ETV Bharat / state

কৰ’ণাতংকৰ মাজতে ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা - লক্ষ্মী পূজা

আজি লক্ষ্মী পূজা ৷ প্ৰশাসনে বান্ধি দিয়া ক’ভিড প্ৰট’কল মানি ৰাজ্য়জুৰি পালন কৰা হ’ব লক্ষ্মী পূজা ৷

Lakshmi Puja
ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা
author img

By

Published : Oct 30, 2020, 9:44 AM IST

নিউজ ডেস্ক,30 অক্টোবৰ : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । কৰ’ণাতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিব ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা ৷ মহালক্ষ্মী দেৱীৰ আৰাধনাৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ ৷

পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে যদিও ক’ভিডৰ সাৱধানতা অৱলম্বন কৰি দেৱী বন্দনাৰে আধ্যাত্মিক পৰিৱেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত ৷ লক্ষ্মীৰ পূজা-অৰ্চনাৰ বাবে ৰাজ্যৰ বিভিন্ন বজাৰ শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ বিভিন্ন মূৰ্তি, চাকি, গেঁৰ ধৰা ধানৰ ঠোক আদিৰে ভৰি পৰিছে ৷ কিন্তু এইবাৰ বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ ৷ প্ৰায় সেমেকা হৈ ৰৈছে বজাৰসমূহ । গ্ৰাহকৰ অপেক্ষাত এতিয়া মূৰে-কপালে হাত দিছে ব্যৱসায়ীসকলে ৷

ইয়াৰোৰি দুই-এটা মূৰ্তি বিক্ৰী কৰিয়ে সন্তুষ্ট হ’বলগীয়া হৈছে বিক্ৰেতাসকল । পূজাৰ সামগ্ৰী বিক্ৰী কৰা বিপণীসমূহতো একেই মন্দাৱস্থা পৰিলক্ষিত হৈছে । পূজাৰ প্ৰাকক্ষণত পূৰ্বৰ দৰে সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি হোৱা নাই যদিও কৰ’ণাৰ ভয়াৱহতাৰ বাবে গ্ৰাহকৰ উপস্থিতি সেৰেঙা হোৱা দেখা গৈছে ৷

ইটিভি ভাৰতৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ শ্ৰীশ্ৰী লক্ষ্মী দেৱী পূজাৰ শুভেচ্ছা ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.