বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ
বঙালী সকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ তুলি শিলচৰত প্ৰতিবাদ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোকে বঙালী সকলক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ এই অভিযোগত আমৰা বাঙালী, সাৰা বাঙ্গালি ছাত্ৰ সন্থাৰ পতিবাদ সাব্যস্ত ৷ বাঙালী লোকসকলৰ ওপৰত নিৰ্যাতনৰ পাছতো কোনো পদক্ষেপ গ্ৰহন নকৰাক লৈ চৰকাৰৰ ওপৰত ক্ষোভিত প্ৰতিবাদকাৰী সকল ৷
আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে কয় যে, অৰ্ধসামৰিক বাহিনীটোৱে ইয়াৰ 1,600 চাউনীৰ সহায়ত আগন্তুক 100 দিত দেশৰ 12 কোটি জনতাৰ সৈতে কোভিড-19 সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সজাগতা নীতিৰ অধীনত এই কাৰ্যসূচী হাতত লৈছে বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৱে ৷
আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে
আমেৰিকাৰ General Atomics নামৰ সংস্থাৰ পৰা ভাৰতে ক্ৰয় কৰাৰ কথা আছিল 30 খনকৈ সশস্ত্ৰ ড্ৰোণ ৷ অৱশ্যে প্ৰায় 3 বিলিয়ন আমেৰিকান ডলাৰৰ এই চুক্তি সন্দৰ্ভত এতিয়াও প্ৰতিৰক্ষা মন্ত্ৰালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷
দিল্লীৰ পৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বিমানতে সন্তান জন্ম দিলে এগৰাকী মহিলাই। পাইলটসহ বিমানৰ কৰ্মচাৰীৰ সৈতে কণমানিটোৰ ফটো ছ'ছিয়েল মিডিয়াত হৈছে ভাইৰেল।
17 অক্টোবৰৰ পৰা চলিব টেজাচ এক্সপ্ৰেছ
প্ৰায় সাতমাহৰ বিৰতিৰ অন্তত ভাৰতীয় ৰে'লে দেশৰ এখন অন্যতম দ্ৰুতবেগী ৰে'লৰ চলাচল আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডে পৰিচালনা কৰা দ্ৰুতবেগী টেজাচ এক্সপ্ৰেছৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগে ৷
প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং
ভাৰত হৈছে এছিয়াৰ এখন অন্যতম প্ৰতিৰক্ষা উদ্যোগিক চালিকা-তন্ত্ৰ আৰু আমি ইয়াক অধিক শক্তিশালী কৰিবলৈ গৈ আছো ৷ 2021ৰ 7-13 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া 13সংখ্যক এৰ' ইণ্ডিয়া শ্ব'ৰ এৰ' ইণ্ডিয়া কনফাৰেন্সত এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
গোগামুখত আবকাৰী বিভাগে নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ সুৰা
ৰাজ্যত দিনক দিনে অবৈধ নিচা জাতীয় সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই অবৈধ সুৰাৰ লগতে নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷
ৰাজ্যত চলিত বৰ্ষতে ৰাজ্যখনত চাৰিটাকৈ বানে বিধ্বস্ত কৰা সময়তে পুনৰ আকৌ পঞ্চমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ পাঁচশটা পৰিয়াল বানৰ কবলত পৰাৰ তথ্য পোৱা গৈছে ৷
বড়ো কছাৰী স্বায়ত্ব-শাসিত পৰিষদ ঘোষণাৰ পিছতেই জোনাইত আনন্দৰ বন্যা
অসম চৰকাৰৰ কেবিনেটত বড়ো কছাৰী স্বায়ত্ব-শাসিত পৰিষদ বিধেয়ক অনুমোদনক লৈ জোনাই -চিমেন চাপৰিত আবতৰীয়া দিপাৱলী ৷
হাথৰছ কাণ্ডৰ মৃত যুৱতীলৈ শ্ৰদ্ধাঞ্জলি
পাথাৰকান্দি ব্লক কংগ্ৰেছ আৰু লোৱাইৰপোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত চুঙা চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা যুৱতী গৰাকীলৈ ৷