঘদিন ধৰি ইয়াকুব আলী আৰু শ্বাহজাহান আলী নামৰ দুই চোৰাং কাঠ বেপাৰীয়ে জব্দ হোৱা কাঠফলা মিলটোত অবৈধভাৱে ব্যৱসায় চলাই আহিছিল ।

চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন

কোকৰাঝাৰ জিলাত ক’ভিড-19 ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাই থকাৰ সময়ছোৱাতে জিলাখনৰ চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ হাস্পতালৰ পৰা বুধবাৰে এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীয়ে পলায়ন কৰে ৷ পলায়ন কৰা ৰোগী গৰাকী আলী হুছেইন (32) বুলি জানিব পৰা গৈছে ৷

সান্ধ্য আইন ভংগ কৰি কাকীত অনুষ্ঠিত বিহুৰ অনুষ্ঠান

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা জাৰি কৰিছে সান্ধ্য আইন ৷ প্ৰতিখন জিলাৰ প্ৰশাসনলৈ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাচতে সৰ্বত্ৰে বলৱৎ হৈছে সান্ধ্য আইন ৷ কিন্তু মঙলবাৰে নিশাই হোজাইৰ কাকীত স্থানীয় ৰাইজে ভংগ কৰিলে সান্ধ্য আইনৰ লগতে ক'ভিড প্ৰট'কল ৷ 3 নং কাকীৰ পাথৰী বৰনামঘৰ শান্তিপুৰত একাংশ লোকে জাক-জমকতাৰে অনুষ্ঠিত কৰিলে বিহুৰ অনুষ্ঠান ৷ মাজ নিশালৈকে উচ্চ প্ৰাবল্যৰে সংগীতানুষ্ঠান অনুষ্ঠিত কৰাত কাকী আৰক্ষী উপস্থিত হৈ দৰ্শকসকলক ছত্ৰভংগ দিয়াৰ লগতে বাদ্যযন্ত্ৰসমূহ জব্দ কৰে ৷ একাংশ অসচেতন লোকে ডেৰাপথাৰতো কালী পূজাৰ সংগতি ৰাখি অনুষ্ঠিত কৰে জুৱা খেল ৷ সান্ধ্য আইন ভংগ কৰি জুৱা খেল অনুষ্ঠিত কৰা জুৱাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়া ৷

মুকালমুৱা প্ৰশাসনৰ ৰাজপথত চাডেন ভিজিট

মুকালমুৱাৰ ৰাজপথত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনা অমান্য কৰা লোকৰ পৰা জৰিমনা আদায় কৰিলে মুকালমুৱা আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.