গুৱাহাটী, ৩ মে': অসমৰ ১১ টা দলৰ প্ৰস্তাৱিত বিৰোধী ঐক্য সন্দৰ্ভত অশালীন মন্তব্য প্ৰদান কৰা এইআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal controversial comments on oppositions) সমালোচনাত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা (Assam TMC criticized Badaruddin Ajmal) ।
বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত শৰ্মাই বিজেপিয়ে এআইইউডিএফৰ অক্সিজেন লৈ জীয়াই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে (AIUDF chief Badaruddin Ajmal) । আজমলৰ বিৰুদ্ধে অজস্ৰ গোচৰ ৰুজু হৈ থকাৰ পাচতো বিজেপি চৰকাৰে কোনো ব্যৱস্থা নোলোৱাকৈ নীৰৱ হৈ থকাটোৱে দল দুটাৰ মাজত গোপন সম্পৰ্ক থকাৰ কথা উদঙাই দিছে (TMC slams Badaruddin Ajmal) ।
সংবাদমেলত শৰ্মাই কয়, "এআইইউডিএফ প্ৰধান আজমলৰ বিৰুদ্ধে অসমৰ আৰক্ষী থানাসমূহত শতাধিক গোচৰ ৰুজু হৈ থকাৰ পাচতো অসমৰ বিজেপি চৰকাৰে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাটোৱেই প্ৰমাণ কৰিছে বিজেপিৰ সৈতে আজমলৰ মধুৰ সম্পৰ্কৰ কথা ৷’’ তেওঁ কয় যে, ২০২২ চনৰ ডিচেম্বৰ মাহত আজমলে অসমৰ মুছলমান মহিলা আৰু হিন্দু যুৱকক উদ্দেশ্যি অশালীন মন্তব্য কৰাৰ পাচতো ৰাজ্যজুৰি প্ৰায় সকলো ৰাজনৈতিক দলে আজমলৰ বিৰুদ্ধে শতাধিক গোচৰ ৰুজু কৰাৰ পাচতো আজিলৈকে কোনো পদক্ষেপ লোৱা নাই বিজেপি চৰকাৰে ।
আনহাতে, ২০২০ চনৰ নৱেম্বৰত আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । সেইদৰে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ সভাত 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিয়া বুলি শিলচৰ থানাত গোচৰ ৰুজু হ'ল । বিজেপিয়ে বিষয়টোক ৰাজনৈতিক মুনাফা লাভৰ বাবে ব্যৱহাৰ কৰিলে । কিন্তু নিৰ্বাচন যোৱাৰ পাচতো নীৰৱ হৈ থাকিল বিজেপি ।
দিলীপ শৰ্মাই কয় যে, অসমীয়া গামোচাক অপমান কৰাৰ সন্দৰ্ভতো ২০২১-ৰ এপ্ৰিলত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ঐতিহ্য সুৰক্ষা সমিতিয়ে তেজপুৰ থানাত গোচৰ ৰুজু কৰিছিল । সেই ক্ষেত্ৰতো কোনো পদক্ষেপ লোৱা দেখা নগ'ল । স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজমলৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাৰ পৰা জেহাদী কাৰ্যকলাপ চলে বুলি অভিযোগ উত্থাপন কৰাৰ পাচতো কোনো ব্যৱস্থা নল'লে । এই কথাবিলাকে প্ৰমাণ কৰিছে যে, এআইইউডিএফৰ সৈতে বিজেপিৰ সুসম্পৰ্কৰ বাবে কোনো ব্যৱস্থা লোৱা নাই ।
আনহাতে, আজমলে বিৰোধী ঐক্যত থকা দলসমূহক হিজৰা আখ্যা দিয়াটোক অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই তীব্ৰ গৰিহণা দিয়ে ৷ আৰু অশালীন আৰু অবাঞ্চিত বক্তব্যৰে ৰাজনৈতিক জগতখন কলুষিত কৰা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও অসম চৰকাৰক দাবী জনায় ।
লগতে পঢ়ক: Bhupen Bora on BJP Senior leaders: বিজেপিৰ ৮০ শতাংশ লোক মুখ্যমন্ত্রীৰ লগত নাই; ভূপেন বৰা