ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 21, 2020, 1:05 PM IST

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

সদনৰ পৰা সাত দিনলৈ নিলম্বন ৰিপুন বৰাকে ধৰি অন্য 7 জন সাংসদ ৷ সদনত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত নিলম্বন 8 সাংসদ ৷ দেওবাৰে কৃষি বিধেয়কক লৈ সদনত সৃষ্টি কৰা উত্তপ্ত পৰিৱেশৰ বাবে নিলম্বন ৷ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য আখ্যা সংসদৰ অধ্যক্ষ এম ভেঙ্কাইয়া নাইডুৰ ৷

হোজাইৰ কাকীত কাঠফলা মিল উৎখাত বন বিভাগৰ

হোজাইৰ কাকীত বন বিভাগৰ তৎপৰতাত উৎখাত কাঠফলা মিল ৷ মিলটোৰ পৰা আনুমানিক ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ কাঠৰ কুণ্ডা জব্দ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷

টীয়কত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বিদ্যালয়ত ওলোমালে তলা

দীৰ্ঘদিনৰ অন্তত ৰাজ্যত সোমবাৰৰ পৰা খোল খাইছে বিদ্যালয়সমূহ ৷ কিন্তু টীয়কৰ এখন বিদ্যালয়ত চৰকাৰৰ নিৰ্দেশ জাৰিৰ পিছতো বন্ধ থাকিল এখন বিদ্যালয় ৷ এক বিশেষ কাৰণত ক্ষুব্ধ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত ওলোমাই তলা ৷ এই ঘটনা সংঘটিত হৈছে টীয়কৰ নামচিচু উচ্চ মাধ্যমিক বিদ্যালয়ত ৷

জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ

নিশা জালুকবাৰীত আৰক্ষীৰ তালাচী ৷ তালাচীৰ সময়ছোৱাতে আৰক্ষীয়ে সন্দেহজনকভাৱে ৰখিবলৈ নিৰ্দেশ দিয়া বাহনৰ পয়ালন ৷ তালাচী চকীৰ বেৰিকেড ভাঙি তীব্ৰ বেগেৰে পলায়ন কৰে বাহনখনে ৷

সুশান্তৰ মৃত্যুৰ তদন্ত: বৈঠকত মিলিত হ’ব চিবিআই আৰু এইমছ মেডিকেল ব’ৰ্ড

মঙলবাৰে সুশান্তৰ মৃত্যুৰ তদন্তত এতিয়ালৈকে লাভ কৰা তথ্য সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব চিবিআই আৰু এইমছৰ মেডিকেল ব’ৰ্ড ৷ ইয়াৰোপৰি, আগন্তুক কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিব দুয়োটা দলে ৷

অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 36.8 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত 37.6, তেজপুৰত 37.3, শিলচৰত 36.8, ধুবুৰীত 32.9, যোৰহাটত 36.2 আৰু উত্তৰ লখিমপুৰত 37.6 ডিগ্ৰী চেলচিয়াছ ।

গাভৰু নৈৰ খহনীয়াত ৰঙাপৰাত বিস্তৰ ক্ষতিসাধন

গাভৰু নদীৰ ব্যাপক গৰাখহনীয়াত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিছাকে ধৰি আন একাংশ স্থানত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে ৷

ৰঙাপৰাত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

ৰাইজৰ অভিযোগ পথচোৱা নিৰ্মাণ অথবা মেৰামতিৰ নামত গড়কাপ্তানী বিভাগটোৱে অঞ্চলবাসী ৰাইজক দুবাৰকৈ চৰম প্ৰতাৰণা কৰিছে ৷

খহনীয়া প্ৰতিৰোধৰ দাবীৰে বাঘবৰবাসীৰ প্ৰতিবাদ

বিগত চাৰি মাহ ধৰি বেকী, ব্ৰহ্মপুত্ৰ আৰু মানাহ নদীৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে বাঘবৰ সমষ্টিৰ কেতবোৰ অঞ্চলত ৷ তাৰ পাচতো স্থানীয় জনপ্ৰতিনিধিৰ তৎপৰতাহীনতাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ যাৰ বাবে সোমবাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতাৰ কথা উদঙাই দিয়া বুলি প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.