শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ
টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ অসমত মাওবাদীৰ বাবে এক ডাঙৰ বিফলতা বুলি গণ্য কৰা হৈছে । ওৰাঙৰ আত্মসমৰ্পণৰ পাছত সংগঠনটো এক প্ৰকাৰৰ নেতাহীন হৈ পৰিব ৷
কাৰাগাৰৰ ভিতৰতো চলে ধনৰ লেন-দেন !
উৎকোচ লৈ একাংশ কয়দীক ভুৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি জামিন দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ এজন কাৰাগাৰৰ স্বাস্থ্য কৰ্মী ৷ শেহতীয়াকৈ কাৰাৰুদ্ধ ড্ৰাগছ সৰবৰাহকাৰীক সহায় কৰি ফাৰ্মাচিষ্টজনে 20 হাজাৰ টকা বিচৰাৰ তথ্য পোহৰলৈ আহিছে ৷
গৰুখুঁটি কাণ্ড সন্দৰ্ভত দুই সাংসদৰ প্ৰতিক্ৰিয়া
শেহতীয়া গৰুখুঁটি কাণ্ড(Gorukhuti Incident) সন্দৰ্ভত নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ নৱ শৰণীয়া(Naba Sarania) আৰু সাংসদ আব্দুল খালেক(Abdul Khalek)য়ে ৷
চিৰাঙত বড়ো সাহিত্য সভাৰ উদ্যোগত শ্বহীদ দিৱস পালন
১৯৭৪ চনৰ আজিৰ এই দিনটোতে অৰ্থাৎ ২৮ ছেপ্টেম্বৰত বড়ো সাহিত্য সভাৰ ৰোমান লিপিৰ আন্দোলনত প্ৰথমবাৰৰ বাবে বৰপেটাত আৰক্ষীৰ গুলীত দুগৰাকীকৈ বড়ো জনগোষ্ঠীয় লোকৰ মৃত্যু হৈছিল ।
বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ !
৩০ সদস্যৰে গঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ । ইয়াৰে ২৮ গৰাকী আছিল বিজেপিৰ আনহাতে ২ গৰাকী কংগ্ৰেছৰ । কিন্তু মঙলবাৰে বিজেপিলৈ গমন আন এগৰাকী কংগ্ৰেছ সদস্যৰ । লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত ।
গোলাঘাটত মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ
বুধবাৰে গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । নিজে মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ । ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে এজন ASRF জোৱানজনে ।
World Heart Day 2021 : ইতিহাস, তাৎপৰ্য সম্পৰ্কে কিছু কথা...
আজি ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’(World Heart Day) ৷ চলিত বৰ্ষৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Use Heart Connect’ ৷ অৰ্থাৎ, ক’ভিড(Covid) মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়া ৷
নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ
পঞ্জাৱ কংগ্ৰেছৰ ভিতৰচ’ৰাত সমস্যা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও সিদ্ধু আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত চলি আছিল সংঘৰ্ষ, যাৰ ফলশ্ৰুতিতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে ৷ কিন্তু শেহতীয়াকৈ পঞ্জাৱৰ ৰাজনীতিত ঘটিল আন এক পট পৰিৱৰ্তন ৷ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ নৱজোৎ সিং সিদ্ধুৰ ৷
আফগানিস্তানৰ ভূমিত আমেৰিকাই ৰাখিব 2,500 সেনা
সূত্ৰ অনুসৰি আফগানিস্তানৰ ভূমিত 2,500 মাৰ্কিন সেনা ৰাখিবলৈ ৰাষ্ট্ৰপতি জ’ বাইডেনক পৰামৰ্শ দিছে মাৰ্কিন সেনাৰ শীৰ্ষ বিষয়াই ৷
বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনা দলক নেতৃত্ব দিব মেছিয়ে
দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰৰ পৰৱৰ্তী ট্ৰিপল হেডাৰৰ বাবে আৰ্জেণ্টিনাৰ ফুটবল দলক নেতৃত্ব দিব লিঅ'নেল মেছিয়ে । সোমবাৰে আৰ্জেণ্টিনা ফুটবল এছ'চিয়েছনে এই কথা প্ৰকাশ কৰে ।