গুৱাহাটী, ১০ এপ্ৰিল : সোমবাৰে অসম তৃণমূল কংগ্ৰেছে জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত প্ৰিপেইড মিটাৰৰ বিসংগতি সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেল । এই সংবাদমেলখন সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সম্পাদক অভিজিৎ মজুমদাৰে (TMC comment on APDCL smart prepaid meters) ।
সংবাদ মাধ্যমৰ আগত সম্পাদকগৰাকীয়ে কয়, ‘‘মই বিদ্যুৎ বিভাগৰ প্ৰাক্তন সঞ্চালক আছিলো । প্ৰিপেড মিটাৰৰ বিসংগতি মই ভালকৈ জানো । ১ টকাকৈ বৃদ্ধি হ’লে ৫০ কোটি টকা লাভ হয় বিদ্যুৎ বিভাগৰ । প্ৰিপেইড মিটাৰ সংযোগ কৰাৰ পূৰ্বে জন সজাগতা সৃষ্টি কৰিব লাগিছিল । সাধাৰণ ৰাইজ প্ৰিপেইড মিটাৰৰ বিষয়ে অভিজ্ঞ নহয় । ইয়াৰ বাবে জগৰীয়া কোন উচিত তদন্ত হ’ব লাগে । ৰাজ্যত প্ৰিপেইড আৰু প'ষ্টপেইড দুয়োটাই সুবিধা থাকিব লাগে’’ ।
এই সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা বন্দিপ দত্তই কয়, ‘‘বিদ্যুৎ বিভাগৰ বিল পৰিশোধ কৰা এপটো বিসংগতিপূৰ্ণ । ক’ত আৰু কেতিয়া কিমান টকা কাটে সেই সন্দৰ্ভত একো তথ্যই চাব নোৱাৰি । এপটোত অকল পইচা কটাটোহে দেখুৱাই । বিদ্যুৎ মন্ত্ৰীগৰাকীয়ে ইয়াৰ ওপৰত মন্তব্য প্ৰকাশ কৰিব লাগে । এই বিষয়ত সাংবাদিকে প্ৰশ্ন শুধিলে অসমীয়া নাজানো বুলি কয় । এইবাৰ নাজানো বুলি ফালৰি কাটিলে নহ’ব । নহ’লে আমি সকলো বিল লৈ মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হ’ম । তেতিয়া তেওঁ জবাব দিব লাগিব’’ ৷
উল্লেখ্য যে, চৰকাৰে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ নামত লুণ্ঠনৰাজ চলোৱা বুলি সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চর্চা চলি আছে ৷ এনে সময়তে স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছেও কিছু প্ৰশ্ন উত্তাপন কৰে ৷ ইফালে APDCL ৰ স্মার্ট প্ৰিপেইড মিটাৰৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত APDCL য়ে স্পষ্টীকৰণ প্ৰকাশ কৰিছে (APDCL Clarification on Increased Household Electricity Bill) ৷ লগতে APDCL য়ে মুকলি কৰিছে হেল্পলাইন নম্বৰো ৷
APDCL য়ে উল্লেখ কৰা অনুসৰি, ১৯১২ নম্বৰত গ্ৰাহকে যোগাযোগ কৰি নিজৰ প্ৰশ্নৰ উত্তৰ জানিব পাৰিব ৷ লগতে গ্ৰাহকে নিজৰ প্ৰশ্ন www.apdcl.org বা myBijulee APP ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব ৷ ফেচবুক আৰু টুইটাৰত @apdclsocial ত টেগিঙৰ জৰিয়তেও উত্থাপন কৰিব পাৰিব ৷ মেইল কৰিব পাৰিব support@apdcl.org ত (APDCL clarifies smart prepaid meters) ৷
লগতে পঢ়ক : Advanced Hotels booking in Guwahati : ৰঙালী বিহুৰ কেইদিনত গুৱাহাটীলৈ আহিলে নাপাব পাৰে হোটেলৰ কোঠা !