ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Apr 28, 2021, 11:03 AM IST

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য

বুধবাৰে পুৱাৰ ভাগত ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৱ জোকাৰি যায় তিনিটাকৈ ভিন্ন প্ৰাবল্যৰ ভূমিকম্পই ৷ এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত ছিগনেচাৰ এপাৰ্টমেণ্টত হৈছে বিস্তৰ ক্ষতি ৷ এপাৰ্টমেণ্টটোত পানীৰ টেংকী ভাঙি গৈ এপাৰ্টমেণ্টৰ ভিতৰত পানী সোমাই যায় ৷ যাৰ ফলস্বৰূপে সংকটত পৰিছে এপাৰ্টমেণ্টটোৰ আৱাসীসকল ৷

১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

নগাঁও জিলাৰ ৰহাত সংঘটিত চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডই এতিয়া কপাইছে সমগ্ৰ ৰাজ্য ৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 7 টাকৈ দল-সংগঠনে ৷

পাঠশালাৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক

মঙলবাৰে নিশা প্ৰায় 10.15 বজাত পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবি ৰেষ্টুৰেণ্টৰ সম্মুখত দাওদাওকৈ জ্বলি উঠে এখন মালবাহী ট্ৰাক ৷ এই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷ ইফালে অগ্নিকাণ্ডটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।

ভাইৰেল ভিডিঅ': কেমেৰাৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল যুৱতীক

বাক্সাত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজহুৱা বিচাৰ সভাত কেমেৰা সন্মুখতে একাংশ যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী যুৱতীক ৷

ৰূপহীহাট আৰক্ষীৰ জালত আইপিএলৰ জুৱাৰী

আইপিএলৰ জুৱা খেলাত ব্যস্ত এতিয়া ৰাজ্যৰ একাংশ লোক ৷ মঙলবাৰে ৰূপহীহাট আৰক্ষীৰ গোপন অভিযান ৷ আটক কৰা হ'ল ৩৬ হাজাৰ টকা সহ দুজনকৈ জুৱাৰীক ৷

নিশা 8 বজাৰ লগে লগে বৰাকতো বলৱৎ সান্ধ্য আইন

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে 1 মে'লৈ জাৰি কৰিছে সান্ধ্য আইন ৷ সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ হৈ পৰিল বৰাকৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মঙলবাৰে সন্ধিয়া ৰঙিয়াৰ দক্ষিণ শিঙৰীয়াৰ এটি সন্তানৰ মাতৃ ৰিমা দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ নিজ কোঠাত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে স্বামীৰ পৰিয়াললৈ সন্দেহৰ আঙুলি টোৱাইছে ৰিমাৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ৷

টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

বিজেপিৰ নিৰ্বাচিত সদস্যক কাৰ্যালয় ত্যাগ কৰিবলৈ বাধ্য কৰালে টিপ্ৰাৰ সমৰ্থকে ৷ মুংগিয়াকামি খণ্ড কাৰ্যালয় ঘেৰাও কৰি নিৰ্বাচিত উপাধ্যক্ষ আৰু অধ্যক্ষক বলপূৰ্বকভাৱে ৰাজহুৱাকৈ কাৰ্যালয় এৰিবলৈ হেঁচা প্ৰয়োগ টিপ্ৰাৰ সমৰ্থকৰ ৷

অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান

ভাৰতত দেখা দিয়া অক্সিজেনৰ সৰ্বাধিক নাটনিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ভাৰতলৈ অক্সিজেন যোগান ধৰিবলৈ সন্মতি প্ৰদান কৰিছে । ভাৰত চৰকাৰে বিচাৰিলে দৈনিক ২০০টা অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত থকাৰ কথা প্ৰকাশ কৰিছে ভূটানৰ বৈদেশিক মন্ত্ৰালয়ে ।

ক’ভিডত আক্ৰান্ত মিথুন চক্ৰৱৰ্তী: সদৰী কৰিলে পুত্ৰই

বলীউডৰ প্ৰখ্যাত অভিনেতা মিথুন চক্ৰৱৰ্তী ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বাতৰি ভাইৰেল হোৱাৰ পাচতে সম্প্ৰতি তেওঁ সুস্থ বুলি মন্তব্য কৰে পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.