গুৱাহাটী, ৬ মে': কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল যুৱ কংগ্ৰেছ (Allegation of Scam in KKHSOU)। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ সন্দৰ্ভত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰিছে তৃণমূল যুৱ কংগ্ৰেছে (TYC demand probe of Scam in KKHSOU)। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত যোৱা এক প্ৰতিনিধি দলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কিছু অনিয়মৰ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি শুকুৰবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে (ATYC memorandum to Assam Governor)।
এই স্মাৰক পত্ৰখনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ বিৰুদ্ধে বয়স ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছে । আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীত নাম সাঙোৰ খাই পৰা মৃদুল হাজৰিকা উক্ত বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ কেনেদৰে সদস্য হিচাপে আজিও কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সক্ষম হৈছে বুলি স্মাৰক পত্ৰৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি তৃণমূল যুৱ কংগ্ৰেছে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে ।
উক্ত স্মাৰক পত্ৰখন প্ৰদান কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই অভিযোগ কৰি কয় যে এই সমগ্ৰ অনিয়মৰ আঁৰত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আশীৰ্বাদ আছে । তেওঁ কয় যে, এইদৰে একাংশ মুখা পিন্ধা শিক্ষাবিদে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটোক পংগু কৰিব বিচাৰিছে । তেওঁ দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায় । লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুকম্পামূলক নিযুক্তিপ্ৰাপ্তৰ চাকৰি দীৰ্ঘদিনৰ পৰা নিয়মীয়াকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰি সভাপতি বন্দীপ দত্তই বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় ।
নিজকে দক্ষ বুলি পৰিচয় দিয়া মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থকাৰ পৰাই এই অনিয়ম সমূহ কেনেদৰে চলি থাকিবলৈ পাৰিলে বুলি কটাক্ষ কৰে বন্দীপ দত্তই । ৰাজ্যপাল কাটাৰিয়াই বিষয়সমূহ পৰ্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলি তেওঁ সদৰি কৰে ।
লগতে পঢ়ক:Child abuse by Doctor Couple: ৫ বছৰীয়া তোলনীয়া কন্যাক অমানবীয় নিৰ্যাতন চলাই আটক চিকিৎসক দম্পতী