গুৱাহাটী, ৬ জুন: ‘‘গছৰ তলত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । বিচনীৰে বিচি বিচি গছৰ তলত বহি আছে বিশ্বজিৎ দৈমাৰী ।’’ পিচে মুখেৰে গছৰ তলত বহাৰ কথা ক’লেও বিধানসভাৰ অধ্যক্ষগৰাকীয়ে তেনেকুৱা কৰিব জানো (Assam assembly speaker Biswajit Daimary) ! শীত-তাপ নিয়ন্ত্ৰিত কোঠা কিম্বা ইফালে-সিফালে যাবলৈ শীত-তাপ নিয়ন্ত্ৰিত বিলাসী বাহন থকাৰ পাচত গছৰ তলত বহাৰ কথাই নাহে, তেন্তে বিশ্বজিৎ দৈমাৰীৰ ৰূপত এয়া কোন ?
প্ৰকৃততে এয়া হৈছে এক প্ৰতিবাদৰ দৃশ্য । বিশ্বজিৎ দৈমাৰীৰ মুখা পিন্ধি প্ৰতিবাদত নামিল তৃণমূল কংগ্ৰেছ কৰ্মী । বিদ্যুৎ মাচুল বৃদ্ধিৰ লগতে বিশ্বজিৎ দৈমাৰীৰ তুলুঙা মন্তব্যৰ বিৰোধিতাৰে গুৱাহাটীৰ জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত দলটোৰ সদস্যসকলে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ (TMC Assam protest against Assam assembly speaker) ।
লগতে পঢ়ক: Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ
বিশ্বজিৎ দৈমাৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ তিনি শতাধিক কৰ্মীয়ে । প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি সভাপতি ৰিপুন বৰাই কয় যে, যদিহে সাধাৰণ জনতা গছৰ তলত বহিব লাগে তেনেহ’লে বিধানসভাৰ অধিবেশনো গছৰ তলত পাতিব লাগে । লগতে বিশ্বজিৎ দৈমাৰীক নিজৰ পৰিয়ালৰ লোকক গছৰ তললৈ আনিবলৈ আহ্বান জনাই ৰিপুন বৰাই (Biswajit Daimary comments on electricity tariff) ।
উল্লেখযোগ্য যে, দুদিন পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ বিল কমাবলৈ ঘৰত ফেন নচলাই হ’লে গছৰ তলত বহিবলৈ উপদেশ দিছিল । তাৰ পাচতেই সামাজিক মাধ্যমত ব্যাপক ৰূপত সমালোচিত হৈছিল দৈমাৰী ৷ বহুতেই গছৰ তলত ফটো উঠি ফেচবুকত আপলোড কৰিও বিশ্বজিৎ দৈমাৰীক কটাক্ষ কৰা দেখা গৈছে (Ripun Bora slams Biswajit Daimary) ৷
লগতে পঢ়ক: Comments on Price Hike: মূল্যবৃ্দ্ধি সন্দৰ্ভত ভৱেশ কলিতাৰ আজৱ যুক্তি; ৰাইজে কৰিছে হাহাকাৰ
ইফালে বিশ্বজিৎ দৈমাৰীয়ে কৰা আজব মন্তব্যৰ এদিনৰ পাচতে সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই মূল্যবৃদ্ধি সন্দৰ্ভত আন এক উদ্ভট মন্তব্য কৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুন বৰাই কয়, ‘‘ভৱেশ কলিতাই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা শিক্ষা লোৱা উচিত । ভৱেশ কলিতাই অৰ্থনীতি আৰু ৰাজনীতি বুজি লওক । তেখেতলৈ মোৰ পুতৌ উপজিছে । মূল্যবৃদ্ধি হোৱা বাবে ৰাইজক কমকৈ খাবলৈ কৈছে । জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব নাই নেকি ? ছালে-বেৰে কোবোৱা কথা কৈ মূল বিষয়ৰ পৰা আঁতৰি থকাটো বিজেপিৰ সংস্কৃতি (Bhabesh Kalita comments on peice hike)।’’