প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ
বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ এনআৰচি(NRC)ৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ (Prateek Hajela) বিৰুদ্ধে। দেশদ্রোহী শক্তিৰে মিতিৰালিৰে বিদেশীক ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এ পি ডব্লিউ (APW)ৰ সভাপতি অভিজিৎ শৰ্মাই ।
কলগাছিয়াত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ
কলগাছিয়াৰ লাংলাত পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ এজাক বৰষুণতেই একাঠু বোকাJ সৃষ্টি হোৱাত যাতায়াতৰ বাবে জলা কলা খাবলগীয়া হৈছে পথাচাৰীয়ে ৷ বছৰ বছৰ ধৰি পথটো মেৰামতি নকৰাত চৰকাৰ তথা জন-প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।
নগাঁৱত পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ
মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তৃদীপ কুম্বাংৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ইছমাইল আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা বহু লক্ষাধিক টকাৰ সামগ্ৰী উদ্ধাৰ কৰে ৷
ৰাজ্যত অব্যাহত ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান
ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ক'ভিড ভেকচিন (covid vaccination) প্ৰদানৰ কাৰ্যসূচী ৷ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী লোকে ল'লে ক'ভিড প্ৰতিষেধক। দ্বিতীয়া দিনা ভেকচিন ল'লে প্ৰায় আঢ়ৈ লাখ লোকে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫২,৭২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ২,৮৬৯ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে।
দিল্লীত ধৰ্ষণৰ অভিযোগত দুজন আৰক্ষীক গ্ৰেপ্তাৰ
দক্ষিণ পশ্চিম দিল্লীত দুগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত দুজনকৈ আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ধৃত আৰক্ষী দুজন দিল্লী কেণ্টেইনমেণ্ট অঞ্চলত কৰ্মৰত আছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।
কলগাছিয়াত অব্যাহত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া
কলগাছিয়া (Kalgasia)ৰ কাউৰজাহী-বলাইপথাৰত অব্যাহত আছে বেকী নৈ (Beki River) ৰ বিধ্বংসী গৰাখহনীয়া (Erosion) ৷ ইতিমধ্যে নৈ খনৰ খহনীয়াত বহু লোকে ঘৰ,মাটি-ভেটি হেৰুৱাই মঠাউৰিৰ ওপৰতে দুৰ্বিস জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷
ধুবুৰীত জৰাজীৰ্ণ আৰক্ষী চকী পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ
অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে অসম পশ্চিমবংগ আৰু অসম বাংলাদেশ সীমান্তত স্থাপন কৰা হয় কেইবাখনো আৰক্ষী নিৰীক্ষণ চকী । উল্লেখযোগ্য যে, আৰক্ষী চকী স্থাপন কৰা হ'ল ঠিকেই কিন্তু দিয়া নহ’ল পৰ্যাপ্ত আৰক্ষীৰ নিযুক্তি । উক্ত আৰক্ষী চকীসমূহ আৰম্ভণিৰ পৰাই এজন বা দুজন আৰক্ষীয়ে চলাই আহিছে যদিও কেতিয়াবা এজনো আৰক্ষী নাথাকে আৰক্ষী চকী সমূহত ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলক লৈ শিক্ষকৰ প্ৰতিক্ৰিয়া
ৰাজ্যত কৰ'ণা সংকট, বাতিল দুটাকৈ চুড়ান্ত পৰীক্ষা ৷ কলিয়াবৰত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষকৰ ৷ পৰীক্ষা বাতিলৰ সিদ্ধান্ত আৰু মূল্যয়ন পদ্ধতিয়ে আশাহত কৰিছে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলক ৷
মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই
মঙলবাৰে মাজুলীত উপস্থিত হয় বিদ্যুৎ বিভাগৰ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ৷ মাজুলীৰ কেইবাটাও ক’ভিড ভেকচিন প্ৰদান চেন্টাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ ক'ৰণা মহামাৰীৰ পৰিস্থিতি আৰু ভয়াভৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই ।
শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ
তিনিচুকীয়া জিলাৰ ধলা টাউনৰ কাষতে লাগি থকা বান্ধৰ মাজৰ কিছু অংশ একেবাৰে শোচনীয় হৈ পৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বান্ধটো নিৰ্মাণ কৰা আজি প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিকোপতি বান্ধটো মেৰামতি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জলসম্পদ বিভাগে ৷