ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Apr 17, 2021, 1:00 PM IST

top 10 at 1 pm
1 বজাৰ দহটা শীৰ্ষ বাতৰি

হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কিহৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ ?

বৰঝাৰ বিমান বন্দৰৰ সমীপৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক । জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, শ্বেৰমান আলীকে ধৰি কংগ্ৰেছৰ কেইজনো শীৰ্ষ নেতৃত্ব এই বৈঠকত উপস্থিত আছে ৷ এই বৈঠকৰ প্ৰাক মূহুৰ্তত সাংবাদিকক সম্বোধন কৰি হৰ্ছট্ৰেডিং এক ভুৱা প্ৰচাৰ বুলি মন্তব্য প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে ৷

ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ

ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকলৰ গছ । শুকুৰবাৰে বিয়লি ধুমুহা বৰষুণৰ এক আতংকময় পৰিবেশৰ মাজতেই মধুকুছি অঞ্চলত ঘটে এই অঘটন ।

কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকিভাৱে ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলি থকা কুম্ভ মেলাৰ মাজতে দেশজুৰি কৰ’ণা ভাইৰাছে পুনৰ গা-কৰি উঠিছে ৷ হৰিদ্বাৰত অপ্ৰতিৰোধ্য কৰ’ণাৰ সংক্ৰমণক লৈ এইবাৰ কুম্ভ মেলা প্ৰতীকাত্মক ৰাখিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

পশ্চিমবংগ নিৰ্বাচন : পুৱা 11 বজালৈ 36.02% ভোটদান সম্পন্ন

পশ্চিমবংগৰ বাৰানগৰত বিজেপি প্ৰাৰ্থী পৰ্নো মিত্ৰক ভোটকেন্দ্ৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইপিনে কামাৰহাটিৰ ১০৭ নং বুঠত বিজেপি কৰ্মীৰ মৃত্যু হয় ৷

প্ৰচণ্ড ধুমুহাত কথমপি প্ৰাণ ৰক্ষা এজন চালকৰ

কলিয়াবৰত এজাক প্ৰচণ্ড ধুমুহাৰ ফলত আমবাগানৰ শিৱ মন্দিৰৰ ওচৰত থকা এজোপা প্ৰকাণ্ড আঁহত গছৰ ডাল এখন বলেৰ' পিক-আপ বাহনৰ ওপৰত ভাঙি পৰে ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বাহন খনৰ ওপৰৰ পৰা গছৰ ডাল আঁতৰাই চালক জনৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা

যি সময়ত হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত ৰাজস্থানৰ জয়পুৰৰ তাৰকাযুক্ত হোটেলত নি কংগ্ৰেছে লুকুৱাই ৰখা এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ৷ সেই সময়তে কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা চলিছে বিদায় ল’বলৈ ওলোৱা চৰকাৰখনৰ তিনি বি পি এফ মন্ত্ৰীৰ মাজৰ পৰা কোন যাব বিজেপিলৈ ?

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ৷ শুকুৰবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি ডাম্পাৰ জব্দ

শুকুবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি ডাম্পাৰ ৷ আৰক্ষীয়ে ডাম্পাৰ সহ চালক গৰাকীকো আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা কয়লা ভৰ্তি ডাম্পাৰ খনৰ নম্বৰ হৈছে এ এচ ০৬ ৭৯৮৫ ৷

ফেছবুক পোষ্টৰ পাছতেই ন্যায়ালয়ত আত্মসমৰ্পন ডি ৱাই এফ আই নেতাৰ

কেৰালাত নিৰ্বাচনৰ দিনা মুকলি ভোট সম্পৰ্কীয় এটা বিবাদত মনচুৰ নামৰ এজন মুছলিম লীগৰ কৰ্মীক আক্ৰমণ কৰা হৈছিল । আক্ৰমণকাৰীসকলে মনচুৰৰ ঘৰৰ সন্মুখত এটা বোমা নিক্ষেপ কৰিছিল ।

ফুটবল অলিম্পিয়ান আহমেদ হুছেইনৰ ৮৯ বছৰ বয়সত মৃত্যু

আহমেদ হুছেইনে ১৯৫৬ চনৰ ৭ ডিচেম্বৰত বুলগেৰিয়াৰ বিৰুদ্ধে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰে ৷ তেওঁ ১৯৬০ চনত ঢাকাত আগা খান গ’ল্ড কাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা দলৰ সদস্য আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.